5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা, জুনিয়ৰৰ ৰিকাৰ্ভত মহেশ-শ্ৰুস্তি চেম্পিয়ন

গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত চলি থকা ল’ৰা-ছোৱালীৰ প্ৰথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতাৰ জুনিয়ৰৰ ৰিকাৰ্ভ আৰু কম্পাউণ্ড শাখাৰ ফাইনেল মেচ সমাপ্ত হৈছে৷

এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা, জুনিয়ৰৰ ৰিকাৰ্ভত মহেশ-শ্ৰুস্তি চেম্পিয়ন
এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা
barasha-misra
Barasha Misra | Published: 16 Aug 2024 22:20 PM

ল’ৰাৰ শাখাত ৰাজস্থানৰ মহেশ কুমাৱটে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় হয় ক্ৰমে হাৰিয়ানাৰ ৰাহুল আৰু বংগৰ জুৱেল সৰকাৰ৷ আনহাতে, ৰিকাৰ্ভৰ ছোৱালীৰ খিতাপ লাভ কৰে মহাৰাষ্ট্ৰৰ শ্ৰুস্তি বালাজীয়ে৷ ৰূপ হাৰিয়ানাৰ কৃৰ্তিকা তথা ব্ৰঞ্জ ৰাজস্থানৰ প্ৰাঞ্জালী থ’লিয়াই অৰ্জন কৰে৷

ইফালে, জুনিয়ৰৰ কম্পাউণ্ড শাখাত ল’ৰাৰ খিতাপ লাভ কৰে মহাৰাষ্ট্ৰৰ মানৱ যাদবে৷ মধ্য প্ৰদেশৰ ৰাঘব পাটিডাৰে ৰূপ তথা হাৰিয়ানাৰ আয়ুশ ৰাৱে ব্ৰঞ্জৰ পদক পায়৷ ছোৱালীৰ সোণ অৰ্জন কৰে হাৰিয়ানাৰ একতা ৰাণীয়ে৷ তেলেংগনাৰ তানিপাৰ্থি চিকিথা দ্বিতীয় তথা হাৰিয়ানাৰ দ্বিপশিখা তৃতীয় হয়৷

উল্লেখ্য যে অসম আৰ্চাৰী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত ছিনিয়ৰ, জুনিয়ৰ আৰু ছাৱ-জুনিয়ৰ শাখাত ল’ৰা-ছোৱালী উভয়ৰে ৰিকাৰ্ভ আৰু কম্পাউণ্ডৰ একক শাখাৰ খেল অনুষ্ঠিত হৈছে৷ কাইলৈৰ পৰা দুদিনীয়াকৈ ছাৱ-জুনিয়ৰৰ খেল হ’ব৷ ইতিমধ্যে হৈ যোৱা ছিনিয়ৰ তথা জুনিয়ৰ শাখাত অসমৰ আৰ্চাৰে পদক জয় কৰাত ব্যৰ্থ হৈছে৷

আঠদিনীয়া প্ৰতিযোগিতাখনৰ প্ৰথম দুটা দিনত হোৱা ছিনিয়ৰ শাখাৰ খেলত ৰিকাৰ্ভ আৰু কম্পাউণ্ড উভয়তে অন্তিম ১৬ নকআউট পৰ্যায়লৈ অসমৰ কোনো খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰিব পৰা নাছিল৷ কিন্তু জুনিয়ৰৰ ৰিকাৰ্ভত অসমৰ বিশাল চাংমাই আৰু আনিশা দাসে ফাইনেল ৰাউণ্ডলৈ যোগ্যতা অৰ্জন সফল হয় যদিও প্ৰি-কোৱাৰ্টাতে বিদায় লয়৷

কেতিয়াৰ পৰা আৰম্ভ হৈছে?

১১ আগষ্টৰ পৰা গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত আৰম্ভ হৈছে প্ৰথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা৷ প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে মুকলি কৰে অসম আৰ্চাৰী সন্থাৰ সভাপতি তথা ৰাজ্যৰ আৰক্ষী সঞ্চালক জি পি সিঙে৷ প্ৰতিযোগিতাত অসমৰ জয়ন্ত তালুকদাৰ, অতনু দাসসহ অলিম্পিয়ান আৰু অৰ্জন সন্মান লাভ কৰা তাৰকাৰ লগতে দেশৰ প্ৰায় পাঁচশ আৰ্চাৰে অংশগ্ৰহন কৰিছিল৷ উদ্বোধনী অনুষ্ঠানত এন টি পি চিৰ মহা প্ৰবন্ধক ওংকাৰ নাথ, শীৰ্ষ আৰক্ষী বিষয়া প্ৰাৰ্থ সাৰথি মহন্ত, ছাইৰ সঞ্চালক বি কে মিট্টাল, ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং, জিলা পৰিবহন বিষয়া গৌতম দাসসহ ভাৰতীয় আৰ্চাৰী ফেডাৰেছন আৰু অসম আৰ্চাৰী সন্থাৰ বিষয়াসকল উপস্থিত থাকে৷

খেলৰ মহত্ব

বিভিন্ন সময়ত ৰাজ্যত বহুতো খেল ধেমালি অনুষ্ঠিত কৰা হয়। শিক্ষাৰ্থীসকলৰ বিকাশৰ বাবে আন্তঃবিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতা প্ৰত্যেক জুন-জুলাই মাহত জিলা আৰু ৰাজ্যিক পৰ্যায়ত অনুস্থিত হয়। খেলত শিশুৱে আমোদৰ সন্ধান পায়, সেয়াই হ’ল খেল-ধেমালি জৰুৰী। ই হ’ল শিশুৰ নিজৰ কাৰণেই উপভোগ্য আৰু নিজৰ দ্বাৰাই পুৰস্কৃতৰ থলী। সেয়েহে খেলা-ধূলাই শিশুক সন্তোষ প্ৰদান কৰে। খেলা-ধূলাত শিশুৰ অংশগ্ৰহণ স্বতঃস্ফূৰ্ত হয়।

খেল কিয় গুৰুত্বপূৰ্ণ?

যিবিলাক খেলা সক্রিয় আৰু শক্তিশালী, তেনেধৰণৰ খেলাই শিশুৰ মাংসপেশী নিয়ন্ত্ৰণৰ সহায়ক। দেহৰ অংগসমূহৰ পৰিপক্ক দৈহিক বিকাশ আৰু অংগ-সঞ্চালনাৰ দক্ষতা অর্জন কৰিব পাৰি আৰু শিশুৰ এই দক্ষতাবোৰৰ অভ্যসনৰ সুযোগ পায়। খেলৰ দ্বাৰা যিদৰে সিৰাৰ সুষম বিকাশ ঘটে, ঠিক তেনেদৰে সামগ্রিক পেশীৰ সমন্বয়ো ঘটে।
খেলাই কোনো এটা বিষয়ৰ ওপৰত জ্ঞান আহৰণ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে। শিশুৱে তেওঁৰ চৌপাশৰ পৰিৱেশৰ সম্বন্ধে জ্ঞান আহৰণ কৰাৰ বেলিকা পাঁচ ইন্দ্ৰিয়ৰ ভূমিকাই উৎস স্থল। এই ক্ষেত্ৰত সংবোধন ইন্দ্ৰিয়ৰ ক্ৰিয়া অতিকৈ গুৰুত্বপূৰ্ণ।

Latest News