শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কিমান সম্পত্তিৰ অধিকাৰী বিশ্বকাপ জয়ী অধিনায়ক হৰমন! ক্ৰিকেটৰ লগতে আছে আয়ৰ এনে উৎস…

৩৬ বছৰ বয়সতো অসামান্য যুঁজাৰু ক্ষমতা, ফিটনেছ আৰু প্ৰদৰ্শনৰ কোনো তুলনা নাই হৰমনৰ। সঠিক অৰ্থতে তেওঁ ভাৰতীয় অধিনায়ক। পিছে দেশবাসীক বিশ্বকাপ জয়ৰ সুখানুভূতি দিয়া হৰমনপ্ৰীত কৌৰৰ মুঠ সম্পত্তিৰ পৰিমাণ কিমান জানেনে?

কিমান সম্পত্তিৰ অধিকাৰী বিশ্বকাপ জয়ী অধিনায়ক হৰমন! ক্ৰিকেটৰ লগতে আছে আয়ৰ এনে উৎস…
হৰমনপ্ৰীত কৌৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 03 Nov 2025 17:36 PM

ক্ৰিকেট ইতিহাসত নতুনত্বৰ সূচনা কৰি দেওবাৰে মহিলা বিশ্বকাপৰ নতুন চেম্পিয়ন হিচাপে পৰিগণিত হয় ভাৰতীয় ক্ৰিকেট দল। দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ভাৰতীয় মহিলা ক্ৰিকেট দলে প্ৰথমবাৰৰ বাবে দখল কৰে বিশ্বকাপৰ খিতাপ। দেশবাসীক এই গৌৰৱময় মুহূৰ্তৰ সাক্ষী কৰি ভাৰতীয় দলক বিশ্বজয়ৰ পথত সফল নেতৃত্ব প্ৰদান কৰে অধিনায়ক হৰমনপ্ৰীত কৌৰে। এইবাৰ সমগ্ৰ দলেই ৩৬ বৰ্ষীয় হৰমনৰ হাতত বিশ্বকাপ ট্ৰফী তুলি দিয়াৰ পণ লৈছিল আৰু দেওবাৰে নৱী মুম্বাইত এই পণ হৈ পৰিল বাস্তৱ।

বিশ্বজয়ৰ আকাংক্ষিত স্বপ্নক সাকাৰ ৰূপ দি হৰমনে দেওবাৰে হাতত তুলি ক’লে বিশ্বকাপ খিতাপ, ট্ৰফীত দিলে সুখানুভূতিৰ চুম্বন। ৩৬ বছৰ বয়সতো অসামান্য যুঁজাৰু ক্ষমতা, ফিটনেছ আৰু প্ৰদৰ্শনৰ কোনো তুলনা নাই হৰমনৰ। সঠিক অৰ্থতে তেওঁ ভাৰতীয় অধিনায়ক। পিছে দেশবাসীক বিশ্বকাপ জয়ৰ সুখানুভূতি দিয়া হৰমনপ্ৰীত কৌৰৰ মুঠ সম্পত্তিৰ পৰিমাণ কিমান জানেনে?

প্ৰায় ইমান টকাৰ সম্পত্তি

খবৰ অনুসৰি হৰমনপ্ৰীত কৌৰৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ২৫ কোটি টকা বুলি অনুমান কৰা হৈছে। এই আয় কেৱল ক্ৰিকেটৰ পৰাই নহয়, এণ্ডাৰছমেণ্ট, ব্ৰেণ্ড ডিল আৰু লীগ ক্ৰিকেটৰ পৰাও যথেষ্ট পৰিমাণৰ ধন উপাৰ্জন কৰে হৰমনপ্ৰীত কৌৰে। ভাৰতীয় মহিলা ক্ৰিকেটৰ অন্যতম ধনৱন্ত খেলুৱৈ হৰমন।

বিচিচিআইৰ পৰা দৰমহা

হৰমনপ্ৰীত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ গ্ৰেড এত অন্তৰ্ভুক্ত খেলুৱৈ। এই শিতানৰ খেলুৱৈসকলে বছৰি ৫০ লাখ টকা নিৰ্দিষ্ট দৰমহা লাভ কৰে। ইয়াৰ উপৰিও প্ৰতিখন টেষ্ট মেচৰ বাবে ১৫ লাখ টকা, এদিনীয়াৰ বাবে ৬ লাখ টকা আৰু টি-২০ মেচৰ বাবে ৩ লাখ টকা উপাৰ্জন কৰে।

ৱ’মেন প্ৰিমিয়াৰ লীগৰ পৰা উপাৰ্জন

ৱ’মেন প্ৰিমিয়াৰ লীগত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ। এই লীগৰ পৰা হৰমনে প্ৰতি ছিজনত প্ৰায় ১.৮০ কোটি টকা উপাৰ্জন কৰে। বিদেশী লীগ আৰু প্ৰদৰ্শনীমূলক মেচ খেলিও তেওঁ অতিৰিক্ত উপাৰ্জন কৰে। এইদৰে তেওঁ ভাৰতৰ সৰ্বাধিক দৰমহা পোৱা মহিলা ক্ৰিকেটাৰসকলৰ ভিতৰত অন্যতম।

ব্ৰেণ্ড এণ্ডাৰছমেণ্টৰ পৰা লাভ

হৰমনপ্ৰীতৰ নাম এতিয়া বহু প্ৰধান ব্ৰেণ্ডৰ সৈতে জড়িত। HDFC Life, Puma, Boost, ITC, Tata Safari, CEAT, Asian Paints, Jaipur Rugs আৰু Omaxe Estate ৰ দৰে বিখ্যাত ব্ৰেণ্ডৰ সৈতে জড়িত হৈ আছে হৰমন। এটা ব্ৰেণ্ডৰ সৈতে চুক্তিৰ জৰিয়তে তেওঁ প্ৰায় ১০ৰ পৰা ১২ লাখ টকা উপাৰ্জন কৰে, আনহাতে ব্ৰেণ্ড এণ্ডাৰছমেণ্টৰ পৰা তেওঁৰ মুঠ বাৰ্ষিক আয় প্ৰায় ৪০-৫০ লাখ টকা।

বিলাসী ঘৰ আৰু বাহন সংগ্ৰহ

হৰমনপ্ৰীত কৌৰৰ মুম্বাই আৰু পাটিয়ালা দুয়োখন চহৰতে বিলাসী অট্টালিকা আছে। পাটিয়ালাত তেওঁৰ পৰিয়ালৰ বাংলোটো ‘হৰমনপ্ৰীত কৌৰ পাটিয়ালা হাউচ’ নামেৰে জনাজাত। ২০১৩ চনত মুম্বাইত প্ৰথম ঘৰ ক্ৰয় কৰিছিল হৰমনে। তেওঁৰ বাহনৰ সংগ্ৰহো আকৰ্ষণীয়, ভিনটেজ জীপৰ পৰা আৰম্ভ কৰি হাৰ্লি-ডেভিডছন বাইকলৈকে হৰমনৰ সংগ্ৰহত আছে।