শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ষ্টাৰ্ক ধুমুহাত বিধ্বস্ত ভাৰতঃ এডিলেইড টেষ্টত প্ৰথম দিনাই চালকৰ আসনত অষ্ট্ৰেলিয়া

আজিৰ পৰা এডিলেইডত আৰম্ভ হোৱা দিবা নৈশ টেষ্টত মেচৰ প্ৰথম দিনাই সংকটত পৰিছে ভাৰতীয় দল। অষ্ট্ৰেলিয়াৰ তাৰকা পেচাৰ মিচেল ষ্টাৰ্কৰ বিধ্বংসী বলিঙৰ সমুখত তিষ্ঠিব নোৱাৰি ভাৰতে মাত্ৰ ১৮০ ৰানতে ইনিংছ সামৰিছে। আনহাতে অষ্ট্ৰেলিয়াই দিনটোৰ খেল সামৰণি পৰলৈ ১ উইকেটত ৮৬ ৰান সংগ্ৰহ কৰিছে।

ষ্টাৰ্ক ধুমুহাত বিধ্বস্ত ভাৰতঃ এডিলেইড টেষ্টত প্ৰথম দিনাই চালকৰ আসনত অষ্ট্ৰেলিয়া
এডিলেইডত ষ্টাৰ্ক ধুমুহা
Monjit Dutta
Monjit Dutta | Published: 06 Dec 2024 18:57 PM

পাৰ্থ টেষ্টত জয়েৰে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত প্ৰত্যাশিত আৰম্ভণি ঘটাইছিল ভাৰতে। নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাৰ অনুপস্থিতিৰ পিছতো যশপ্ৰীত বুমৰাহৰ নেতৃত্বত ভাৰতে অষ্ট্ৰেলিয়াক সহজেই পৰাস্ত কৰিছিল। এই জয়েৰে আত্মবিশ্বাসী ভাৰতীয় দলে আজিৰ পৰা এডিলেইডত আৰম্ভ হোৱা দিবা নৈশ টেষ্টত অৱতীৰ্ণ হৈছে। পিছে আজি মেচৰ প্ৰথম দিনাই সংকটত পৰিছে ভাৰতীয় দল। এনে পৰিস্থিতিত পাৰ্থ টেষ্টৰ দৰেই এডিলেইডতো এতিয়া ভাৰতৰ শক্তিশালী প্ৰত্যাৱৰ্তনৰ আশা কৰিছে অনুৰাগীয়ে। এইক্ষেত্ৰত কাইলৈৰ দ্বিতীয় দিনটো ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছে।

আজিৰ পৰা আৰম্ভ হোৱা এই মেচখনত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। মূল একাদশত তিনিটাকৈ পৰিৱৰ্তনেৰে এডিলেইডত অৱতীৰ্ণ হৈছে ভাৰত। পাৰ্থ টেষ্টত দলত থকা ধ্ৰুৱ জুৰেল, দেৱদত্ত পাড়িক্কাল আৰু ৱাশ্বিংটন সুন্দৰৰ স্থানত ৰোহিত, গিল আৰু অশ্বিন এই টেষ্টৰ বাবে মূল একাদশত অন্তৰ্ভুক্ত হয়। পিছে ইনিংছ আৰম্ভ কৰিয়েই উজুটি খায় ভাৰতে।

প্ৰথমটো বলতে অষ্ট্ৰেলিয়ান তাৰকা পেচাৰ মিচেল ষ্টাৰ্কে বিদায় দিয়ে পাৰ্থ টেষ্টত চমকপ্ৰদ শতকেৰে ভাৰতৰ জয়ত মুখ্য ভূমিকা লোৱা যশস্বী জয়ছোৱালক। ইয়াৰ পিছত ৰাহুল আৰু গিলে ধৈৰ্যশীল বেটিঙেৰে ইনিংছ আগুৱাই নিয়ে। কিন্তু দলীয় স্ক’ৰ ৬৯ ৰানত ষ্টাৰ্কে ৰাহুলক (৩৭) বিদায় দি এই যুটি ভংগ কৰে। ইয়াৰ পিছত মাত্ৰ ১৫টা বলৰ ব্যৱধানতে বিদায় লয় কোহলী (৭) আৰু গিলে (৩১)।

