হেডৰ সৈতে বিবাদৰ ফল ভুগিব চিৰাজে! আইচিচিয়ে ল’ব পাৰে এনে ব্যৱস্থা…
দেওবাৰে সামৰণি পৰা এডিলেইড টেষ্টত ভাৰতীয় দলৰ বেগী বলাৰ মহম্মদ চিৰাজ আৰু অষ্ট্ৰেলিয়ান তাৰকা ট্ৰেভিছ হেডৰ মাজত তীব্ৰ বাকবিতণ্ডা হোৱা পৰিলক্ষিত হৈছিল। এই বিবাদে লাভ কৰিছে ব্যাপক চৰ্চা। এনে বিবাদৰ বাবে দুয়োগৰাকী খেলুৱৈৰ বিৰুদ্ধে আইচিচিয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈছে বুলি জানিব পৰা গৈছে।
দেওবাৰে মাত্ৰ তিনিদিনৰ ভিতৰতে সামৰণি পৰিল চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্টৰ। এডিলেইডত অনুষ্ঠিত হোৱা এই টেষ্টত চৰম বেটিং ব্যৰ্থতাৰে ভাৰতীয় দল শোচনীয়ভাৱে ১০ উইকেটত পৰাস্ত হয়। এই জয়েৰে ঘৰুৱা দল অষ্ট্ৰেলিয়াই শৃংখলাটোত ১-১ ব্যৱধানত সমতা স্থাপন কৰিছে। পাৰ্থ টেষ্টত জয়েৰে শৃংখলাত সঠিক আৰম্ভণি কৰিও এডিলেইডৰ দিবানৈশ টেষ্টত পৰাজয়ৰ গ্লানি সহিবলগা হ’ল ভাৰতে। এই টেষ্টখনত ভাৰতীয় দলৰ বেগী বলাৰ মহম্মদ চিৰাজক যথেষ্ট আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ’ল।
নিজৰ বলিং স্পেলৰ সময়ত চিৰাজে প্ৰথমে মাৰ্নাছ লাবুচেন আৰু তাৰ পিছত ট্ৰেভিছ হেডৰ সৈতে বিবাদত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছিল। বিশেষকৈ ট্ৰেভিছ হেডৰ সৈতে চিৰাজৰ বিবাদে ব্যাপক চৰ্চা লাভ কৰিছে। এই কাজিয়াৰ পিছত অষ্ট্ৰেলিয়ান অনুৰাগীয়ে চিৰাজক কটাক্ষ তথা বিদ্ৰুপৰ লক্ষ্য কৰি লৈছিল। গেলাৰীৰ পৰা অষ্ট্ৰেলিয়ান সমৰ্থকে চিৰাজক উদ্দেশ্যি তীব্ৰ কটাক্ষ কৰিছিল।
সমান্তৰালকৈ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন খেলুৱৈ আৰু সংবাদ মাধ্যমেও চিৰাজক সমালোচনা কৰা দেখা গৈছিল। এতিয়া চিৰাজ আৰু হেডৰ এই কাজিয়া ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আইচিচিৰ মজিয়াত উত্থাপিত হৈছে। দুয়োগৰাকী খেলুৱৈৰ বিৰুদ্ধে আইচিচিয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈছে বুলি জানিব পৰা গৈছে। প্ৰকাশিত খবৰ অনুসৰি, আইচিচিয়ে এতিয়া এই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি দুয়োজন খেলুৱৈকে অনুশাসনমূলক শুনানিৰ বাবে উপস্থিত হ’বলৈ নিৰ্দেশ দিছে।
এই সময়ছোৱাত আইচিচিয়ে ঘটনা সন্দৰ্ভত দুয়োপক্ষৰ বক্তব্য গ্ৰহণ কৰিব বুলি। অৱশ্যে দুয়োগৰাকী খেলুৱৈৰ বাবে বিশেষ চিন্তাৰ প্ৰয়োজন নাই বুলি জানিব পৰা গৈছে। প্ৰতিবেদন মতে, হেড আৰু চিৰাজে এই বিবাদৰ বাবে নিলম্বনৰ দৰে শাস্তিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা নাই। হেড আৰু চিৰাজৰ মাজত কাজিয়াৰ যি দৃশ্য কেমেৰাত বন্দী হৈছে, সেই ফুটেজৰ বাবে আইচিচিৰ আচৰণ বিধিত শাস্তি অত্যন্ত কম বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
উল্লেখ্য যে এডিলেইডত অনুষ্ঠিত হোৱা টেষ্টখনৰ দ্বিতীয় দিনা চিৰাজ আৰু হেডৰ মাজত তীব্ৰ বাক যুদ্ধ হৈছিল। মেচখনত অষ্ট্ৰেলিয়াৰ জয়ৰ নায়ক হেডে বিস্ফোৰক বেটিঙেৰে ১৪০ ৰানৰ এক মাৰমুখী ইনিংছ খেলিছিল। বিশেষকৈ হৰ্ষিত ৰাণা আৰু চিৰাজৰ বিপক্ষে অধিক আক্ৰমণাত্মক দেখা গৈছিল হেডক। এই ইনিংছটোৰে অষ্ট্ৰেলিয়াৰ স্থিতি মজবুত কৰি তোলাৰ পিছত হেডৰ উইকেট দখল কৰিছিল চিৰাজে।
ইয়াৰ পিছতে দুয়োগৰাকী খেলুৱৈৰ মাজত যথেষ্ট মৌখিক আক্ৰমণ হোৱা পৰিলক্ষিত হৈছিল। দ্বিতীয় দিনৰ খেল সামৰণিৰ পাছত সংবাদমেলত হেডে দাবী কৰিছিল যে তেওঁ চিৰাজক ভাল বলিঙৰ বাবে প্ৰশংসাহে কৰিছিল। কিন্তু ইয়াৰ বিনিময়ত চিৰাজে তেওঁক উদ্দেশ্যি গালি-গালাজহে কৰা বুলি হেডে লগতে দাবী কৰিছিল। কিন্তু হেডৰ এই দাবী নাকচ কৰে চিৰাজে।
চিৰাজৰ মতে তেওঁ হেডৰ উইকেট দখলৰ পিছত আনন্দ উদযাপন কৰাৰ সময়ত হেডে তেওঁক উদ্দেশ্যি প্ৰথমে কটু বাক্য শুনাইছিল আৰু ইয়াৰ প্ৰত্যুত্তৰতহে তেওঁ আক্ৰমণাত্মক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। অৱশ্যে খেলৰ তৃতীয় দিনা দুয়োগৰাকী খেলুৱৈকে এই বিষয়ত মতভেদ দূৰ কৰা দেখিবলৈ পোৱা গৈছিল। বেটিং কৰাৰ সময়ত চিৰাজে হেডৰ সৈতে কথা পাতি ভুল বুজাবুজিৰ সমাধানৰ চেষ্টা কৰিছিল। ইয়াৰ পিছতে দুয়োৰে মাজৰ এই বিবাদৰ অন্ত পৰা শেষ বুলি ধাৰণা কৰা হৈছে।