দ্বিতীয় ইনিংছত বেটিং বিক্ৰম ভাৰতৰ, আশাচূৰ্ণ ইংলেণ্ডৰঃ ড্ৰ ৰূপে সামৰণি পৰিল মানচেষ্টাৰ টেষ্ট
ইংৰাজ বলিং আক্ৰমণৰ সকলো চোক প্ৰতিহত কৰি ভাৰতে দেখুৱালে অসামান্য বেটিং বিক্ৰম। তাৰ পৰিণতিতে জয়ৰ আশা চূৰ্ণ বিচূৰ্ণ হৈ পৰিল ঘৰুৱা দল ইংলেণ্ডৰ আৰু ড্ৰ ৰূপে সামৰণি পৰিল মানচেষ্টাৰত অনুষ্ঠিত হোৱা শৃংখলাৰ চতুৰ্থখন টেষ্ট।

লৰ্ডছ টেষ্টত পৰাজয়ৰ পিছত ইংলেণ্ডৰ বিপক্ষে চলিত শৃংখলাত পিছ পৰিছিল ভাৰত। তেনে পৰিস্থিতিত শৃংখলা জয়ৰ বাবে মানচেষ্টাৰ টেষ্টত জয় অনিবাৰ্য হৈ পৰিছিল ভাৰতৰ বাবে। আনহাতে শৃংখলা হেৰুওৱাৰ শংকা দূৰ কৰিবলৈও এই টেষ্টখনত ড্ৰ খেলা বাধ্যতামূলক হো পৰিছিল ভাৰতৰ বাবে। কিন্তু যোৱা ২৩ জুলাইৰ পৰা আৰম্ভ হোৱা এই টেষ্টখনত প্ৰথম ইনিংছৰ স্বৰূপে ভাৰতৰ এই সকলো আশাই দূৰ কৰিছিল। মেচৰ চতুৰ্থ দিনৰ মধ্যভাগলৈ প্ৰায় ইংলেণ্ডেই আছিল চালকৰ আসনত। আনকি ইনিংছ পৰাজয়ৰে শংকাই দেখা দিছিল ভাৰতৰ শিবিৰত।
কিন্তু এই সকলো শংকা দূৰ কৰি অ’ল্ড ট্ৰেফৰ্ডত শক্তিশালী প্ৰত্যাৱৰ্তন ঘটালে ভাৰতে। ইংৰাজ বলিং আক্ৰমণৰ সকলো চোক প্ৰতিহত কৰি ভাৰতে দেখুৱালে অসামান্য বেটিং বিক্ৰম। তাৰ পৰিণতিতে জয়ৰ আশা চূৰ্ণ বিচূৰ্ণ হৈ পৰিল ঘৰুৱা দল ইংলেণ্ডৰ আৰু ড্ৰ ৰূপে সামৰণি পৰিল মানচেষ্টাৰত অনুষ্ঠিত হোৱা শৃংখলাৰ চতুৰ্থখন টেষ্ট।
ভাৰতীয় দলৰ এই শক্তিশালী প্ৰত্যাৱৰ্তনৰ চাৰিটা শক্তিশালী স্তম্ভ ৰূপত ২২ গজত থিয় দিয়ে কে এল ৰাহুল, অধিনায়ক শুভমন গিল, দুই অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা আৰু ৱাশ্বিংটন সুন্দৰ। মাত্ৰ ১০ ৰানৰ বাবে ৰাহুল শতক বঞ্চিত হ’লেও আন তিনিওগৰাকী বেটাৰে দৰ্শনীয় শতকেৰে ইংলেণ্ডৰ মুখৰ পৰা জয় কাঢ়ি আনে আৰু মেচখন ড্ৰ কৰিবলৈ বাধ্য কৰায়।
মেচখনত প্ৰথমে বেটিং কৰি ভাৰতে সংগ্ৰহ কৰিছিল ৩৫৮ ৰান। দলৰ হৈ জয়ছোৱালে ৫৮, ছাই সুদৰ্শনে ৬১ আৰু ঋষভ পণ্টে ৫৪ ৰানৰ অৰ্ধশতকীয় ইনিংছ খেলাৰ বিপৰীতে ৰাহুলে ৪৬, শ্বাৰ্দুলে ৪১ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। ইংলেণ্ডৰ হৈ অধিনায়ক ষ্ট’কছে দখল কৰে ৫টা উইকেট। ভাৰতৰ এই স্ক’ৰৰ প্ৰত্যুত্তৰত ইংলেণ্ডে প্ৰথম ইনিংছত ৬৬৯ ৰান সংগ্ৰহ কৰি ৩১১ৰানৰ বৃহৎ অগ্ৰগতি লাভ কৰে।
