জয়ৰ কাষ চাপিও পৰাজয় স্বীকাৰ ভাৰতৰ, ধূসৰ হৈ পৰিছে ছেমিত প্ৰৱেশৰ পথ
এতিয়া ছেমিৰ পথ প্ৰশস্ত কৰাৰ যুঁজত ভাৰতীয় দলে তীব্ৰ প্ৰতিদ্বন্দিতাৰ সন্মুখীন হ’ব লাগিব। শ্বাসৰুদ্ধকৰ মেচখনত অৱশ্যে এটা সময়লৈ ভাৰতীয় দলৰ জয়ৰ সম্ভাৱনাই প্ৰায় প্ৰকট হৈ পৰিছিল। কিন্তু এই সুযোগ গ্ৰহণত ব্যৰ্থ হয় ভাৰত।

চুপাৰ চানডে’ ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ বাবে হৈ পৰিল হতাশাৰে ভৰপূৰ। অগা-পিছাকৈ দুখনকৈ মেচৰ পৰাজয়ে ভাৰতীয় ক্ৰিকেটপ্ৰেমীক আজি কৰি তুলিছে ক্ষুব্ধ। অষ্ট্ৰেলিয়াৰ বিপক্ষে ভাৰতীয় ক্ৰিকেট দলৰ বিপক্ষে পৰাজয়ৰ গ্লানি দূৰ নহওঁতেই এইবাৰ আন এক ব্যথা সহিবলগা হৈছে দেশে। চলিত মহিলা ক্ৰিকেট বিশ্বকাপৰ এক গুৰুত্বপূৰ্ণ মেচত আজি ভাৰতীয় দলক ৪ ৰানৰ ব্যৱধানত পৰাস্ত কৰিছে ইংলেণ্ডে। ইয়াৰ লগে লগে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত স্থান নিশ্চিত কৰিলে ইংলেণ্ড দলে।
ইয়াৰ বিপৰীতে জয়ৰ প্ৰায় কাষ চাপিও থমকি ৰ’বলগীয়া হোৱাত ভাৰতীয় দলৰ ছেমিৰ আশাত কিছু শংকা আহি পৰিছে। এতিয়া ছেমিৰ পথ প্ৰশস্ত কৰাৰ যুঁজত ভাৰতীয় দলে তীব্ৰ প্ৰতিদ্বন্দিতাৰ সন্মুখীন হ’ব লাগিব। শ্বাসৰুদ্ধকৰ মেচখনত অৱশ্যে এটা সময়লৈ ভাৰতীয় দলৰ জয়ৰ সম্ভাৱনাই প্ৰায় প্ৰকট হৈ পৰিছিল। কিন্তু এই সুযোগ গ্ৰহণত ব্যৰ্থ হয় ভাৰত।
মেচখনত প্ৰথমে বেটিং কৰি ইংলেণ্ডে থিয় কৰাইছিল ২৮৮ ৰানৰ এক শক্তিশালী স্ক’ৰ। এই স্ক’ৰৰ মূলতে আছিল অভিজ্ঞ হেথাৰ নাইটৰ চমকপ্ৰদ শতক। ভাৰতীয় বলিং আক্ৰমণক দিশহাৰা কৰি তুলি নাইটে মাত্ৰ ৯১টা বলত ১৫টা চাৰি আৰু এটা ছয়েৰে ১০৯ ৰানৰ এক মাৰমুখী ইনিংছ খেলে। তেওঁৰ লগতে অপেনাৰ এমি জেমছেও কৰে ৫৬ ৰান।
ভাৰতৰ হৈ দিপ্তী শৰ্মাই দৰ্শনীয় বলিং কৰি ৫১ ৰানত ৪টা উইকেট দখল কৰে। দুটা উইকেট যায় শ্ৰী চৰণীৰ হাতলৈ। ইফালে ২৮৯ ৰানৰ বিশাল লক্ষ্য অনুসৰণ কৰি ভাৰতীয় দলে ১৩ ৰানতে হেৰুৱায় অপেনাৰ প্ৰতিকাৰ উইকেট। কিছু যুঁজ দি হাৰলীন দেউলেও (২৪) বিদায় লয়। ইয়াৰ পিছতে অৱশ্যে ক্ৰীজত খোপনি পোতে দুই প্ৰধান ভৰসা স্মৃতি আৰু অধিনায়ক হৰমনপ্ৰীত।
দুয়ো দায়িত্বশীল বেটিঙেৰে ইংলেণ্ডৰ বলিং আক্ৰমণ প্ৰতিহত কৰি দলৰ ইনিংছ আগুৱাই দিয়ে। তৃতীয় উইকেটৰ যুটিত দুয়ো যোগ দিয়ে ১২৪ ৰান। অধিনায়কোচিত বেটিঙেৰে হৰমনে ৭০ ৰান সংগ্ৰহ কৰি বিদায় লয়। হৰমনৰ বিদায়ৰ পিছত পুনৰ দিপ্তীৰ সৈতে যুটি বান্ধে স্মৃতিয়ে। এই যুটিয়েও ৭৭ ৰানৰ যুটি বান্ধি ভাৰতৰ জয়ৰ আশা প্ৰায় সজীৱ কৰি তুলিছিল।
কিন্তু ইয়াৰ পিছতে ঘটে ছন্দপতন। ব্যক্তিগত ৮৮ ৰানত স্মিথৰ চিকাৰ হয় স্মৃতি। কিছুসময় পিছতে ৫০ ৰানৰ অৰ্ধশতকীয় ইনিংছ খেলি দিপ্তীয়েও বিদায় লয়। উইকেটকীপাৰ বেটাৰ ৰিছা ঘোষে প্ৰয়োজনীয় লক্ষ্যত উপনীত কৰাব পাৰিব বুলি আশা কৰা হৈছিল যদিও তেওঁ ব্যৰ্থ হোৱাৰ লগে লগে সেই আশা মষিমূৰ হয়।
অন্তিম অভাৰত ভাৰতীয় দলক জয়ৰ বাবে ১৪ ৰানৰ প্ৰয়োজন হৈছিল যদিও স্নেহ ৰানা আৰু অমনজোৎ কৌৰে প্ৰয়োজনীয় ৰান সংগ্ৰহত ব্যৰ্থ হয় আৰু ভাৰতে ৪ ৰানত পৰাজয় স্বীকাৰ কৰে। চমকপ্ৰদ শতকীয় ইনিংছটোৰ বাবে হেথাৰ নাইট মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়। ভাৰতে এতিয়া ২৩ অক্টোবৰত নিউজিলেণ্ডৰ সন্মুখীন হ’ব। ছেমিৰ পথ মুকলি কৰিবলৈ এই মেচত জয় অনিবাৰ্য হ’ব।