শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আফগান ক্ৰিকেটাৰৰ মৃত্যুক লৈ ক্ষুব্ধ জয় শ্বাহ, দেৱজিৎ শইকীয়া, পাকিস্তানৰ বিৰুদ্ধে লোৱা হ’ব নেকি এই ব্যৱস্থা?

শুকুৰবাৰে মাজনিশা পাকিস্তানী সেনাৰ বিমান আক্ৰমণত তিনিজন আফগান ক্ৰিকেটাৰ নিহত হয়। সতীৰ্থৰ সৈতে মেচ খেলি গৃহ চহৰলৈ উভতি অহাৰ সময়তে পাকিস্তানী সেনাই চহৰখনত বিমান আক্ৰমণ চলায়।

আফগান ক্ৰিকেটাৰৰ মৃত্যুক লৈ ক্ষুব্ধ জয় শ্বাহ, দেৱজিৎ শইকীয়া, পাকিস্তানৰ বিৰুদ্ধে লোৱা হ’ব নেকি এই ব্যৱস্থা?
আফগান ক্ৰিকেটাৰৰ মৃত্যুক লৈ ক্ষুব্ধ জয় শ্বাহ, দেৱজিৎ শইকীয়াImage Credit source: PTI
trishna-kalita
Trishna Kalita | Published: 18 Oct 2025 22:32 PM

পাকিস্তান আৰু আফগানিস্তানৰ মাজত চলি থকা সামৰিক সংঘাতত ৩ যুৱ ক্ৰিকেটাৰৰ মৃত্যুৱে সকলোকে স্তম্ভিত কৰি তুলিছে। পাকিস্তানী সেনাৰ বিমান আক্ৰমণত আফগান ক্লাবৰ তিনিজন ক্ৰিকেটাৰ নিহত হোৱাৰ ফলত দুয়োখন দেশৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে। এই ঘটনাৰ পিছত আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে পাকিস্তানৰ বিৰুদ্ধে টি-২০ শৃংখলাত খেলিবলৈ অস্বীকাৰ কৰে।

ইয়াৰ মাজতে আফগানিস্তানৰ সমৰ্থনত ওলাই আহিছে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। পাকিস্তানৰ এই কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দি কাপুৰুষ বুলি অভিহিত কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ অধ্যক্ষ জয় শ্বাহে  ক্ৰিকেটাৰসকলৰ মৃত্যুত শোক প্ৰকাশ কৰি এই আক্ৰমণক গৰিহণা দিয়ে।

কেইবাদিনো ধৰি আফগানিস্তান আৰু পাকিস্তানৰ মাজত সংঘাত অব্যাহত আছে। ১৭ অক্টোবৰ শুকুৰবাৰে নিশা পাকিস্তানী বায়ুসেনাই আফগানিস্তানৰ পাক্তিকা প্ৰদেশত বিমান আক্ৰমণ চলায়। সকলো সীমা অতিক্ৰম কৰি পাকিস্তানী বায়ুসেনাই আৱাসিক অঞ্চলক লক্ষ্য কৰি লৈছিল, য’ত একাংশ ক্লাব ক্ৰিকেটাৰো আছিল । আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি এই আক্ৰমণত স্থানীয় ক্লাবটোৰ তিনিজন যুৱ খেলুৱৈ— কবীৰ আঘা, হাৰুণ, আৰু চিবগাতুল্লাহ নিহত হোৱাৰ বিপৰীতে আন কেইবাজনো আহত হয়।

