নিলামৰ দামী, ইতিহাসৰ দ্বিতীয় সৰ্বাধিক দামী খেলুৱৈ হ’ল দীপ্তি; দেখা গ’ল এনে দৃশ্য
এই নিলামত আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হয় ভাৰতীয় তাৰকা দীপ্তি শৰ্মা। কেৱল সেয়াই নহয়, তেওঁ লগতে ৱ’মেন প্ৰিমিয়াৰ লীগৰ ইতিহাসৰ দ্বিতীয় সৰ্বাধিক দামী খেলুৱৈ হিচাপেও পৰিগণিত হয় দীপ্তি।
দিল্লীত বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৱ’মেন প্ৰিমিয়াৰ লীগৰ নিলাম। প্ৰতিযোগিতাৰ চতুৰ্থ সংস্কৰণৰ বাবে হোৱা এই মেগা নিলামত মুঠ ২৭৭ গৰাকী ক্ৰিকেটাৰৰ নিবিদা আগবঢ়োৱা হয়। এই নিলামত আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হয় ভাৰতীয় তাৰকা দীপ্তি শৰ্মা। কেৱল সেয়াই নহয়, তেওঁ লগতে ৱ’মেন প্ৰিমিয়াৰ লীগৰ ইতিহাসৰ দ্বিতীয় সৰ্বাধিক দামী খেলুৱৈ হিচাপেও পৰিগণিত হয় দীপ্তি। প্ৰতিযোগিতাৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে স্থান অক্ষত আছে স্মৃতি মান্ধানাৰ। উদ্বোধনী সংস্কৰণত স্মৃতি মান্ধানাক সৰ্বাধিক ৩.৪০ কোটি টকা মূল্যত আৰ চি বিয়ে ক্ৰয় কৰিছিল।
খেলুৱৈৰ ৰিটেইন প্ৰক্ৰিয়া
মেগা নিলামৰ পূৰ্বে প্ৰতিটো ফ্ৰেন্সাইজিয়ে ৫ গৰাকীকৈ খেলুৱৈ ৰিটেইন কৰিছিল। মুম্বাইয়ে হৰমনপ্ৰীত কৌৰ, নেট ছিভাৰ ব্ৰাণ্ট, হেলি মেথিউছ, অমনজোত কৌৰৰ দৰে খেলুৱৈক ৰিটেইন কৰিছিল। একেদৰে আৰ চি বিয়ে স্মৃতি মান্ধানা, এলিছ পেৰী, ৰিচা ঘোষ আৰু শ্ৰেয়াংকা পাটিলক ৰিটেইন কৰে।
আনহাতে দিল্লীয়ে শ্বেফালী বাৰ্মা, জেমিমা ৰড্ৰিগুৱেজ, মাৰিজেন কেপ, এনাবেল চাথাৰলেণ্ডক ৰিটেইন কৰিছিল। ইফাকে গুজৰাট জায়েণ্টছে বেথ মুনী আৰু এছলী গাৰ্ডনাৰক ৰিটেইন কৰিছিল। কিন্তু আশ্চৰ্যকৰভাৱে ইউ পি ৱাৰিয়ৰ্ছে ৰিলিজ কৰিছিল তাৰকা অলৰাউণ্ডাৰ দীপ্তি শৰ্মাক।
দীপ্তি আটাইতকৈ দামী
অৱশ্যে মেগা নিলামত ইউ পি ৱাৰিয়ৰ্ছে তেওঁক পুনৰ ৩.২ কোটি টকাত দলত অন্তৰ্ভুক্ত কৰে। এইক্ষেত্ৰত দলটোৱে ব্যৱহাৰ কৰে ৰাইট টু মেচ কাৰ্ড। নিলামত ৫০ লাখ টকা দৰৰ পৰা দীপ্তিৰ নিবিদা আৰম্ভ হৈছিল। ইয়াৰ পিছত দিল্লী কেপিটেলছে দীপ্তিৰ বাবে নিবিদা আগবঢ়ায়। কিন্তু ইউ পি ৱাৰিয়ৰ্ছে ৰাইট টু মেচ কাৰ্ড ব্যৱহাৰ কৰি বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ দীপ্তিক দললৈ আনে।
এইদৰে এইবাৰৰ ৱ’মেন প্ৰিমিয়াৰ লীগৰ মেগা নিলামত সৰ্বাধিক ধন লাভ কৰা খেলুৱৈ ৰূপে পৰিগণিত হয় দীপ্তি। তেওঁৰ পিছতে আমেলিয়া কেৰক দ্বিতীয় সৰ্বাধিক দামী খেলুৱৈ ৰূপে ৩ কোটি টকাত ক্ৰয় কৰে মুম্বাই ইণ্ডিয়ানছ। আনহাতে শিখা পাণ্ডেক ২.৪ কোটি টকাত ইউ পি ৱাৰিয়ৰ্ছে, ছফী ডিভাইনক ২ কোটি টকাত গুজৰাট জায়েণ্টছে আৰু মেগ লেনিঙক ১.৯ কোটি টকাত ইউ পি ৱাৰিয়ৰ্ছে ক্ৰয় কৰিছে।