একালত তুলনা হৈছিল শচীনৰ সৈতে, পিছে সৌভাগ্য নহ’ল দেশৰ হৈ খেলাৰ! এতিয়া দেশক তুলি দিলে বিশ্বকাপ ট্ৰফী
ক্ৰিকেটপ্ৰেমীৰ বাবে অচিনাকি নহয় এই নাম। অৱশ্যে বহুলোকেই হয়তো পৰিচিত নহয় অমল মুজুমদাৰৰ কৃতিত্বৰ বিষয়ে। প্ৰশিক্ষকৰ ৰূপত ভাৰতীয় দলক বিশ্বকাপৰ খিতাপ তুলি দিয়া এইগৰাকী অমল মুজুমদাৰ খেলুৱৈ হিচাপেও আছিল অসাধাৰণ প্ৰতিভাৰ অধিকাৰী।
ভাৰতীয় ক্ৰিকেট ইতিহাসত এক নতুন ধাৰাৰ সংযোজন কৰি দেওবাৰে ভাৰতীয় মহিলা ক্ৰিকেট দলে জয় কৰে মহিলা বিশ্বকাপ ২০২৫ৰ খিতাপ। প্ৰথমবাৰৰ বাবে বিশ্বকাপ খিতাপত চুম্বন দিয়াৰ অনন্য সাফল্য অৰ্জন কৰে ভাৰতীয় মহিলা দলে। এই ঐতিহাসিক সাফল্য লাভৰ পথত হৰমপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৰ প্ৰতিগৰাকী সদস্যই দাঙি ধৰে উজ্জীৱিত প্ৰদৰ্শন। খেলুৱৈসকলক সঠিক দিগদৰ্শন কৰি বিশ্বকাপ জয়ৰ অসাধাৰণ সফলতাৰ পথৰ অন্যতম খনিকৰ হৈ পৰে দলৰ প্ৰশিক্ষক অমল মুজুমদাৰ।
ক্ৰিকেটপ্ৰেমীৰ বাবে অচিনাকি নহয় এই নাম। অৱশ্যে বহুলোকেই হয়তো পৰিচিত নহয় অমল মুজুমদাৰৰ কৃতিত্বৰ বিষয়ে। প্ৰশিক্ষকৰ ৰূপত ভাৰতীয় দলক বিশ্বকাপৰ খিতাপ তুলি দিয়া এইগৰাকী অমল মুজুমদাৰ খেলুৱৈ হিচাপেও আছিল অসাধাৰণ প্ৰতিভাৰ অধিকাৰী। কেৱল ইমানেই নহয়, এসময়ত ‘নতুন তেণ্ডুলকাৰ’ হিচাপে চৰ্চিত হৈছিল এইগৰাকী অমল মুজুমদাৰ।
দেশৰ ঘৰুৱা ক্ৰিকেটত লাভ কৰা অনন্য সাফল্যৰ বাবে অমল মজুমদাৰে লাভ কৰিছিল এনে আখ্যা। পিছে এনে সফলতায়ো অমল মুজুমদাৰৰ বাবে মুকলি কৰিব নোৱাৰিলে ভাৰতীয় দলত প্ৰৱেশৰ দ্বাৰ। সমসাময়িক শচীন, দ্ৰাবিড়, গাংগুলী সকলোৱে ভাৰতীয় দলত স্থান নিগাজী কৰিলেও অমল মুজুমদাৰে কোনোদিনেই স্থান লাভ নকৰিল ভাৰতীয় দলত।
উল্লেখ্য এইগৰাকী অমল মুজুমদাৰৰ নামতে আছিল ভাৰতৰ ঘৰুৱা ক্ৰিকেটৰ শ্ৰেষ্ঠ প্ৰতিযোগিতা হিচাপে স্বীকৃত ৰঞ্জী ট্ৰফীত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ। অৱশ্যে পিছত ৱাছিম জাফৰে অমল মুজুমদাৰৰ নামত থকা ৯,২০৫ ৰানৰ এই অভিলেখ অতিক্ৰম কৰি নিজৰ নামলৈ আনে। প্ৰথম শ্ৰেণী আৰু লিষ্ট এ ক্ৰিকেটত অমল মুজুমদাৰৰ প্ৰদৰ্শন আছিল চমকপ্ৰদ।
প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অমল মুজুমদাৰে মুঠ ১৭১ খন মেচত ৪৮.১৩ গড়ে ৩০টা শতক আৰু ৬০টা অৰ্ধশতকৰ সহায়ত ১১,১৬৭ ৰান সংগ্ৰহ কৰিছিল। আনহাতে লিষ্ট এ ক্ৰিকেটতো ১১৩ খন মেচত তেওঁৰ নামত আছিল ৩,২৮৬ ৰান। ঘৰুৱা ক্ৰিকেটত এইদৰে ৰানৰ পাহাৰ তুলিলেও অমল মুজুমদাৰে পিছে ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল।
নিজ কেৰিয়াৰত মুম্বাইৰ লগতে অসম আৰু অন্ধ্ৰ প্ৰদেশকো ঘৰুৱা ক্ৰিকেটত প্ৰতিনিধিত্ব কৰিছিল অমল মুজুমদাৰে। সুদীৰ্ঘ প্ৰায় ২০ বছৰীয়া ক্ৰিকেট কেৰিয়াৰৰ অৱসান ঘটাই অৱশেষত ২০১৩–১৪ চনৰ ৰঞ্জি ট্ৰফীৰ সময়তে অমল মুজুমদাৰে অৱসৰ ঘোষণা কৰে। ইয়াৰ পিছতে তেওঁ প্ৰশিক্ষক হিচাপে নতুন কেৰিয়াৰৰ আৰম্ভণি কৰে।
অমল মজুমদাৰে প্ৰথমে ভাৰতৰ ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট দল আৰু ভাৰত ২৩ বছৰ অনুৰ্ধ ক্ৰিকেট দলৰ বেটিং প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰিছিল। ২০১৩ চনৰ ডিচেম্বৰ মাহত মাজুমদাৰক নেদাৰলেণ্ড ক্ৰিকেট দলৰ বেটিং পৰামৰ্শদাতা হিচাপে নিযুক্তি দিয়া হয়। আনহাতে ২০১৮ চনৰ পৰা তেওঁ তিনিটা ছিজন আই পি এল ফ্ৰেন্সাইজি ৰাজস্থান ৰয়েলছৰ বেটিং প্ৰশিক্ষক হিচাপে নিযুক্ত আছিল।
ইফালে দক্ষিণ আফ্ৰিকাৰ ভাৰত ভ্ৰমণৰ সময়ত তেওঁ দক্ষিণ আফ্ৰিকাৰ বেটিং প্ৰশিক্ষক (অন্তৱৰ্তীকালীন) হিচাপেও নিযুক্তি লাভ কৰিছিল। ২০২৩ চনৰ অক্টোবৰ মাহত বিচিচিআইয়ে আমল মুজুমদাৰক ভাৰতৰ মহিলা ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়ে। বিচিচিআইয়ে তেওঁৰ প্ৰতি দেখুওৱা এই আস্থাক সঠিক প্ৰমাণিত কৰি দেওবাৰে ভাৰতীয় দলৰ হৈ বিশ্বকাপ জয় কৰে অমল মুজুমদাৰে।