এডিলেইড টেষ্টত কোন স্থানত বেটিং কৰিব ৰাহুলে! অধিনায়ক ৰোহিতে দিলে নিশ্চিতি
এডিলেইড টেষ্টত কে এল ৰাহুলৰ বেটিং স্থান কি হ’ব, সেই লৈ ভাৰতীয় অনুৰাগীৰ মাজত দেখা গৈছে চৰ্চা। বিশেষকৈ পাৰ্থ টেষ্টত দলৰ ইনিংছ আৰম্ভ কৰি সুন্দৰ প্ৰদৰ্শন দাঙি ধৰা ৰাহুলক ৰোহিতৰ প্ৰত্যাৱৰ্তনৰ পিছত পুনৰ অপেনাৰ হিচাপে দেখা যাবনে, সেই প্ৰশ্ন উত্থাপন হৈছে অনুৰাগীৰ মাজত। চৰ্চিত এই প্ৰশ্নৰ উত্তৰ দিছে অধিনায়ক ৰোহিত শৰ্মাই।
শুকুৰবাৰৰ পৰা এডিলেইডত আৰম্ভ হ’ব ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্ট। এই টেষ্টখনৰ বাবে অষ্ট্ৰেলিয়াই ইতিমধ্যে মূল একাদশ ঘোষণা কৰিছে। এডিলেইড টেষ্টত ভাৰতৰ মূল একাদশ কেনে হ’ব, সেই লৈ ভাৰতীয় অনুৰাগীৰ মাজত স্বাভাৱিকতেই আছে যথেষ্ট উৎকণ্ঠা। বিশেষকৈ পাৰ্থ টেষ্টত দলৰ ইনিংছ আৰম্ভ কৰি সুন্দৰ প্ৰদৰ্শন দাঙি ধৰা কে এল ৰাহুলক ৰোহিতৰ প্ৰত্যাৱৰ্তনৰ পিছত পুনৰ অপেনাৰ হিচাপে দেখা যাবনে, সেই বিষয়ত চলিছে ব্যাপক চৰ্চা। অনুৰাগীৰ মাজত চৰ্চিত এই প্ৰশ্নৰ উত্তৰ দিছে অধিনায়ক ৰোহিত শৰ্মাই।
ভাৰতীয় অধিনায়কগৰাকীয়ে এডিলেইডত অপেনাৰ হিচাপে বেটিং নকৰাৰ সিদ্ধান্ত লৈছে। কে এল ৰাহুলৰ বাবে বেটিং ক্ৰমত নিজৰ স্থান এৰি দিয়াৰ সিদ্ধান্ত লৈছে ৰোহিতে। অৰ্থাৎ এডিলেইডত ৰাহুলে জয়ছোৱালৰ সৈতে ইনিংছ মুকলি কৰিব বুলি ৰোহিত শৰ্মাই নিশ্চিত কৰিছে। সন্তানৰ জন্মৰ বাবে পাৰ্থ টেষ্টত অংশ লোৱা নাছিল ৰোহিতে আৰু তেওঁৰ স্থানত অপেনাৰ হিচাপে সুযোগ পোৱা ৰাহুলে এই সুযোগৰ সদ্ব্যৱহাৰ কৰি উজলি উঠিছিল।
পাৰ্থৰ প্ৰথম ইনিংছত বিতৰ্কিতভাৱে আউট হোৱা ৰাহুলে দ্বিতীয় ইনিংছত ৭৭ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলিছিল। ৰাহুলৰ এই ইনিংছ দেখি ৰোহিত শৰ্মাই নিজৰ বেটিং পজিচন ত্যাগ কৰিছে আৰু এতিয়া তেওঁ দলৰ সুবিধাৰ বাবে আন কোনো স্থানত বেটিং কৰিব। প্ৰথম টেষ্টত ৰাহুলৰ বেটিঙক প্ৰশংসা কৰি ৰোহিত শৰ্মাই কয়, “কে এল ৰাহুলৰ বেটিং ঘৰৰ পৰাই চাইছিলো, তেওঁ আচৰিত ধৰণে বেটিং কৰিছিল। সেয়েহে এতিয়া অপেনিং যুটিৰ কোনো পৰিৱৰ্তনৰ প্ৰয়োজন নাই।”
কে এল ৰাহুলে বিদেশৰ পিটচত যি ধৰণে বেটিং কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি এই সময়ত তেওঁ অ’পেন কৰিব লাগে বুলি ৰোহিতে লগতে কয়। ইফালে ৰোহিতে লগতে নিজৰ বেটিং ক্ৰম নিশ্চিত কৰা নাই বুলিও লগতে কয়। বেটিং ক্ৰমৰ যিকোনো স্থানতে বেটিং কৰিব বুলি ৰোহিতে মন্তব্য কৰিব। উল্লেখ্য যে ৰাহুল-জয়ছোৱালে অপেনিঙৰ ভূমিকা লোৱাৰ পিছত গিলে তৃতীয় আৰু কোহলীয়ে চতুৰ্থ স্থানত বেটিং কৰাটো প্ৰায় নিশ্চিত।
গতিকে ৰোহিত শৰ্মাই পঞ্চম বা ষষ্ঠ স্থানত বেটিং কৰাৰে সম্ভাৱনা আছে। সংবাদমেলত ৰোহিত শৰ্মাই ধেমালিৰ সুৰেৰে কয় যে পিংক বলত এডিলেইডত ভাৰতৰ শীৰ্ষক্ৰম সোনকালে আউট হ’ব পাৰে আৰু তেওঁ ইয়াৰ অংশ হ’ব নিবিচাৰে। “সেইবাবেই মই মিডল অৰ্ডাৰত খেলিম আৰু তেতিয়া মানুহে মোক টিম মেন বুলি ক’বলৈ আৰম্ভ কৰিব।”- কৌতুকৰ সুৰেৰে ৰোহিত শৰ্মাই লগতে কয়।