এই ঘটনাই সমগ্ৰ ক্ৰিকেট জগতখনক স্তম্ভিত কৰি তুলিছে। ইফালে ক্ৰিকেট খেলুৱৈক হত্যা কৰাৰ বাবে পাকিস্তানক ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে পাকিস্তান।। প্ৰথমবাৰৰ বাবে এই ঘটনা সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে আইচিচিয়ে। ছ’চিয়েল মিডিয়া পোষ্টত আই চি চিৰ অধ্যক্ষ জে শ্বাহে পাকিস্তানৰ নাম নোলোৱাকৈয়ে পাকিস্তানৰ এই কাৰ্যক মূৰ্খামি বুলি অভিহিত কৰে। শ্বাহে নিজৰ পোষ্টত লিখিছে, “মূৰ্খাপূৰ্ণ হিংসাৰ বাবে সপোন ভাঙি যোৱা তিনিজন আফগান ক্ৰিকেটাৰ কবীৰ আঘা, ছিবগাতুল্লাহ আৰু হাৰুণৰ মৃত্যুত মই গভীৰভাৱে দুখী। এনে প্ৰতিভাৱান খেলুৱৈৰ হত্যা কেৱল আফগানিস্তান ক্ৰিকেটৰ বাবেই নহয় সমগ্ৰ ক্ৰিকেট জগতৰ বাবেও এক ট্ৰেজেডী। এই দুখৰ সময়ত আমি সকলোৱে আফগানিস্তান ক্ৰিকেট ব’ৰ্ডৰ সৈতে থিয় হৈ আছো ।”

ভাৰতত ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এক দীঘলীয়া বিবৃতি প্ৰকাশ কৰি শোক প্ৰকাশ কৰাৰ লগতে পাকিস্তানৰ এই আক্ৰমণক গৰিহণা দিয়ে। ব’ৰ্ডৰ সম্পাদক দেৱজিৎ শইকীয়াই জাৰি কৰা এক বিবৃতিত এই কাণ্ডক গৰিহণা দি কয় যে, “ কাপুৰুষীয়া বিমান আক্ৰমণত তিনিজন যুৱ ক্ৰিকেটাৰ – কবীৰ আঘা, ছিবঘাতুল্লাহ, আৰু হাৰুণৰ মৃত্যুত বিচিচিআইয়ে গভীৰ দুখ আৰু শোক প্ৰকাশ কৰিছে।”

ভাৰতীয় ব’ৰ্ডে আৰু কয় যে, “বিচিচিআইয়ে গভীৰ শোকৰ এই সময়ত আফগানিস্তান ক্ৰিকেট ব’ৰ্ড, ক্ৰিকেট জগত, আৰু মৃত খেলুৱৈসকলৰ পৰিয়ালৰ সৈতে একলগ হৈ থিয় দিছে। লগতে এই ভয়ংকৰ আৰু অযুক্তিকৰ আক্ৰমণক গৰিহণা দিছে। বিশেষকৈ প্ৰতিভাৱান খেলুৱৈৰ নিৰীহ লোকৰ জীৱন হেৰুৱাই পেলোৱাটো গভীৰ দুখজনক আৰু চিন্তনীয়।”

 

পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা ল’বনে জে শ্বাহে?

এই ঘটনাৰ পিছতে আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া টি-২০ শৃংখলাত পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ অস্বীকাৰ কৰে। পাকিস্তান, শ্ৰীলংকা, আফগানিস্তানৰ মাজত এই টি-২০ ছিৰিজখনো পাকিস্তানত অনুষ্ঠিত হোৱাৰ কথা আছিল। আফগান ব’ৰ্ডৰ এই পদক্ষেপৰ পিছত এতিয়া সকলোৰে দৃষ্টি আইচিচিৰ ওপৰত। ইতিমধ্যে ভাৰতৰ সৈতে উত্তেজনাৰ বাবে পাকিস্তান ক্ৰিকেট দলত নিষেধাজ্ঞা আৰোপ কৰাৰ আহ্বান জনাইছিল।

এতিয়া আফগানিস্তানত তিনিজন ক্ৰিকেটাৰৰ হত্যাকাণ্ডই পাকিস্তানত নিষেধাজ্ঞা আৰোপ কৰাৰ আহ্বান নতুন ইন্ধন যোগাইছে। এই সন্দৰ্ভত জয় শ্বাহে কিবা ব্যৱস্থা ল’ব নে নাই সেই সিদ্ধান্তৰ ওপৰতে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। লগতে এছিয়ান ক্ৰিকেট পৰিষদে পাকিস্তানৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল’বনে? সেয়াও এক প্ৰশ্ন