এইবাৰ শুনা নাযাব ‘টুটা হে গাবা কা ঘমণ্ড’ ধ্বনি! গাবা টেষ্টলৈ শক্তি বৃদ্ধি অষ্ট্ৰেলিয়াৰ, উভতিব এইগৰাকী তাৰকা
ভাৰতৰ বিগত বাৰৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ গাবাত ঐতিহাসিক জয়ৰ সময়ত কমেণ্ট বক্সত থকা বিবেক ৰাজদানে আবেগিক হৈ “টুটা হে গাবা কা ঘমণ্ড…” বুলি এক মন্তব্য কৰিছিল। এই বাক্যষাৰী সংযুক্ত হৈ পৰিছিল ভাৰতীয় ক্ৰিকেটৰ ইতিহাসৰ সৈতে। পিছে অহা ১৪ ডিচেম্বৰৰ পৰা গাবাত হ’বলগীয়া টেষ্ট ভাৰতীয় দলৰ বাবে বিগত বাৰৰ দৰে সহজ নহবও পাৰে। কিয়নো অষ্ট্ৰেলিয়াৰ দললৈ উভতিব পাৰে এগৰাকী তাৰকা খেলুৱৈ।
২০২০-২১ৰ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণৰত ভাৰতীয় দল। প্ৰথম টেষ্টৰ দ্বিতীয় ইনিংছত মাত্ৰ ৩৬ ৰানত লজ্জাজনকভাৱে অল আউট হোৱাৰ পিছত মেচখনত ৮ উইকেট পৰাস্ত হ’ল ভাৰত। এই শোচনীয় পৰাজয় পাহৰি শক্তিশালী প্ৰত্যাৱৰ্তনেৰে ভাৰতীয় দলে মেলবৰ্ণত দ্বিতীয় টেষ্টত জয় আৰু ছিডনীত তৃতীয় টেষ্ট ড্ৰ ৰাখিবলৈ সক্ষম হয়। শৃংখলাৰ অন্তিম টেষ্ট অনুষ্ঠিত হৈছিল ব্ৰিজবেনৰ গাবাত। কোহলী, বুমৰাহৰ লগতে কেইবাগৰাকীও তাৰকাৰ অনুপস্থিতিত ৰাহানেৰ নেতৃত্বত কেইবাজনো যুৱ খেলুৱৈৰে সমৃদ্ধ ভাৰতীয় দল।
পিছে এই যুৱ খেলুৱৈসকলেই গাবাত ৰচিছিল ন-ইতিহাস। দুৰন্ত প্ৰদৰ্শনেৰে গাবা টেষ্ট জয় কৰি শৃংখলা জয় কৰিছিল ভাৰতে। গাবাত সেয়া আছিল অষ্ট্ৰেলিয়াৰ প্ৰথম পৰাজয়। আৰু সেয়ে পণ্টে বিজয়ী ৰান সংগ্ৰহ কৰাৰ লগে লগে কমেণ্ট বক্সত থকা বিবেক ৰাজদানৰ মুখেৰে ওলাইছিল এক আবেগিক বাণী, “টুটা হে গাবা কা ঘমণ্ড…”। বিবেক ৰাজদানৰ এই বাক্যষাৰী সংযুক্ত হৈ পৰিছিল ভাৰতীয় ক্ৰিকেটৰ ইতিহাসৰ সৈতে।
চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন টেষ্ট অহা ১৪ ডিচেম্বৰৰ পৰা গাবাত অনুষ্ঠিত হ’ব। চলিত এই শৃংখলাৰ প্ৰথমখন টেষ্টত ভাৰত জয়ী হৈছিল যদিও দ্বিতীয় টেষ্টত এডিলেইডত শোচনীয় পৰাজয়ৰ সন্মুখীন হয়। এতিয়া গাবা টেষ্ট ভাৰতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। বিগত বাৰৰ অষ্ট্ৰেলিয়া ভ্ৰমণত গাবাত দেখুওৱা ঐতিহাসিক প্ৰদৰ্শন পুনৰ দোহাৰি তোলাৰ লক্ষ্যৰেই নিশ্চিতভাৱে অৱতীৰ্ণ হ’ব ভাৰত।
পিছে ভাৰতৰ এই লক্ষ্য সহজ নহ’ব। কিয়নো গাবা টেষ্টৰ বাবে শক্তি বৃদ্ধি পাইছে অষ্ট্ৰেলিয়াৰ। পাৰ্থত অনুষ্ঠিত প্ৰথমখন টেষ্টত আঘাত পোৱাৰ বাবে এডিলেইড টেষ্টৰ পৰা বাদ পৰিছিল অষ্ট্ৰেলিয়াৰ তাৰকা পেচাৰ জ’ছ হেজলউড। তেওঁৰ স্থানত এডিলেইডত মূল দলত স্থান পাইছিল স্কট ব’লেণ্ডক। এতিয়া তৃতীয় টেষ্টৰ বাবে হেজেলউডৰ মূল একাদশলৈ প্ৰত্যাৱৰ্তন ঘটিব পাৰে।
এডিলেইডৰ দ্বিতীয় টেষ্টৰ সমাপ্তিৰ পিছত অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে সংবাদ মেলত জ’ছ হেজলউডৰ ফিটনেছ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। আজিৰ পৰাই হেজেলউডে পুনৰ বলিং অনুশীলন আৰম্ভ কৰিব বুলি উল্লেখ কৰি কামিন্সে লগতে তাৰকা পেচাৰগৰাকী ক্ৰমশঃ ফিট হোৱাৰ দিশত আগবাঢ়িছে বুলি জানিবলৈ দিছিল।
ব্রিজবেনত অনুষ্ঠিত হ’বলগীয়া তৃতীয়খন টেষ্ট মেচৰ বাবে হেজেলউড ফিট হৈ উঠিব বুলি দৃঢ়তাৰে মন্তব্য কৰিছিল অধিনায়ক কামিন্সে। জ’ছ হেজেলউডৰ প্ৰত্যাৱৰ্তন ঘটিলে মূল দলত আনকোনো এগৰাকীয়ে স্থান এৰিব লাগিব বুলিও স্পষ্টকৈ ইঙ্গিত দিছিল কামিন্সে। উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ পে বলিং আক্ৰমণৰ অন্যতম প্ৰধান অংশীদাৰ জ’ছ হেজেলউড। এক কথাত হেজেলউড টেষ্টত দলটোৰ পেচ বলিং এটেকৰ শীৰ্ষস্থানৰ বলাৰ।
গতিকে হেজেলউড সুস্থ হৈ উঠিলে তেওঁক মূল সলত স্থান দিয়াটো নিশ্চিত। এয়া ভাৰতৰ বাবে স্বাভাৱিকতেই এক চিন্তনীয় খবৰ হ’ব। বিগত পাৰ্থ টেষ্টতো তেওঁ ভাৰতীয় দলৰ বেটিং লাইন আপৰ সমুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। প্ৰথম ইনিংছত ২৯ ৰানত ৪ উইকেট দখল কৰি ভাৰতক ১৫০ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য কৰিছিল তাৰকা পেচাৰগৰাকীয়ে। দ্বিতীয় ইনিংছতো তেওঁ ২১ অভাৰ বলিং কৰি মাত্ৰ ২৮ ৰান দি ১টা উইকেট দখল কৰিছিল।