শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অৱসৰ ল’বলৈ বাধ্য হৈছিল ৰোহিত-বিৰাট! চাঞ্চল্যকৰ দাবী…

ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে টেষ্ট ফৰ্মেটৰ পৰা বিদায় লৈছিল। একে সময়তে ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ পিছত টি-২০ ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। ইফালে, টেষ্টৰ পৰা এই প্ৰবীণ খেলুৱৈসকলৰ অৱসৰ সন্দৰ্ভত এটা ডাঙৰ বক্তব্য প্ৰদান কৰিছে এজন প্ৰাক্তন ভাৰতীয় বেগী বলাৰে।

অৱসৰ ল’বলৈ বাধ্য হৈছিল ৰোহিত-বিৰাট! চাঞ্চল্যকৰ দাবী…
বিৰাট কোহলী, ৰোহিত শৰ্মাImage Credit source: Gareth Copley/Getty Images
trishna-kalita
Trishna Kalita | Published: 16 Aug 2025 16:23 PM

ভাৰতীয় ক্ৰিকেটৰ দুই কিংবদন্তি ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে শেহতীয়াকৈ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰি সকলোকে আচৰিত কৰি তুলিছিল। ইংলেণ্ড ভ্ৰমণৰ ঠিক পূৰ্বে এই দুয়োগৰাকী খেলুৱৈয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে টেষ্ট কেৰিয়াৰৰ পৰা বিদায় লয়। তাৰ পিছত বহু প্ৰশ্নৰ উত্থাপন হৈছিল।  এই সন্দৰ্ভত ভাৰতৰ প্রাক্তন বেগী বলাৰ কৰচন ঘৱৰীয়ে এই বিষয়ত এক চাঞ্চল্যকৰ দাবী কৰিছে যে এই দুগৰাকী খেলুৱৈৰ  নিজৰ ইচ্ছামতে অৱসৰ লোৱা নাছিল, এয়া বিচিচিআই আৰু নির্বাচকসকলৰ আভ্যন্তৰীণ ৰাজনীতিৰ ফল৷

কৰচন ঘৱৰীৰ মতে কোহলী আৰু কমেও দুবছৰ টেষ্ট দলত থাকিব পাৰিলেহেঁতেন। ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰক বিচিচিআইয়ে বিদায়ো নিদিলে, সেই কথাক লৈও তেওঁ গুৰুত্ব আৰোপ কৰে। ভিকি লালৱানী শ্ব’ত কোহলীৰ হঠাৎ অৱসৰৰ সন্দৰ্ভত সোধাত ঘৱৰীয়ে কয়, ‘এয়া এক ৰহস্য। কোহলীয়ে নিশ্চিতভাৱে ভাৰতৰ হৈ খেলি থাকিব লাগিছিল, হয়তো আগন্তুক কেইবছৰমানলৈ। কিন্তু মই ভাবো কিবা এটাই তেওঁক অৱসৰ ল’বলৈ বাধ্য কৰালে। অৱসৰ লোৱাৰ সময়ত বিচিচিআইয়ে তেওঁক বিদায়ো নিদিলে।’

ঘৱৰীয়েও এই সময়ত দাবী কৰে যে ৰোহিত আৰু কোহলী ভাৰতীয় দল পৰিচালনাৰ আভ্যন্তৰীণ ৰাজনীতিৰ বলি হৈছে। ঘৱৰীয়ে কয়, ‘এয়া বিচিচিআইৰ আভ্যন্তৰীণ ৰাজনীতি যিটো বুজিবলৈ টান। আৰু মই ভাবো হয়তো এইবোৰেই তেওঁলোকে অকালতে অৱসৰ লোৱাৰ কাৰণ। আনকি ৰোহিত শৰ্মাই অকালতে অৱসৰ ল’লে। তেওঁক যাবলৈ কোৱা হ’ল। এনে নহয় যে তেওঁ যাব বিচাৰিছিল। তেওঁ থাকিবলৈ মন কৰিছিল। কিন্তু নিৰ্বাচক আৰু বি চি চি আইৰ ধাৰণা বেলেগ বেলেগ। এয়া তুচ্ছ ৰাজনীতিৰ বিষয়।’

উল্লেখ্য যে, ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ পাছত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে টি-২০ ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। একে সময়তে চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁ টেষ্টৰ পৰা বিদায় লৈছিল। এতিয়া এই দুয়োজন খেলুৱৈ কেৱল এদিনীয়াৰ অংশ। চলিত বৰ্ষৰ অক্টোবৰ মাহত টীম ইণ্ডিয়াই অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব লাগিব, য’ত অনুষ্ঠিত হ’ব এদিনীয়া শৃংখলা। কিন্তু একাংশ খবৰ অনুসৰি এই ভ্ৰমণ হয়তো ৰোহিত আৰু বিৰাটৰ শেষ ভ্ৰমণ। অৱশ্যে এই বিষয়ত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ পোৱা নাই।