দলটোৰ হৈ দুই অপেনাৰ ক্ৰ’লী আৰু ডাকেটে ক্ৰমে ৮৪ আৰু ৯৪ ৰান সংগ্ৰহ কৰাৰ পিছত অ’লি পোপেও খেলে ৭১ ৰানৰ ইনিংছ। আনহাতে জ’ ৰুটে ১৫০ ৰান আৰু অধিনায়ক ষ্ট’কছে ১৪১ ৰানৰ শতকীয় ইনিংছ খেলি ভাৰতৰ বলিং আক্ৰমণক বিধ্বস্ত কৰি তোলে। এই বৃহৎ ব্যৱধানত পিছ পৰাৰ পিছত ভাৰতে দ্বিতীয় ইনিংছ আৰম্ভ কৰি কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে দুটা উইকেট হেৰুৱায়।
ইনিংছৰ প্ৰথমটো অভাৰতে কোনো ৰান সংগ্ৰহ নকৰাকৈ বিদায় লয় জয়ছোৱাল আৰু সুদৰ্শনে। কিন্তু ইয়াৰ পিছত ক্ৰীজত দৃঢ়তাৰে থিয় দিয়ে ৰাহুল আৰু গিলে। চতুৰ্থ দিনাৰ অন্তলৈ দলৰ আৰু কোনো হানি ঘটিবলৈ নিদিয়াকৈ ইনিংছ আগুৱাই নিয়াৰ পিছত আজিও বহু সময়লৈ ইংৰাজ বাহিনীৰ সমুখত প্ৰতিৰোধ গঢ়ি তোলে। অৱশ্যে তৃতীয় উইকেটত ১৮৮ ৰানৰ যুটি বন্ধাৰ পিছত ব্যক্তিগত ৯০ ৰানত ৰাহুল আউট হয়।
অৱশ্যে তাৰ পিছতে শতক সম্পূৰ্ণ কৰে গিলে। চলিত শৃংখলাত চতুৰ্থটো শতকৰ ৰূপত ১০৩ ৰানৰ ইনিংছ খেলি আউট হয় গিলে। তাৰ পিছত ইংলেণ্ডে পুনৰ মেচ নিজৰ হাতলৈ নিয়াৰ আশা দেখুৱাইছিল যদিও এই আশাত চেঁচাপানী ঢালে জাদেজা আৰু সুন্দৰে। দুয়োগৰাকী অলৰাউণ্ডাৰে ইংলেণ্ডৰ বলিং আক্ৰমণক সম্পূৰ্ণ নিষ্প্ৰভ কৰি তুলি দলৰ আৰু কোনো হানি হ’বলৈ নিদিলে।
দৰ্শনীয় বেটিঙেৰে দুয়োগৰাকীয়ে সম্পূৰ্ণ কৰে শতক। জাদেজাই ১০৭ আৰু সুন্দৰে ১০১ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে। ইয়াৰ পিছতে দুয়োগৰাকী অধিনায়কৰ সহমতত মেচখন ড্ৰ ৰূপে ঘোষণা কৰা হয়। দৰ্শনীয় অলৰাউণ্ড প্ৰদৰ্শনৰ বাবে ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কছ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়।
উল্লেখ্য যে এই ফলাফলৰ পিছতো শৃংখলাত ইংলেণ্ড এইপৰ্যন্ত ২–১ ব্যৱধানত আগবাঢ়ি আছে। এতিয়া শৃংখলাত সমতা স্থাপনৰ বাবে অন্তিম মেচত যিকোনো প্ৰকাৰে জয়ী হ’ব লাগিব ভাৰত। উক্ত মেচখনত ইংলেণ্ড জয়ী হ’লে বা ড্ৰ ৰূপে সামৰণি পৰিলেও ভাৰতে শৃংখলা হেৰুৱাব লাগিব। অহা ৩১ জুলাইৰ পৰা কেনিংটন অ’ভেলত এই মেচখন অনুষ্ঠিত হ’ব।