শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জয়ৰ আশা পূৰ হ’বনে ভাৰতৰ? বৰষুণে দিব নেকি বাধা! চাওক বাৰ্মিংহামত আজি বতৰৰ স্থিতি কেনে

এডজবাষ্টন টেষ্টৰ অন্তিম দিনা আজি ভাৰতক জয়ৰ বাবে প্ৰয়োজন ইংলেণ্ডৰ ইনিংছৰ ৭টা উইকেটৰ। আনহাতে ইংলেণ্ডক মেচখনত জয়ৰ বাবে প্ৰয়োজন এতিয়াও ৫৩৬ ৰান। এনে পৰিস্থিতিত ইংলেণ্ডৰ বাবে জয়ৰ সম্ভাৱনা একপ্ৰকাৰে অনিশ্চিত হৈ পৰিছে যদিও ভাৰতৰ হাতত আছে এক সুযোগ। পিছে ভাৰতৰ এই জয়ৰ আশাত বতৰে বিঘিনি ঘটোৱাৰ সম্ভাৱনাই গা কৰি উঠিছে।

জয়ৰ আশা পূৰ হ’বনে ভাৰতৰ? বৰষুণে দিব নেকি বাধা! চাওক বাৰ্মিংহামত আজি বতৰৰ স্থিতি কেনে
এডজবাষ্টন টেষ্টত বৰষুণৰ সম্ভাৱনাImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 06 Jul 2025 15:36 PM

ভাৰত আৰু ইংলেণ্ডৰ মাজত বাৰ্মিংহামৰ এডজবাষ্টনত চলি থকা টেষ্টৰ আজি অন্তিম দিন মেচৰ অন্তিম দিনা আজি ভাৰতক জয়ৰ বাবে প্ৰয়োজন ইংলেণ্ডৰ ইনিংছৰ ৭টা উইকেটৰ আনহাতে ইংলেণ্ডক মেচখনত জয়ৰ বাবে প্ৰয়োজন এতিয়াও ৫৩৬ ৰান এনে পৰিস্থিতিত ইংলেণ্ডৰ বাবে জয়ৰ সম্ভাৱনা একপ্ৰকাৰে অনিশ্চিত হৈ পৰিছে যদিও ভাৰতৰ হাতত আছে এক সুযোগ যদি আজি ইংলেণ্ডৰ ইনিংছৰ অন্তিম ৭টা উইকেট দখল কৰিব পাৰে, তেতিয়া ভাৰতে ৫৮ বছৰীয়া ব্যৰ্থতা দূৰ কৰিবলৈ সক্ষম

এই খেলপথাৰত যোৱা ৫৮টা বছৰত জয়লাভ কৰিবলৈ সক্ষম হোৱা নাই ভাৰতীয় দল পিছে ভাৰতৰ এই জয়ৰ আশাত বতৰে বিঘিনি ঘটোৱাৰ সম্ভাৱনাই গা কৰি উঠিছেযদি বাৰ্মিংহামত আজি সম্ভাৱনা থকাৰ দৰেই বৰষুণ আহে, তেতিয়া স্বাভাৱিকতেই ভাৰতীয় দলৰ আশা ম্লান পৰিব আনহাতে এক নিশ্চিত পৰাজয়ৰ পৰা ৰক্ষা পৰিব ইংলেণ্ড

AccuWeather-ৰ প্ৰতিবেদন অনুসৰি এডজবাষ্টন টেষ্টৰ পঞ্চম দিনা আজি বাৰ্মিংহামত বৰষুণৰ সম্ভাৱনা প্ৰায় ৬০ শতাংশ। মেচৰ প্ৰাৰম্ভিক অৱস্থাতে চহৰখনত বৰষুণৰ সম্ভাৱনা ৫৬ শতাংশ। অৰ্থাৎ আজি দিনটোৰ ফাৰ্ষ্ট চেচনত বৰষুণৰ প্ৰভাৱ পৰিব পাৰে। এনে পৰিস্থিতিত ইংলেণ্ড লাভৱান হ’ব পাৰে আৰু মেচখন অন্ততঃ ড্ৰ’ কৰাৰ ক্ষেত্ৰত ইংলেণ্ডৰ চেষ্টা কিছু সহজ হ’ব। অৱশ্যে বৰষুণৰ পুনৰ ৰ’দ ওলোৱাৰ কিছু সম্ভাৱনা আছে

কিন্তু ইংলেণ্ডৰ বতৰ হঠাতে সলনি পাৰে, গতিকে ভাৰতীয় বলিং আক্ৰমণে কম সময়ৰ ভিতৰতে উইকেট দখলৰ চেষ্টা চলাব লাগিব ইফালে বাৰ্মিংহামৰ উষ্ণতা আজি ২০ ডিগ্ৰী চেলছিয়াছতকৈও কম হোৱাৰ সম্ভাৱনা আছে। গতিকে ভাৰতীয় দলৰ জয়ৰ ক্ষেত্ৰত আজি যথেষ্ট প্ৰত্যাহ্বান থাকিব।