অপেনাৰৰ পৰিৱৰ্তে মিডল অৰ্ডাৰত বেটিং কৰা অধিনায়ক ৰোহিত (৩) পুনৰ এবাৰ ব্যৰ্থ হয়। অষ্ট্ৰেলিয়ান বলিং লাইন আপৰ সমুখত প্ৰত্যাহ্বান গঢ়ি তুলি পণ্টে কিছু সময় ক্ৰীজত থিয় দিছিল যদিও কামিন্সে এক বাউন্সাৰেৰে পণ্টকো (২১) পেভিলিয়নৰ পথ দেখুৱায়। ইয়াৰ পিছত অৱশ্যে কিছু সকাহ প্ৰদান কৰে নীতিশ-অশ্বিনৰ যুটিয়ে। সুন্দৰৰ স্থানত মূল একাদশত সুযোগ পোৱা অশ্বিনে ২২ ৰান সংগ্ৰহ কৰে।

অশ্বিনৰ বিদায়ৰ পিছতে একেটা অভাৰতে ষ্টাৰ্কে হৰ্ষিত ৰাণাকো বিদায় দি ৫টা উইকেট সম্পূৰ্ণ কৰে। ইয়াৰ পিছতে আক্ৰমণাত্মক শৈলী গ্ৰহণ কৰে যুৱ তাৰকা নীতিশে। বুমৰাহক সংগী কৰি নীতিশে দলক এক সন্মানজনক স্থিতিলৈ লৈ যায়। কিন্তু ১৭৬ ৰানত পতন ঘটে বুমৰাহৰ উইকেট। ইয়াৰ পিছত খৰতকীয়াকৈ ৰান সংগ্ৰহ কৰাৰ চেষ্টাত ষ্টাৰ্কৰ চিকাৰ হয় নীতিশ। চাৰি ৰানত অপৰাজিত থাকে চিৰাজ।

উল্লেখ্য যে পাৰ্থৰ অভিষেক টেষ্টত সুন্দৰ বেটিঙেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা নীতিশে এডিলেইডতো নিজৰ বেটিঙেৰে পুনৰ যোগ্যতা প্ৰমাণ কৰে। দলীয় বিপৰ্যয়ৰ মাজতো ৫৪টা বলত তিনিটাকৈ চাৰি আৰু ছয়েৰে সৰ্বাধিক ৪২ ৰান সংগ্ৰহ কৰে যুৱ তাৰকাগৰাকীয়ে। নীতিশৰ এনে প্ৰদৰ্শনৰ সুবাদতে ভাৰতে ১৮০ ৰানৰ এক সন্মানজনক স্ক’ৰ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

আনহাতে ভাৰতৰ বিপৰ্যয়ৰ কাৰণ হৈ পৰা ষ্টাৰ্কে ৪৮ ৰানট ৬টা উইকেট দখল কৰে। কামিন্স আৰু ব’লাণ্ডে লাভ কৰে দুটাকৈ উইকেট। ইফালে ভাৰতৰ এই স্ক’ৰৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই দিনটোৰ খেল সামৰণি পৰলৈ ১ উইকেটত ৮৬ ৰান সংগ্ৰহ কৰিছে। খাৱাজাই ১৩ ৰান কৰি বিদায় ল’লেও মেকছুইনীয়ে ৩৮ আৰু লাবুচেনে ২০ ৰান সংগ্ৰহ কৰি বেটিং কৰি আছে।

অষ্ট্ৰেলিয়াৰ ইনিংছত পতন ঘটা একমাত্ৰ উইকেটটো দখল কৰিছে বুমৰাহে। ভাৰতৰ ১৮০ ৰানৰ স্ক’ৰৰ তুলনাত অষ্ট্ৰেলিয়া মাত্ৰ ৯০ ৰান পিছ পৰি আছে। এনে অৱস্থাত মেচখনত নিজৰ স্থিতি শক্তিশালী কৰিবলৈ হ’লে কাইলৈ দ্বিতীয় দিনা ভাৰতীয় বলিং আক্ৰমণৰ ভূমিকা হ’ব লক্ষণীয়।