আমি আমাৰ দায়িত্ব সম্পূৰ্ণ পালন কৰিছোঁ: উমা চেত্ৰীক আদৰণি জনোৱাক লৈ দেৱজিৎ শইকীয়া
উমা চেত্ৰী আদৰণি জনোৱাক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত মন্তব্য আগবঢ়াই BCCIৰ সচিবগৰাকীয়ে। তেওঁ কয়, "আমি BCCI ৰ তৰফৰ পৰা ঘৰলৈ যোৱাৰ সম্পূৰ্ণ ব্যৱস্থা কৰি দিছোঁ। আমি আমাৰ দায়িত্ব সম্পূৰ্ণ পালন কৰিছোঁ।"
বিশ্বকাপ ২০২৫ৰ খিতাপ জয় কৰি বৃহস্পতিবাৰে স্ব-ৰাজ্যত উপস্থিত হয় উমা চেত্ৰী। কিন্তু গৃহভূমিত সঠিক আদৰণি লাভ নকৰিলে উমাই। বিমানবন্দৰত ক্ৰিকেটাৰগৰাকীক আদৰণি জনাবলৈ উপস্থিত থাকে কেৱল গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়া। বিশ্বজয়ী খেলুৱৈগৰাকীক আদৰণি জনাবলৈ বিমান বন্দৰত অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াও উপস্থিত নাছিল বুলি অভিযোগ উত্থাপন হয়। লগে লগে বিষটোক লৈ সামাজিক মাধ্যমত চৰ্চা আৰম্ভ হয়।
ইয়াৰ মাজতে আজি বৰ্ষাপাৰাত সংবাদমেল সম্বোধন কৰে BCCIৰ সচিব দেৱজিৎ শইকীয়াই। উমা চেত্ৰীক আদৰণি জনোৱাক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত মন্তব্য আগবঢ়াই BCCIৰ সচিবগৰাকীয়ে। তেওঁ কয়, “উমা চেত্ৰী অসমলৈ সেইদিনা অহাটো শেষ মুহূৰ্তত চূডান্ত হৈছিল। কাৰণ এদিন প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান আৰু এদিন ৰাষ্ট্ৰপতিৰ অনুষ্ঠান। তেওঁলোকৰ অনুষ্ঠান অবিহনে ভাৰতীয় দলৰ খেলুৱৈসকলক উভতাই পঠোৱা সম্ভৱ নাছিল। আমি BCCI ৰ তৰফৰ পৰা ঘৰলৈ যোৱাৰ সম্পূৰ্ণ ব্যৱস্থা কৰি দিছোঁ। আমি আমাৰ দায়িত্ব সম্পূৰ্ণ পালন কৰিছোঁ।”
তেওঁ লগতে কয়, “জুবিন গাৰ্গৰ মৃত্যুৰ শোকৰ পৰা এতিয়াও কোনো সহজ হ’ব পৰা নাই। সেয়ে অসম ক্ৰিকেট সন্থাই সেইদিনা কোনো বিশেষ অনুষ্ঠানৰ আয়োজন কৰা নাছিল। আৰু যদি বিহু আদি নি আদৰণি জনালে হয় তেতিয়া সকলোৱে আমাক সমালোচনা কৰিলে হয়। মই ভাবো ইয়াত অসম ক্ৰিকেট সন্থাৰ ভুল নাই। গোৰ্খা ছাত্ৰ সন্থাই যে অভিযোগ কৰিছে কোনো অহা নাই বুলি তেওঁলোকে কিয় চাৰি পাঁচজন লোক আহিলে। তেওঁলোকে নিজে কিয় ২০০ মানুহ আনিব নোৱাৰিলে। ”
ইয়াৰ উপৰিও নিৰ্বাচনৰ পূৰ্বে উমা চেত্ৰীক লৈ ৰাজনীতি নকৰিব আহ্বান জনাই দেৱজিৎ শইকীয়াই। তেওঁ কয়, “উমাক ৰাজনীতিৰ মাজলৈ নানিবলৈ মই সকলোকে অনুৰোধ কৰিছোঁ। অসমৰ খেলুৱৈক জাতি-ধৰ্ম-সম্প্ৰদায়ৰ মাজত ভাগ ভাগ কৰিব নালাগে। মই সুধিব বিচাৰিছোঁ যিবোৰ ৰাজনৈতিক দল আৰু সংগঠনে মানুহ নাই অহা বুলি কৈছে তেওঁলোকে কিয় সেইদিনা যোৱা নাছিল।” দেওবাৰে অসম ক্ৰিকেট সন্থাৰ পৰা উমা চেত্ৰীক বিশেষ সম্বৰ্ধনা জনোৱা হ’ব বুলি উল্লেখ কৰে BCCIৰ সচিবগৰাকীয়ে । লগতে উক্ত অনুষ্ঠানত উপস্থিত থাকিবলৈ অনুৰোধ জনায়।
ইফালে এছিয়া কাপৰ ট্ৰফী ভাৰতলৈ উভতাই অনা সন্দৰ্ভত প্ৰতিক্ৰিয়া BCCIৰ সচিব দেৱজিৎ শইকীয়াৰ। ৪ নৱেম্বৰ পৰা ডুবাইত অনুষ্ঠিত ICCৰ সন্মিলন ভাৰতৰ প্ৰতিনিধি হিচাপে উপস্থিত আছিল শইকীয়া। পাকিস্তানৰ প্ৰতিনিধি হিচাপে উপস্থিত আছিল মহচিন নাকভি। দেৱজিৎ শইকীয়াই কয়, “তাত এছিয়া কাপৰ ট্ৰফী বিতৰ্ক বিষয়টো এজেণ্ডাত নাছিল। তথাপিও আমাৰ অনুৰোধত ভাৰত আৰু পাকিস্তানৰ মাজত আলোচনাৰ ব্যৱস্থা কৰি দিছিল। ৭ নৱেম্বৰত আমি আলোচনাত মিলিত হৈছিলোঁ। আলোচনা সৌহাদ্যপূৰ্ণ আৰু খুব ভাল আছিল। আমি দুয়ো পক্ষ আশাবাদী অতি সোনকালে এই বিষয়টো সমাধান হ’ব। শীঘ্ৰে ভাৰতলৈ অনা হ’ব এছিয়া কাপৰ ট্ৰফী। দুয়ো পক্ষই সোনকালে বিতৰ্কটো সমাপ্ত হোৱাটো বিচাৰিছে।”