শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ক্ৰিকেটৰ মক্কাত ১৫ গৰাকীৰ ভিতৰত ১২ গৰাকী অধিনায়কেই বিফল, লৰ্ডছত ত্ৰিৰংগা উৰুৱাবলৈ সক্ষম হ’বনে গিলবাহিনী?

এই পৰ্যন্ত ১৫ গৰাকী ভাৰতীয় অধিনায়কে নিজ নিজ দলৰ সৈতে লৰ্ডছত খেলিছে। কিন্তু, ইয়াৰে ১২জন অধিনায়কেই বিজয় সাব্যস্ত কৰাত ব্যৰ্থ হয়। অৰ্থাৎ এতিয়ালৈকে লৰ্ডছত এখন টেষ্টত জয়ী হ’বলৈ সক্ষম হৈছে মাত্ৰ ৩ জন ভাৰতীয় অধিনায়ক।

ক্ৰিকেটৰ মক্কাত ১৫ গৰাকীৰ ভিতৰত ১২ গৰাকী অধিনায়কেই বিফল, লৰ্ডছত ত্ৰিৰংগা উৰুৱাবলৈ সক্ষম হ’বনে গিলবাহিনী?
শুভমন গিলImage Credit source: PTI
raj-saikia
Raj Saikia | Updated On: 09 Jul 2025 17:00 PM

লীডছত পৰাজয় আৰু এডজবেষ্টনত জয়। ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া টেষ্ট শৃংখলাত ১-১ ত সমতা স্থাপন ভাৰতৰ। এডজবেষ্টনত জয় ভাৰতৰ বাবে আছিল এক ইতিহাস। কিয়নো ইয়াৰ পূৰ্বে এইখন খেলপথাৰত ভাৰতে কেতিয়াও টেষ্ট জয় কৰা নাছিল। এইবাৰ যুঁজ লৰ্ডছত। ক্ৰিকেটৰ মক্কা খ্যাত লৰ্ডছ, য’ত ১৯৮৩ ত এদিনীয়া বিশ্বকাপ জয় কৰিছিল ভাৰতে। কিন্তু টেষ্ট ক্ৰিকেটত লৰ্ডছ ভাৰতৰ বাবে একেবাৰে সহজ ৰণক্ষেত্ৰ নহয়।

এই পৰ্যন্ত ১৫ গৰাকী ভাৰতীয় অধিনায়কে নিজ নিজ দলৰ সৈতে লৰ্ডছত খেলিছে। কিন্তু, ইয়াৰে ১২জন অধিনায়কেই বিজয় সাব্যস্ত কৰাত ব্যৰ্থ হয়। অৰ্থাৎ এতিয়ালৈকে লৰ্ডছত এখন টেষ্টত জয়ী হ’বলৈ সক্ষম হৈছে মাত্ৰ ৩ জন ভাৰতীয় অধিনায়ক। লৰ্ডছত প্ৰথমবাৰৰ বাবে অধিনায়ক হিচাপে খেলিব শুভমন গিল। এনে পৰিস্থিতিত তেওঁৰ বাবে প্ৰত্যাহ্বান আৰু বেছি। প্ৰশ্ন হয়, লৰ্ডছত জয়ী হোৱা অধিনায়কৰ তালিকাত তেওঁ নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিবনে? যদি পাৰে, তেন্তে লৰ্ডছত ত্ৰিৰংগা উৰুৱাৰ তেওঁৰ পৰিকল্পনা কি?

লৰ্ডছত টিম ইণ্ডিয়াৰ অভিলেখ কেনেকুৱা?

প্ৰথমে জানো লৰ্ডছত টিম ইণ্ডিয়াৰ অভিলেখ সম্পৰ্কে। ভাৰতীয় দলটোৱে ১৯৩২ চনৰ পৰা লৰ্ডছত টেষ্ট মেচ খেলি আহিছে, তেতিয়াৰ পৰা ক্ৰিকেটৰ মক্কা নামেৰে জনাজাত খেলপথাৰখনত ১৯খন টেষ্ট খেলিছে যদিও ভাৰতে মাত্ৰ ৩খন টেষ্টতহে জয়লাভ কৰিছে। ১২খনত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও ৪খন টেষ্টত ড্ৰ’ হৈছিল।

এই তালিকাত অন্তৰ্ভুক্ত হ’বনে শুভমন গিল?

