ইংলেণ্ডৰ বিপক্ষে শৃংখলাৰ পূৰ্বে চিন্তাত ভাৰতীয় শিবিৰঃ অনুশীলনৰ সময়ত আঘাত পালে এইগৰাকী তাৰকাই…
অহা ২০ জুনৰ পৰা ইংলেণ্ডৰ বিপক্ষে আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দলে আজিৰ পৰা অনুশীলন আৰম্ভ কৰিছে। পিছে অনুশীলনৰ প্ৰথম দিনটোতে ভাৰতীয় দলৰ এগৰাকী তাৰকা খেলুৱৈয়ে আঘাত লাভ কৰা বুলি প্ৰতিবেদন পোহৰলৈ আহিছে।

আই পি এলৰ সমাপ্তিৰ পিছত ভাৰতীয় ক্ৰিকেটপ্ৰেমীসকলে এতিয়া অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ২০ জুনলৈ। এই দিনটোৰ পৰাই আৰম্ভ হ’ব ভাৰত আৰু ইংলেণ্ডৰ মাজত টেষ্ট শৃংখলা। পাঁচখনীয়া মেচৰ এই টেষ্ট শৃংখলাটোৰ বাবে ইতিমধ্যে ইংলেণ্ডত উপস্থিত হৈছে ভাৰতীয় দল। ভাৰতীয় ক্ৰিকেট দলৰ বাবে এই শৃংখলা অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। কিয়নো বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু ৰবিচন্দ্ৰন অশ্বিনৰ দৰে তাৰকাৰ অৱসৰৰ পিছত ভাৰতীয় দলৰ এয়া হ’ব প্ৰথমটো টেষ্ট শৃংখলা। লগতে এই শৃংখলাতে অধিনায়ক হিচাপে অভিষেক ঘটিব শুভমন গিলৰ।
ভাৰত আৰু ইংলেণ্ডৰ মাজৰ এই শৃংখলাৰ জৰিয়তে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ২০২৫-২৭ সংস্কৰণ আৰম্ভ হ’ব। গতিকে ইংলেণ্ড ভ্ৰমণৰ পৰাই ভাৰতীয় দলে টেষ্ট চেম্পিয়নশ্বিপৰ নতুন সংস্কৰণৰ সফল আৰম্ভণি ঘটাব বিচাৰিব। ইতিমধ্যে আগন্তুক এই শৃংখলাটোৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ভাৰতীয় দলে। আজি ভাৰতীয় দলটোৱে লণ্ডনৰ পৰা প্ৰায় ১৫-১৬ কিলোমিটাৰ দূৰৰ ব্যাকেনহেম চহৰত অনুশীলন আৰম্ভ কৰিছে।
এই চহৰখনত ভাৰতীয় দলে প্ৰায় ১০ দিন ধৰি প্ৰস্তুতি চলাব। পিছে অনুশীলনৰ প্ৰথম দিনাই আজি ভাৰতীয় শিবিৰত এক চিন্তনীয় দৃশ্য দেখিবলৈ পোৱা গৈছে। আজি অনুশীলনৰ সময়তে ভাৰতীয় দলৰ সহ-অধিনায়ক ঋষভ পণ্ট আঘাতপ্ৰাপ্ত হয়। প্ৰকাশিত প্রতিবেদন অনুসৰি, বেটিং অনুশীলন কৰি থকাৰ সময়তে পণ্টে বাওঁ হাতত আঘাত পায়। এই আঘাতৰ পিছতে তাৎক্ষণিকভাৱে নেটৰ পৰা ওলাই আহে পণ্ট।
ইয়াৰ পিছতে ভাৰতীয় দলৰ সৈতে থকা চিকিৎসা দলে লগে লগে পণ্টৰ এই আঘাত নিৰাময়ৰ চেষ্টা চলায়। পণ্টৰ হাতৰ এই আঘাত কোনো ভাৰতীয় বলাৰৰ বলত লাগিছিল নে থ্ৰ’ডাউন স্পেচিয়েলিষ্টে নিক্ষেপ কৰা বলত লাগিছে, সেয়া এতিয়াও নিশ্চিত হোৱা নাই। লগতে পণ্টৰ এই আঘাত কিমান গভীৰ, সেয়াও এইপৰ্যন্ত জানিব পৰা হোৱা নাই। আইচ পেক লগোৱাৰ পিছত পণ্টৰ হাতত বেণ্ডেজ কৰি দিয়া হয় আৰু পুনৰ অনুশীলনতো তেওঁক দেখিবলৈ পোৱা নগ’ল।
প্ৰতিবেদন অনুসৰি, আঘাতৰ পূৰ্বে নেটত বেটিং কৰাৰ সময়তো পণ্টে স্বাভাৱিক প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হৈছিল আৰু ২-৩ বাৰ আউটো হৈছিল। লক্ষণীয়ভাৱে যোৱা সময়ছোৱাত ভাৰতীয় টেষ্ট দলৰ অন্যতম গুৰুত্বপূৰ্ণ সদস্য হিচাপে পৰিগণিত হৈছে। বিশেষকৈ বিদেশত পণ্টৰ প্ৰদৰ্শন যথেষ্ট উন্নত। গতিকে ইংলেণ্ডৰ বিপক্ষে আগন্তুক শৃংখলাতো পণ্ট দলৰ অন্যতম প্ৰধান খেলুৱৈ হ’ব। গতিকে তেওঁৰ আঘাত যদি গুৰুতৰ হয়, দলৰ বাবে স্বাভাৱিকতেই চিন্তনীয় বিবেচিত হ’ব।