শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

১৩ বছৰত সংগ্ৰহ ১৩৬ ৰান, ৩৮ বাৰ ‘O’ ত আউট, এইগৰাকী ক্ৰিকেটাৰে এতিয়া চলাই এখন গেলামালৰ দোকান

এজন ক্ৰিকেটাৰ। যিয়ে নিজৰ ক্ৰিকেট কেৰিয়াৰত ৰানতকৈ বেছি উইকেট দখল কৰিছে। ১৩ বছৰীয়া কেৰিয়াৰত তেওঁ মাত্ৰ ১৩৬ ৰানহে লাভ কৰিছিল। টেষ্টৰ ১০৪ ইনিংছত গড়ে ২.৩৬ ৰানেৰে মাত্ৰ ১২৩ ৰান সংগ্ৰহ কৰিছিল। এই সময়চোৱাত তেওঁ সৰ্বাধিক ১২ ৰান কৰিছিল।

১৩ বছৰত সংগ্ৰহ ১৩৬ ৰান, ৩৮ বাৰ ‘O’ ত আউট, এইগৰাকী ক্ৰিকেটাৰে এতিয়া চলাই এখন গেলামালৰ দোকান
ক্ৰিকেটাৰ
barasha-sarma
Barasha Sarma | Updated On: 10 Dec 2024 16:15 PM

নিউজিলেণ্ডৰ প্ৰাক্তন বলাৰ ক্ৰীছ মাৰ্টিনে আজি উদযাপন কৰিছে ৫০ বছৰীয়া জন্মদিন। নিউজিলেণ্ড ক্ৰিকেট ইতিহাসৰ অন্যতম সফল বলাৰ হিচাপে পৰিগণিত ক্ৰীছ মাৰ্টিনৰ জন্ম হৈছিল ১৯৭৪ চনৰ ১০ ডিচেম্বৰত কেণ্টাৰবেৰীৰ ক্ৰাইষ্টচাৰ্চত। লাইন আৰু লেংথত বলিং কৰাৰ ক্ষেত্ৰত পৰিচিত এইগৰাকী বলাৰ। অৱশ্যে কেৱল বলৰ বাবেই নহয়, বেটিঙৰ বাবেও অনুৰাগীৰ মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ক্ৰীছ। অৱশ্যে ভাল নহয়, বেটিঙত তেওঁৰ প্ৰদৰ্শন আছিল অত্যন্ত নিৰাশাজনক। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ক্ৰীছ মাৰ্টিনে ৰানতকৈ অধিক উইকেট দখল কৰিছিল।

২০০২ চনত ক্ৰীছ মাৰ্টিনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ আৰম্ভ হৈছিল আৰু ২০১৩ চনত নিউজিলেণ্ডৰ হৈ শেষ মেচ খেলিছিল। এই সময়ছোৱাত ক্ৰীছ মাৰ্টিনে নিউজিলেণ্ডৰ হৈ ৭১খন টেষ্ট, ২০খন এদিনীয়া আৰু ৬খন টি-২০ মেচ খেলিছিল। মাৰ্টিনে টেষ্ট কেৰিয়াৰত যথেষ্ঠ সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। টেষ্ট ক্ৰিকেট কেৰিয়াৰত তেওঁ মুঠ ২৩৩ টা উইকেট দখল কৰিছিল, ইয়াৰ গড় আছিল ৩৩.৮১। আনহাতে এদিনীয়া ক্ৰিকেটত তেওঁ ৫.০৮ ইকনমি আৰু গড়ে ৪৪.৬৬ ৰে ১৮টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। ইয়াৰোপৰি টি-২০ ত মাৰ্টিনৰ নামত ৭ টা উইকেট আছে।

আনহাতে তেওঁৰ বেটিং কেৰিয়াৰ আছিল অত্যন্ত বেয়া। ১৩ বছৰীয়া কেৰিয়াৰত তেওঁ মাত্ৰ ১৩৬ ৰানহে লাভ কৰিছিল। টেষ্টৰ ১০৪ ইনিংছত গড়ে ২.৩৬ ৰানেৰে মাত্ৰ ১২৩ ৰান সংগ্ৰহ কৰিছিল। এই সময়চোৱাত তেওঁ সৰ্বাধিক ১২ ৰান কৰিছিল। ইয়াৰোপৰি এদিনীয়াত তেওঁ ৮ ৰান আৰু টি-২০ ত মাত্ৰ ৫ ৰান কৰিবলৈ সক্ষম হৈছিল। কেৱল ইমানেই নহয়, ক্ৰিকেট কেৰিয়াৰত এইগৰাকী খেলুৱৈয়ে ৩৮ বাৰ শূণ্যত আউট হৈছিল। ইযাৰ ভিতৰত ৩৬ বাৰ টেষ্টত ০ কৰি আউট হৈছিল আৰু এদিনীয়া ক্ৰিকেটত দুবাৰকৈ ০ কৰিছিল। ইয়াৰোপৰি টেষ্টত তেওঁ ৭ বাৰ শূন্যত আউট হৈছিল।

দোকান দিয়ে

ক্ৰিকেটাৰ এজনে খুব কমেই অৱসৰৰ পাছত নিজৰ পেছা সলনি কৰি অন্য কামত মনোনিবেশ কৰে।  কিন্তু কাৰ ভাগ্যই কেতিয়া কাক ক’লৈ লৈ যায় কোনোৱে ক’ব নোৱাৰে।  ক্ৰীছ মাৰ্টিনো অৱসৰৰ পাছত সলনি কৰিছে গতিপথ।  অৱসৰৰ পাছতেই ক্ৰিকেটৰ পৰা বহু দূৰত ক্ৰীছ মাৰ্টিন। বৰ্তমান তেওঁ নিউজিলেণ্ডৰ ইষ্টবৰ্ণত এখন চুপাৰ মাৰ্কেট চলাই আছে। দ্য ফোৰ স্কোৱাৰ নামেৰে পৰিচিত এই দোকানখন কমিউনিটি গেলামালৰ দোকান ফ্ৰেঞ্চাইজি। প্ৰথমে মাৰ্টিনে সৰুকৈ দোকান দিছিল যদিও ২০১৯ চনত তেওঁ এখন ডাঙৰ দোকান খুলিছিল। এসময়ৰ জনপ্ৰিয় ক্ৰিকেটাৰগৰাকীয়ে এতিয়া এখন দোকানৰ দোকানী…