শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দায়িত্ব লৈয়ে বিপদত বিচিচিআইৰ অধ্যক্ষ মিথুন মানহাছ! আদালতে জাৰি কৰিলে চমন, আঁৰত এই কাৰণ

জম্মু-কাশ্মীৰৰ এখন আদালতে অপৰাধমূলক মানহানিৰ অভিযোগৰ গোচৰত মিথুন মানহাছসহ কেইবাজনলৈ চমন জাৰি কৰিছে। পিছে কি গোচৰত এইদৰে আদালতৰ চমন লাভ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ নতুন সভাপতিগৰাকীয়ে?

দায়িত্ব লৈয়ে বিপদত বিচিচিআইৰ অধ্যক্ষ মিথুন মানহাছ! আদালতে জাৰি কৰিলে চমন, আঁৰত এই কাৰণ
মিথুন মানহাছলৈ আদালতৰ চমনImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 28 Oct 2025 15:11 PM

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ নতুন সভাপতি মিথুন মানহাছৰ সমুখত দেখা দিছে এক বিপদে। জম্মু-কাশ্মীৰৰ এখন আদালতে অপৰাধমূলক মানহানিৰ অভিযোগৰ গোচৰত মিথুন মানহাছসহ কেইবাজনলৈ চমন জাৰি কৰিছে। আদালতে সকলো অভিযুক্তকে চলিত বৰ্ষৰ ২৪ নৱেম্বৰত ব্যক্তিগতভাৱে বা তেওঁলোকৰ অধিবক্তাৰ জৰিয়তে আদালতত হাজিৰ হৈ আত্মপক্ষ সমৰ্থন কৰিবলৈ নিৰ্দেশ দিয়ে এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ অভিযোগৰ ভিত্তিত আদালতে এই ব্যৱস্থা গ্ৰহণ কৰিছে

অভিযোগ কি?

এই অভিযোগ দাখিল কৰিছে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুদৰ্শন মেহতাই। ৰঞ্জী ট্ৰফীৰ প্ৰাক্তন খেলুৱৈ তথা জম্মুৰ মডাৰ্ণ ক্ৰিকেট ক্লাবৰ দীৰ্ঘদিনীয়া প্ৰশাসক সুদৰ্শন মেহতাই জম্মু-কাশ্মীৰ ক্ৰিকেট সন্থাৰ উপসমিতিৰ সদস্য মিথুন মানহাছ, ব্ৰিগেডিয়াৰ (অৱসৰপ্ৰাপ্ত) অনিল গুপ্তা আৰু মজিদ দাৰে নিজৰ অধিকাৰক্ষেত্ৰ অতিক্ৰম কৰি উচ্চতম ন্যায়ালয় আৰু জম্মুকাশ্মীৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰা নিৰ্ধাৰিত লোধা সমিতিৰ সংস্কাৰমূলক নীতি কাৰ্যকৰী নকৰাৰ অভিযোগ উত্থাপন কৰিছে।

অভিযোগত উল্লেখ কৰা মতে ২০২১ চনত বিচিচিআইয়ে জম্মু-কাশ্মীৰ ক্ৰিকেট সন্থাৰ কাম-কাজ পৰিচালনাৰ বাবে নিযুক্তি দিয়া মিথুন মানহাছ, অনিল গুপ্তা আৰু মজিদ দাৰে আদালতৰ নিৰ্দেশনা উলংঘা কৰি প্ৰশাসনিক আৰু বিত্তীয় সিদ্ধান্ত গ্ৰহণ কৰিছে এইদৰে তেওঁলোকে নিজৰ অধিকাৰক্ষেত্ৰ অতিক্ৰম কৰাৰ অভিযোগ উত্থাপন কৰিছে সুদৰ্শন মেহতাই।

মিথুন মানহাছৰ বিৰুদ্ধে কি অভিযোগ?

প্ৰথমে জম্মুৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত এই অভিযোগ দাখিল কৰা হৈছিল আৰু পিছত উপ ন্যায়াধীশৰ আদালতলৈ গোচৰ বদলি কৰা হৈছিল। মিথুন মানহাছ আৰু আন অভিযুক্তসকলৰ বিৰুদ্ধে জম্মু-কাশ্মীৰ ক্ৰিকেট সন্থাৰ আভ্যন্তৰীণ বিষয়ৰ সম্পৰ্কত মানহানি, ন্যায়িক আদেশ বিকৃত কৰা আৰু পদবীৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰা হৈছে।

বিচিচিআইৰ সভাপতি হিচাপে মানহাছৰ মনোনয়নক প্ৰত্যাহ্বান জনাই সুদৰ্শন মেহতাই ৰিট আবেদন দাখিল কৰাৰ পিছতে এই বিতৰ্ক তীব্ৰতৰ হৈ পৰে শেহতীয়াকৈ যোৱা ২৬ ছেপ্টেম্বৰত জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ে এই আবেদন খাৰিজ কৰে। উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পিছদিনা উপসমিতিৰ সদস্যসকলে আদালতে আবেদনখন তুচ্ছআখ্যা দি খাৰিজ কৰাৰ মিছা দাবীৰে এখন প্ৰেছ বিজ্ঞপ্তি জাৰি কৰা বুলি এতিয়া নতুন এজাহাৰত উল্লেখ কৰা হৈছে।