শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰত নতুন সংযোজন, উমাৰাংছুত ক্রিকেট ষ্টেডিয়াম উদ্বোধন মুখ্যমন্ত্ৰীৰ

প্রায় ১৫,০০০ আসন ক্ষমতা বিশিষ্ট এই আকর্ষণীয় ভূ-গেলাৰীৰ ব্যৱস্থা সম্পন্ন অত্যাধুনিক ক্রিকেট ষ্টেডিয়াম আৰু ছেঙিয়া তুলাৰাম পেভেলিয়ানৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, ২০২১ চনৰ ২৫ ছেপ্টেম্বৰত এই ষ্টেডিয়ামখনৰ আধাৰশিলা স্থাপন কৰা হৈছিল।

ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰত নতুন সংযোজন, উমাৰাংছুত ক্রিকেট ষ্টেডিয়াম উদ্বোধন মুখ্যমন্ত্ৰীৰ
বেটাৰৰ ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
monjit-dutta
Monjit Dutta | Updated On: 05 Dec 2025 18:41 PM

ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে এক সুখবৰ। যুৱ খেলুৱৈসকলৰ প্ৰতিভা বিকাশ তথা প্ৰদৰ্শনৰ ক্ষেত্ৰত এক উন্নত মঞ্চৰ ৰূপত আজি উমৰাংছুত এখন নতুন ক্ৰিকেট ষ্টেডিয়াম উদ্বোধন কৰা হৈছে। অসম ক্রিকেট সন্থাৰ উদ্যোগত ডিমা হাছাও জিলাৰ উমৰাংছুৰ এক নৈসর্গিক পৰিৱেশত গঢ়ি তোলা এই ষ্টেডিয়ামখনৰ আজি উদ্বোধন কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। এই নতুন ষ্টেডিয়ামখন ৰাজ্যৰ উদীয়মান ক্রিকেট খেলুৱৈসকলক উৎসাহিত কৰাৰ লগতে ক্ৰিকেটৰ এক ইতিবাচক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপৰ অংশ হিচাপে পৰিগণিত হৈছে।

প্রায় ১৫,০০০ আসন ক্ষমতা বিশিষ্ট এই আকর্ষণীয় ভূ-গেলাৰীৰ ব্যৱস্থা সম্পন্ন অত্যাধুনিক ক্রিকেট ষ্টেডিয়াম আৰু ছেঙিয়া তুলাৰাম পেভেলিয়ানৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, ২০২১ চনৰ ২৫ ছেপ্টেম্বৰত এই ষ্টেডিয়ামখনৰ আধাৰশিলা স্থাপন কৰা হৈছিল। খেলুৱৈসকলক উপযুক্ত প্রশিক্ষণ প্রদান আৰু সর্বোত্তম প্ৰদৰ্শনত সহায়ক হোৱাকৈ এই ষ্টেডিয়ামখনত পাঁচটা চেণ্টাৰ উইকেট আৰু পাঁচটা নির্দিষ্ট অনুশীলন পিটচ থকা এক অনুশীলন ক্ষেত্র আছে, যি বছৰজুৰি প্ৰশিক্ষণৰ সুবিধা নিশ্চিত কৰিব।

এই ষ্টেডিয়াম প্ৰকল্পৰ চৌহদত প্রায় ৩২ গৰাকী খেলুৱৈৰ বাবে অত্যাধুনিক সুবিধাযুক্ত এটা পেভিলিয়ন আৰু চৌহদটোৰ কাম-কাজ চলোৱাৰ বাবে কৰ্মচাৰীসকলৰ বাবে ৮ টা আৱাসিক কোৱাৰ্টাৰো নিৰ্মাণ কৰা হৈছে। ইফালে এই ক্ৰিকেট ষ্টেডিয়ামখনৰ সমীপতে এখন ফুটবল ষ্টেডিয়ামো নির্মাণ কৰা হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দুয়োবিধ জনপ্রিয় খেলৰ বাবে দুখন ষ্টেডিয়াম নিৰ্মাণ হৈ উঠাৰ পিছত উমৰাংছুত ক্রীড়াৰ এক সুন্দৰ পৰিৱেশ গঢ়ি উঠিব বুলি তেওঁ আশা প্রকাশ কৰে।

