শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পুনৰ হেড ত্ৰাসঃ বুমৰাহৰ অকলশৰীয়া প্ৰচেষ্টা নেওচি গাব্বাত শক্তিশালী স্থিতিত অষ্ট্ৰেলিয়া

গাব্বাত পুনৰ ভাৰতীয় দলৰ সমুখত ত্ৰাসৰ কাৰণ হৈ পৰিছে ট্ৰেভিছ হেড। বিস্ফোৰক বেটিঙেৰে ভাৰতীয় দলক দিশহাৰা কৰি হেডে আজি পুনৰ গাব্বাত তুলিলে ৰানৰ বৰষুণ। হেডৰ লগতে স্মিথৰ শতকেৰে অষ্ট্ৰেলিয়াই দ্বিতীয় দিনাৰ সামৰণিলৈ ৭ উইকেটত ৪০৫ ৰানৰ বৃ্হৎ স্ক’ৰ সংগ্ৰহ কৰিছে। ভাৰতৰ একমাত্ৰ সফল বলাৰৰ ৰূপত বুমৰাহে দখল কৰিছে ৫টা উইকেট।

পুনৰ হেড ত্ৰাসঃ বুমৰাহৰ অকলশৰীয়া প্ৰচেষ্টা নেওচি গাব্বাত শক্তিশালী স্থিতিত অষ্ট্ৰেলিয়া
গাব্বাত হেড-স্মিথৰ শতক
monjit-dutta
Monjit Dutta | Published: 15 Dec 2024 15:30 PM

ভাৰতীয় ক্ৰিকেটৰ সাফল্যৰ পথত যেন তমসা ৰূপত আৱিৰ্ভাৱ হৈছে ট্ৰেভিছ হেড। অষ্ট্ৰেলিয়াৰ এই বাওঁহতীয়া বিস্ফোৰক বেটাৰগৰাকী ভাৰতীয় দলৰ বাবে হৈ পৰিছে মূৰৰ কামোৰণি স্বৰূপ। ভাৰতীয় বলিং আক্ৰমণো হেডৰ সমুখত হৈ পৰিছে সম্পূৰ্ণ নিষ্প্ৰভ। যোৱা কিছুদিনৰ ভিতৰত হেডৰ বাবেই ভাৰতীয় ক্ৰিকেট দল তথা অনুৰাগীয়ে হেৰুৱাইছে কেইবাটাও আনন্দৰ মুহূৰ্ত। প্ৰথমে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল, তাৰ পিছত এদিনীয়া বিশ্বকাপৰ ফাইনেল আৰু শেহতীয়াকৈ এডিলেইড টেষ্টত ভাৰতীয় দলৰ স্বপ্ন ভংগ কৰিছে হেডে।

ইয়াৰ পিছতো স্তব্ধ হোৱা নাই হেড নামৰ এই ক্ৰিকেটীয় ধুমুহা। এইবাৰ গাব্বাত পুনৰ ভাৰতীয় দলৰ সমুখত ত্ৰাসৰ কাৰণ হৈ পৰিছে কেংগাৰু বাহিনীৰ এই তাৰকাগৰাকী। বিস্ফোৰক বেটিঙেৰে ভাৰতীয় দলক দিশহাৰা কৰি হেডে আজি পুনৰ গাব্বাত তুলিলে ৰানৰ বৰষুণ। চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ তৃতীয় টেষ্ট শনিবাৰৰ পৰা ব্ৰিজবেনৰ গাব্বাত অনুষ্ঠিত হৈছে। প্ৰথমদিনা মাত্ৰ ১৩.২ অভাৰৰ খেলৰ পিছতে বৰষুণৰ বাবে খেল স্থগিত ৰাখিবলগা হৈছিল।

প্ৰথমদিনাৰ এই ১৩.২ অভাৰৰ খেলত অষ্ট্ৰেলিয়াই কোনো উইকেট নেহেৰুৱাকৈ ২৮ ৰান সংগ্ৰহ কৰিছিল। আজি খেল আৰম্ভণিৰ কিছু সময় পিছতে ভাৰতীয় বলিং আক্ৰমণৰ মেৰুদণ্ড বুমৰাহে খাৱাজাক (২১) বিদায় দি প্ৰথমটো সফলতা দিয়ে দলক। ইনিংছৰ ১৭ নং অভাৰত খাৱাজাৰ উইকেট দখলৰ পিছত ১৯ নং অভাৰত বুমৰাহে আনগৰাকী অপেনাৰ মেকছুইনীকো (৯) বিদায় দিয়ে।

কিছুসময় পিছতে লাবুচেনকো (১২) বিদায় দিয়ে নীতিশ ৰেড্ডীয়ে। কিন্তু ইয়াৰ পিছতে ভাৰতীয় দলৰ সন্মুখত বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়ে হেড আৰু অভিজ্ঞ স্মিথে। দুয়ো ভাৰতীয় বলিং আক্ৰমণক হেলাৰঙে দিশহাৰা কৰি তুলি দলক এক শক্তিশালী স্ক’ৰৰ দিশে আগুৱাই নিয়ে। আৰম্ভণিৰ পৰা স্বভাৱজাত আক্ৰমণাত্মক শৈলী প্ৰদৰ্শন কৰি হেডে ইনিংছ আগবঢ়াই নি প্ৰথমে হেডে শতক আৰ্জনকৰাৰ পিছতে স্মিথেও কেৰিয়াৰৰ ৩৩তম টেষ্ট শতক সম্পূৰ্ণ কৰে।

দুয়ো চতুৰ্থ উইকেটত ২৪১ ৰানৰ যুটি বন্ধাৰ পিছত অৱশেষত বুমৰাহে স্মিথক (১০১) বিদায় দি ভাৰতীয় দলৰ বাবে কিছু সকাহ কঢ়িয়াই আনে। ইয়াৰ পিছতে বুমৰাহে একেটা অভাৰতে পুনৰ হেড (১৫২) আৰু মিচেল মাৰ্শ্বক (৫) বিদায় দি ভাৰতীয় শিবিৰত কিছু প্ৰাণ সঞ্চাৰ কৰে। ইয়াৰ পিছত পিছে উইকেটকীপাৰ বেটাৰ কেৰী আৰু অধিনায়ক কামিন্সে সপ্তম উইকেটত ৫৮ ৰানৰ যুটি বান্ধি পুনৰ ভাৰতীয় দলক বিপদলৈ ঠেলি দিয়ে।

কামিন্সে ২০ ৰান কৰি বিদায় ল’লেও দিনটোৰ খেল সামৰণিলৈ ৪৫ ৰানত অপৰাজিত থাকে কেৰী। তেওঁৰ সৈতে ক্ৰীজত অপৰাজিত হৈ ৰয় ষ্টাৰ্ক (৭)। এইপৰ্যন্ত অষ্ট্ৰেলিয়াই ৭ উইকেটত ৪০৫ ৰান সংগ্ৰহ কৰি এক বৃ্হৎ স্ক’ৰৰ দিশে অগ্ৰসৰ হৈছে। ইফালে ভাৰতৰ হৈ কেৱল বুমৰাহেহে কিছু প্ৰতিৰোধ গঢ়ি তুলিছে অষ্ট্ৰেলিয়াৰ সমুখত। পতন ঘটা ৭উইকেটৰে ৫টা দখল কৰিছে বুমৰাহে। এটাকৈ উইকেট লাভ কৰিছে চিৰাজ আৰু নীতিশে।

Latest News