Morning News: জম্মু-কাশ্মীৰৰ বিস্ফোৰণৰ পৰা IPLৰ খেলুৱৈ ৰিটেনচনলৈ, পলকতে চাওক পুৱাৰ মুখ্য খবৰ
জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ নৌগাম থানাৰ চৌহদত যোৱা নিশা এক ভয়ানক বিস্ফোৰণ সংঘটিত হয়। ফৰিদাবাদত জব্দ কৰা বিস্ফোৰক সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰি থকা অৱস্থাত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। বিস্ফোৰণত ৬ জন আৰক্ষী নিহত হোৱাৰ বিপৰীতে ২৭ জন আহত হয়।
পুৱাৰ মুখ্য খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- জম্মু–কাশ্মীৰৰ শ্ৰীনগৰৰ নৌগাম থানাৰ চৌহদত যোৱা নিশা এক ভয়ানক বিস্ফোৰণ সংঘটিত হয়। ফৰিদাবাদত জব্দ কৰা বিস্ফোৰক সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰি থকা অৱস্থাত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। বিস্ফোৰণত ৬ জন আৰক্ষী নিহত হোৱাৰ বিপৰীতে ২৭ জন আহত হয়।
- বিহাৰ বিধানসভা নিৰ্বাচনত বৃহৎ বিজয় সাব্যস্ত কৰিছে NDA-ই। পুনৰবাৰ বিহাৰৰ ক্ষমতা দখললৈ অনা NDA-ই অপ্ৰতিৰোধ্য গতিৰে ২০২খন আসন লাভ কৰাৰ বিপৰীতে বিৰোধীৰ মহাগঠবন্ধনে মাত্ৰ ৩৫খন আসনতে থমকি ৰ’বলৈ বাধ্য হয়।
- ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ৰাজ্যত অব্যাহত আছে আন্দোলনমুখৰ পৰিৱেশ। জনজাতিৰ মৰ্যাদাৰ লগতে স্বায়ত্ত্ব শাসন প্ৰদান আৰু ভূমি অধিকাৰৰ দাবীত শুকুৰবাৰে নিশা টাই আহোম জনগোষ্ঠীৰ হাজাৰ হাজাৰ আহোম জনগোষ্ঠীৰ লোকে তিনিচুকীয়াত বিশাল প্ৰতিবাদ সাব্যস্ত কৰে।
- দিল্লী বিস্ফোৰণ সন্দৰ্ভত বিতৰ্কিত পোষ্ট দিয়াৰ অভিযোগত অসম আৰক্ষীয়ে পুনৰ এজনক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোকজনৰ নাম নবী হুছেইন। এক ফেচবুক পোষ্টত নবীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ বোমা বিস্ফোৰণ ঘটোৱা আৰু এই সন্দৰ্ভত তথ্য মজুত থকা বুলি দাবী কৰিছিল।
- ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান। শ্ৰীভূমি জিলাৰ কঠালটোলিত ৫২৮.৬২৫ কিলোগ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে ৰাতাবাৰীত ১৫.২১ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিছে আৰক্ষীয়ে। লগতে এজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰা হৈছে।
- ইডেন গাৰ্ডেনত চলি থকা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ প্ৰথম টেষ্টৰ আজি দ্বিতীয় দিন। মেচৰ প্ৰথম দিনা কালি দক্ষিণ আফ্ৰিকাক ১৫৯ ৰানতে বান্ধি ৰখাৰ পিছত ভাৰতে খেল সামৰণিৰ পৰলৈ ১ উইকেটত ৩৭ ৰান সংগ্ৰহ কৰিছিল।
- আই পি এল ২০২৬ ছিজনৰ বাবে আজি ফ্ৰেন্সাইজিসমূহে ৰিটেইন তথা ৰিলিজ খেলুৱৈৰ চূড়ান্ত তালিকা ঘোষণা কৰিব লাগিব। খেলুৱৈৰ ৰিটেইন তথা ৰিলিজৰ চূড়ান্ত তালিকা প্ৰকাশৰ সময়সীমা ১৫ নৱেম্বৰ নিৰ্ধাৰণ কৰা হৈছিল।