ইফালে দেশৰ তাৰকা ক্রিকেট খেলুৱৈৰ উপস্থিতত এই নতুন ষ্টেডিয়ামখনত আগন্তুক সময়ত ক্রিকেট খেল অনুষ্ঠিত কৰাৰ পৰিকল্পনাও গ্রহণ কৰা হৈছে বুলি তেওঁ জানিবকৈ দিয়ে। সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত নির্মিত এই ষ্টেডিয়ামখনত নিশাৰ ভাগত খেল অনুষ্ঠিত হ’লে ক্রীড়াপ্রেমীয়ে অধিক আনন্দ উপভোগ কৰিব পাৰিব বুলিও তেওঁ কয়। এই প্ৰসংগতে তেওঁ আজিৰ অনুষ্ঠানত উপস্থিত থকা বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়া, অসম ক্রিকেট সন্থাৰ সভাপতি তৰংগ গগৈ তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱোলাল গার্লোছাক ষ্টেডিয়ামখনত ‘ফ্লাড লাইট’ৰ ব্যৱস্থা কৰাৰ দিশত যাৱতীয় পদক্ষেপ গ্রহণ কৰিবলৈ আহ্বান জনায়।

১১ কোটি টকা ব্যয় সাপেক্ষে উমৰাংছুত এই ষ্টেডিয়ামখন নিৰ্মাণ কৰাৰ বাবে অসম ক্রিকেট সন্থাক ধন্যবাদ জনায় মুখ্যমন্ত্ৰীয়ে। নিজ ভাষণতে তেওঁ বিশ্বকাপজয়ী অসমীয়া ক্ৰিকেটাৰ উমা ছেত্ৰীৰ প্ৰসঙ্গও উল্লেখ কৰে। বোকাখাতৰ এখন গাঁৱৰ নিৱাসী উমাই নিজ প্রতিভাৰ বলত আজি ক্ৰিকেটৰ ক্ষেত্ৰখনত উজ্জ্বলি উঠিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি তেওঁ লগতে সমাজে যদি সুপ্ত প্রতিভাসমূহ বিকাশত গুৰুত্ব আৰোপ কৰে, তেন্তে অসমৰ বহু প্রতিভা পোহৰলৈ আহিব বুলিও উল্লেখ কৰে।

উমৰাংছুত যদি ক্ৰিকেটৰ এক পৰিৱেশ গঢ়ি উঠে, তেতিয়া আগন্তুক পাঁচ-দহ বছত জিলাখনৰ পৰা বহু প্ৰতিভাধৰ ক্ৰিকেট খেলুৱৈ জন্ম হ’ব বুলিও তেওঁ কয়। আগন্তুক সময়ত ষ্টেডিয়ামখনৰ সা-সুবিধা উন্নীত কৰাৰ পদক্ষেপ গ্রহণ কৰা হ’ব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্রীগৰাকীয়ে লগতে উমৰাংছুত প্ৰস্তাৱিত ফুটবল ষ্টেডিয়ামখনত এটা ‘চিন্থেটিক’ ট্রেক স্থাপন কৰা হ’ব আৰু ইয়াৰ বাবে যাৱতীয় পুঁজি ৰাজ্য চৰকাৰে যোগান ধৰিব বুলিও ঘোষণা কৰে।

আজিৰ এই অনুষ্ঠানত মন্ত্ৰী নন্দিতা গার্লোছা, অসম ক্রিকেট সন্থাৰ সভাপতি তথা বিধায়ক তৰংগ গগৈ, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱোলাল গার্লোছা, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ মোহিত হোজাই, বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়া, অসম ক্রিকেট সন্থাৰ সচিব সনাতন দাস, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য, পাৰিষদীয় সদস্যবৃন্দকে ধৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।