শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মহিলা বিশ্বকাপৰ মেচত ষ্টেডিয়ামত সোমাব নোৱাৰিব জুবিনৰ মৃত্যুৰ গোচৰত জড়িত কোনো লোক, কঠোৰ ACA

থমবাৰৰ বাবে অসমে বিশ্বকাপৰ মেচ আয়োজনৰ সুযোগ লাভ কৰিছে। এনে পৰিস্থিতিত অনুৰাগীক এক আকৰ্ষণীয় উদ্বোধনী অনুষ্ঠানৰ আমেজ দিয়াৰ পৰিকল্পনা কৰা হৈছিল। কিন্তু অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিৱেশৰ পৰিপ্ৰেক্ষিতত এতিয়া এই পৰিকল্পনাৰ কিছু পৰিৱৰ্তন কৰা হৈছে।

মহিলা বিশ্বকাপৰ মেচত ষ্টেডিয়ামত সোমাব নোৱাৰিব জুবিনৰ মৃত্যুৰ গোচৰত জড়িত কোনো লোক, কঠোৰ ACA
সংবাদমেলত দেৱজিৎ শইকীয়া আৰু ত্ৰিদিপ কোঁৱৰ
Monjit Dutta
Monjit Dutta | Published: 27 Sep 2025 10:09 AM

অহা ৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫। এই প্ৰতিযোগিতাৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত। মুখামুখি হ’ব আয়োজক ভাৰত আৰু শ্ৰীলংকা। বিশ্বকাপৰ প্ৰাকক্ষণত কালি BCCI ৰ সচিব দেৱজিৎ শইকীয়া আৰু অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক ত্ৰিদিপ কোঁৱৰে এক সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলত মহিলা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰে বিষয়া দুগৰাকীয়ে।

উল্লেখ্য যে আগন্তুক এই বিশ্বকাপ দেশৰ ৪টা স্থানত অনুষ্ঠিত হ’ব। গুৱাহাটীত অনুষ্ঠিত হ’ব বিশ্বকাপৰ ৫খন মেচ। প্ৰথমবাৰৰ বাবে অসমে বিশ্বকাপৰ মেচ আয়োজনৰ সুযোগ লাভ কৰিছে। এনে পৰিস্থিতিত অনুৰাগীক এক আকৰ্ষণীয় উদ্বোধনী অনুষ্ঠানৰ আমেজ দিয়াৰ পৰিকল্পনা কৰা হৈছিল।

কিন্তু অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিৱেশৰ পৰিপ্ৰেক্ষিতত এতিয়া এই পৰিকল্পনাৰ কিছু পৰিৱৰ্তন কৰা হৈছে। কালি সংবাদ মেলত দেৱজিৎ শইকীয়া আৰু ত্ৰিদিপ কোঁৱৰে উল্লেখ কৰা মতে বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰা হ’ব।

অসম ক্ৰিকেট সন্থাই উদ্ধোধনী মেচখনত ১০০ টকা মূল্যৰ ৫ হাজাৰ টিকট জুবিন অনুৰাগী সকলক বিনামূলীয়াকৈ প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে বুলিও সংবাদমেলত সদৰী কৰা হয়। অনুৰাগীসকলে পৰিচয় পত্ৰ দেখুৱাই মেচৰ টিকট সংগ্ৰহ কৰিব পাৰিব বুলি জানিবলৈ দিয়া হৈছে। ইফালে অসম ক্ৰিকেট সন্থাই আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্তও গ্ৰহণ কৰিছে।

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত যিসকল লোকৰ নাম সংবাদ মাধ্যম নাইবা সামাজিক মাধ্যমত চর্চা হৈ আছে, তেওঁলোকৰ কোনো এজন লোকে ষ্টেডিয়ামত প্ৰৱেশ কৰিব নোৱাৰাকৈ অসম ক্ৰিকেট সন্থাই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইফালে জুবিন গাৰ্গৰ শোকৰ বাবে উদ্ধোধনী অনুস্থানত কোনো বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হোৱা নাই বুলিও তেওঁলোকে কয়।

প্ৰতিযোগিতাৰ প্ৰথমখন মেচৰ আৰম্ভণিৰ পূৰ্বে উদ্বোধনী অনুষ্ঠানত অংগৰাগ পাপন মহন্তই জুবিন গাৰ্গৰ প্ৰতি গীতেৰে শ্ৰদ্ধাঞ্জলি দিব। পাপনৰ লগতে জয় বৰুৱাসহ কেইবাগৰাকীও শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব। মেচৰ পূৰ্বে এই উদ্বোধনী অনুষ্ঠান ৪০ মিনিটৰ হ’ব বুলি জানিবলৈ দিয়া হৈছে।

ইফালে বলীউডৰ জনপ্ৰিয় গায়িকা শ্ৰেয়া ঘোষালে প্ৰতিযোগিতাৰ থিম চং মুকলি কৰিব। মেচৰ প্ৰথম ইনিংছৰ বিৰতিৰ পাছতে শ্ৰেয়া ঘোষালে অনুষ্ঠান পৰিৱেশন কৰিব। বলীউডৰ শিল্পীগৰাকীয়ে গীতেৰে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাব। উদ্ধোধনী অনুস্থানত আইচিচিৰ অধ্যক্ষ জয় শ্বাহ উপস্থিত থাকিব।

উদ্বোধনী অনুষ্ঠানত ষ্টেডিয়ামৰ চাৰিওফালে LED স্ক্ৰীণ লগোৱা হ’ব। এই স্ক্ৰীণসমূহত জুবিন গাৰ্গৰ বিভিন্ন ৰেকৰ্ডেড শ্ব’সমূহ প্ৰদৰ্শন কৰা হ’ব। সমান্তৰালকৈ দৰ্শকসকলে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ বিশেষ ব্যৱস্থা কৰা হ’ব। ৰাজ্যৰ সাম্প্ৰতিক শোকাৱহ পৰিস্থিতিৰ বাবে অনুষ্ঠানত অধিক জাকজমকতা নাথাকিব বুলি স্পষ্ট কৰা হৈছে।

লক্ষণীয়ভাৱে জুবিন গাৰ্গৰ অকাল মৃত্যু নোহোৱা হ’লে উদ্বোধনী অনুষ্ঠানত পাপনৰ সৈতে তেওঁ গীত পৰিৱেশন কৰিলেহেঁতেন। কিন্তু এতিয়া তেওঁৰ অনাকাংক্ষিত মৃত্যুৰ পিছত এই অনুষ্ঠান সম্পূৰ্ণৰূপে তেওঁৰ নামত উৎসৰ্গা কৰা হ’ব। এই অনুষ্ঠানৰ সময়ত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ পূৰ্বৰ অধিনায়ক সকলক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰাৰ ব্যৱস্থা কৰা হৈছে।