আই পি এলৰ ফাইনেলৰ উন্মাদনাৰ মাজতে ঘোষণা বিশ্বকাপৰ সূচীঃ গুৱাহাটীতো হ’ব ছেমি ফাইনেল…
আই পি এল ফাইনেলৰ বাবে অনুৰাগীসকলে অধীৰ অপেক্ষাৰে বাট চাই থকাৰ সময়তে আজি আইচিচিয়ে ঘোষণা কৰিছে মহিলা ক্ৰিকেট বিশ্বকাপৰ সময়সূচী। অহা ৩০ ছেপ্টেম্বৰৰ পৰা এই প্ৰতিযোগিতা আৰম্ভ হ’ব আৰু ২ নৱেম্বৰত সমাপ্ত হ’ব। ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে এই প্ৰতিযোগিতা আয়োজন কৰিব।

ক্ৰিকেট অনুৰাগীৰ মাজত এতিয়া আই পি এলৰ উন্মাদনা। কাইলৈ অনুষ্ঠিত হ’ব প্ৰতিযোগিতাৰ বহু প্ৰত্যাশিত ফাইনেল। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু পঞ্জাৱ কিংছৰ মাজত অনুষ্ঠিত হ’ব এই ফাইনেল মেচ। আই পি এল ফাইনেলৰ বাবে অনুৰাগীসকলে অধীৰ অপেক্ষাৰে বাট চাই থকাৰ সময়তে আজি আইচিচিয়ে ঘোষণা কৰিছে মহিলা ক্ৰিকেট বিশ্বকাপৰ সময়সূচী। অহা ৩০ ছেপ্টেম্বৰৰ পৰা এই প্ৰতিযোগিতা আৰম্ভ হ’ব আৰু ২ নৱেম্বৰত সমাপ্ত হ’ব। ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে এই প্ৰতিযোগিতা আয়োজন কৰিব।
এই মহিলা বিশ্বকাপৰ প্ৰথমখন মেচ বাংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। নিৰ্ধাৰিত সূচী অনুসাৰে বিশ্বকাপৰ ফাইনেলখনো চিন্নাস্বামী ষ্টেডিয়ামতে অনুষ্ঠিত হোৱাৰ কথা আছে যদিও প্ৰয়োজনীয়তা অনুসাৰে স্থানান্তৰো হ’ব পাৰে। লক্ষণীয়ভাৱে বিশ্বকাপৰ প্ৰথমখনে ছেমি ফাইনেলৰ বাবে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়াম স্থান হিচাপে নিৰ্ধাৰণ কৰা হৈছে যদিও প্ৰয়োজন হ’লে গুৱাহাটীৰ পৰাও স্থানান্তৰ কৰা হ’ব পাৰে।
ভাৰত আৰু পাকিস্তানৰ মাজৰ শেহতীয়া সম্পৰ্কৰ পৰিপ্ৰেক্ষিতত এই প্ৰয়োজনীয়তা আহি পৰিব পাৰে। যদি পাকিস্তানে ছেমি ফাইনেল তথা ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে, তেতিয়া এই মেচ দুখন কলম্বোত অনুষ্ঠিত হ’ব। সমগ্ৰ প্ৰতিযোগিতাৰ বাবে চিন্নাস্বামী, গুৱাহাটীৰ বৰ্ষাপাৰা, ইন্দোৰৰ হোলকাৰ ষ্টেডিয়াম, বিশাখাপট্টনমৰ এচিএ-ভিডিচিএ ষ্টেডিয়াম আৰু কলম্বোৰ আৰ প্ৰেমাদাছা ষ্টেডিয়াম- এই পাঁচটা স্থান নিৰ্ধাৰণ কৰা হৈছে।
প্ৰায় এমাহ ধৰি চলিবলগা এই প্ৰতিযোগিতাখনত ৮টা দলে অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰা এই ৮ টা দল হৈছে ক্ৰমে ভাৰত, অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড, শ্ৰীলংকা, বাংলাদেশ আৰু পাকিস্তান। প্ৰতিযোগিতাত খিতাপ অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়া। দলটোৱে ২০২২ চনত ৭মবাৰৰ বাবে বিশ্বকাপ জয় কৰিছিল।
উল্লেখ্য যে মহিলা ক্ৰিকেটতো সম্প্ৰতি ভাৰতীয় দল অন্যতম শক্তিশালী দল হিচাপে পৰিগণিত হৈছে যদিও ভাৰতে এই প্ৰতিযোগিতাত এতিয়ালৈকে খিতাপ জয় কৰিবলৈ সক্ষম হোৱা নাই। ২০০৫ আৰু ২০১৭ চনত ভাৰতে বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও জয়ী হ’ব পৰা নাছিল। অৱশ্যে এইবাৰ ঘৰুৱা পৰিৱেশত এই খৰাঙৰ অন্ত পেলাই বিশ্বকাপ জয়ৰ স্বপ্ন পূৰ কৰাৰ সুযোগ লাভ কৰিব।