শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

গৃহভূমিত আদৰণিৰ পৰাও বঞ্চিত বিশ্বজয়ী উমা, ৰাজকীয় আদৰণিৰ লগতে সতীৰ্থ খেলুৱৈলৈ কোটি টকাৰ পুৰস্কাৰ আৰু চাকৰি

বিশ্বকাপ জয় কৰি অহাৰ পিছতো গৃহভূমিত সঠিক আদৰণি লাভ নকৰিলে উমাই। বিমানবন্দৰত ক্ৰিকেটাৰগৰাকীক আদৰণি জনাবলৈ উপস্থিত থাকে কেৱল গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়া। বিশ্বজয়ী খেলুৱৈগৰাকীক আদৰণি জনাবলৈ বিমান বন্দৰত অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াও উপস্থিত নাছিল বুলি অভিযোগ উত্থাপন হয়।

গৃহভূমিত আদৰণিৰ পৰাও বঞ্চিত বিশ্বজয়ী উমা, ৰাজকীয় আদৰণিৰ লগতে সতীৰ্থ খেলুৱৈলৈ কোটি টকাৰ পুৰস্কাৰ আৰু চাকৰি
উমা ছেত্ৰীসহ সতীৰ্থ খেলুৱৈImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 07 Nov 2025 18:59 PM

যোৱা ২ নৱেম্বৰত ইতিহাস সৃষ্টি কৰি মহিলা বিশ্বকাপ ২০২৫ৰ খিতাপ জয় কৰে ভাৰতে। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ট্ৰফীত চুম্বন দিবলৈ সক্ষম হয়। স্বাভাৱিকতেই এই ঐতিহাসিক সাফল্যই ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰত এক নতুনত্বৰ সূচনা কৰিব। বিশ্বজয়ী এই দলটোত আছিল অসম কন্যা উমা ছেত্ৰীও। ইয়াৰ লগে লগে বিশ্বকাপ জয়ী প্ৰথমগৰাকী অসমীয়া হিচাপে উমাই লাভ কৰে ঐতিহাসিক খ্যাতি। এনে অনন্য সাফল্য লাভৰ পিছত বৃহস্পতিবাৰে স্ব-ৰাজ্যত উপস্থিত হয় উমা।

আশ্চৰ্যজনকভাৱে বিশ্বকাপ জয় কৰি অহাৰ পিছতো গৃহভূমিত সঠিক আদৰণি লাভ নকৰিলে উমাই। বিমানবন্দৰত ক্ৰিকেটাৰগৰাকীক আদৰণি জনাবলৈ উপস্থিত থাকে কেৱল গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়া। বিশ্বজয়ী খেলুৱৈগৰাকীক আদৰণি জনাবলৈ বিমান বন্দৰত অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াও উপস্থিত নাছিল বুলি অভিযোগ উত্থাপন হয়।

কেৱল অসম ক্ৰিকেট সন্থাই নহয়, গোৰ্খা ছাত্ৰ সন্থাৰ বাদে আন কোনো জাতীয় সংগঠনেই আদৰণি জনোৱা নাছিল উমা ছেত্ৰীক। ইয়াকে কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। অৱশ্যে এই বিষয়ত স্পষ্টীকৰণ দিছে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে।

উমাক লৈ অসম ক্ৰিকেট সন্থাই সদায়েই গৌৰৱ কৰে বুলি উল্লেখ কৰে তৰংগ গগৈয়ে। লগতে নিশা পলম হোৱাৰ বাবে উমাৰ ইচ্ছা অনুসৰিয়েই নিশা কোনোধৰণৰ বিশেষ আদৰণি অনুষ্ঠানৰ পৰা বিৰত থাকে বুলি তৰংগ গগৈয়ে সদৰী কৰে। তেওঁ লগতে অসম ক্ৰিকেট সন্থাৰ কেইগৰাকীমান বিষয়ববীয়াই উমাক বিমান বন্দৰত আদৰণি জনায় বুলি উল্লেখ কৰে।

যি কি নহওক, গৃহভূমিত উমাই তেনে আদৰণি লাভ নকৰিলেও তেওঁৰ সতীৰ্থ খেলুৱৈসকলে লাভ কৰে ৰাজকীয় আদৰণি। লগতে তেওঁলোকে লাভ কৰিছে বৃহৎ পৰিমাণৰ পুৰস্কাৰ আৰু চাকৰি। দলৰ সদস্য শ্ৰী চৰণীক অন্ধ্ৰপ্ৰদেশ চৰকাৰে ২.৫ কোটি টকাৰ নগদ ধনৰ পুৰস্কাৰৰ লগতে প্ৰথম বৰ্গৰ চৰকাৰী চাকৰি আৰু ১০০০ গজ আৱাসিক প্লট প্ৰদান কৰিছে।

জনসাধাৰণৰ ব্যাপক আদৰণিৰ লগতে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু কেবিনেট মন্ত্ৰী লোকেশ নাৰাই শ্ৰী চৰণীক বাসগৃহত সাক্ষাৎ কৰে। কেৱল চৰণীয়েই নহয়, দলৰ সহ-অধিনায়ক স্মৃতি মান্ধানা, জেমিমা ৰড্ৰিগুৱেজ আৰু ৰাধা যাদৱক পুৰস্কৃত কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে।

এই তিনি তাৰকা খেলুৱৈক মহাৰাষ্ট্ৰ চৰকাৰে ২.২৫ কোটি টকা নগদ পুৰস্কাৰ প্ৰদান কৰি সন্মান জনাইছে। ইয়াৰ সমান্তৰালকৈ ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক অমল মুজুমদাৰকো ২২.৫০ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰিছে। দলৰ সদস্য ৰিচা ঘোষকো গৃহৰাজ্যত ৰাজকীয় আদৰণি জনোৱা হয়। তেওঁক আৰক্ষী বিভাগত চাকৰিৰো প্ৰস্তাৱ গ্ৰহণ কৰিছে পশ্চিম বংগ চৰকাৰে।