লৰ্ডছত টিম ইণ্ডিয়াই যি ৩ খন টেষ্টত জয়লাভ কৰিছে সেয়া কপিল দেৱ, এম এছ ধোনী আৰু বিৰাট কোহলীৰ নেতৃত্বত। কপিল দেৱে ১৯৮৬ চনত লৰ্ডছত ভাৰতক প্ৰথম টেষ্ট জয়ৰ সোৱাদ দিছিল। কিন্তু তাৰ পিছত লৰ্ডছত দ্বিতীয় টেষ্ট জয়ৰ বাবে ভাৰতে ২৮ বছৰ অপেক্ষা কৰিবলগীয়া হৈছিল। এই অপেক্ষাৰ অন্ত পৰিল ২০১৪ চনত এম এছ ধোনিৰ অধিনায়কত্বত। আনহাতে ৭ বছৰৰ পাছত ২০২১ চনত বিৰাট কোহলীৰ অধিনায়কত্বত ভাৰতে লৰ্ডছত শেষবাৰৰ বাবে ত্ৰিৰংগা উত্তোলন কৰে।

লৰ্ডছৰ সমীকৰণ কি?

লৰ্ডছত খেলা ১৯খন টেষ্টৰ ভিতৰত টিম ইণ্ডিয়াই ৯খনত টছত জয়লাভ কৰাৰ বিপৰীতে ১০খনত টছত পৰাস্ত হৈছে। একেদৰে ৯খন টেষ্টত প্ৰথমে বেটিং কৰিছে, য’ত ২খন টেষ্টত জয়ী, ৬খনত পৰাস্ত আৰু ১খন মেচ ড্ৰ’ হৈছে। টিম ইণ্ডিয়াই প্ৰথমে বলিং কৰা ১০ খন টেষ্টত মাত্ৰ ১ খন টেষ্টত জয়লাভ কৰিছে। প্ৰথমে বলিং কৰাৰ সময়ত ৬ খন টেষ্টত পৰাস্ত হৈছে। আনহাতে ৩ খন টেষ্ট ড্ৰ’ হৈছিল।

শুভমন গিলৰ টিম ইণ্ডিয়া শক্তিশালী! লৰ্ডছৰ পৰিসংখ্যা যে ভাৰতৰ পক্ষত নহয় সেয়া স্পষ্ট। কিন্তু যিদৰে টিম ইণ্ডিয়াৰ বৰ্তমানৰ অধিনায়ক শুভমন গিলে এডজবাষ্টন টেষ্টৰ পূৰ্বে কৈছিল যে তেওঁৰ দলটোৱে যিকোনো দলক যিকোনো সময়তে, যিকোনো ঠাইতে পৰাস্ত কৰিব পাৰে। ইয়াৰ উদাহৰণ এডজবাষ্টনত দেখা গৈছে আৰু এতিয়া একে আত্মবিশ্বাসেৰে লৰ্ডছত নামিব গিলবাহিনী।

এডজবাষ্টনত কেতিয়াও টিম ইণ্ডিয়াই জয়ী হোৱা নাছিল, কিন্তু শুভমন গিলৰ যোদ্ধাসকলে ইতিহাস সলনি কৰিছিল। তথাপিও লৰ্ডছৰ খেলপথাৰত ভাৰত ৩ বাৰ জয়ী হৈছে, গতিকে এনে পৰিস্থিতিত জয়ৰ আশা কৰিব পাৰি। যদিহে এই টেষ্টত জয় লাভ কৰে, তেন্তে শুভমন গিল কেৱল লৰ্ডছত জয়ী হোৱা ভাৰতৰ চতুৰ্থজন অধিনায়ক হোৱাই নহয়, টিম ইণ্ডিয়াই এই শৃংখলাত ২-১ ত অগ্ৰগতি লাভ কৰিব।