আই পি এল ২০২৫ৰ নতুন সূচী প্ৰকাশঃ চাওক কেতিয়াৰ পৰা হ’ব আৰম্ভ, কেতিয়া হ’ব ফাইনেল!
ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ বাবে বিচিচিআইয়ে যোৱা ৯ মে’ত এক সপ্তাহৰ বাবে আই পি এল স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। অৱশ্যে এতিয়া দুয়োখন দেশৰ মাজত যুদ্ধবিৰতিৰ পাছত বিচিচিআইয়ে বাকী থকা মেচসমূহৰ বাবে নতুন সূচী ঘোষণা কৰিছে।

ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ বাবে বিচিচিআইয়ে যোৱা ৯ মে’ত এক সপ্তাহৰ বাবে আই পি এল স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে ৮ মে’ত সীমান্তত সৃষ্টি হোৱা সংঘাতপূৰ্ণ পৰিৱেশৰ পৰিপ্ৰেক্ষিতত পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত মেচ চলি থকাৰ সময়তে আধাতে মেচখন বন্ধ কৰি দিয়া হৈছিল। ইয়াৰ পিছতে অৱশ্যে যোৱা শনিবাৰে দুয়োখন দেশে যুদ্ধবিৰতিৰ কথা ঘোষণা কৰিছিল। তাৰ পিছৰ পৰাই ক্ৰিকেট অনুৰাগীৰ মাজত দেখা গৈছিল বিশেষ এক প্ৰশ্ন।
আই পি এলৰ এই ১৮ সংখ্যক ছিজন সম্পূৰ্ণ হ’বনে তথা যদি প্ৰতিযোগিতা পুনৰ আৰম্ভ কৰাও হয়, কেতিয়াৰ পৰা আৰম্ভ হ’ব, সেই লৈ ব্যাপক চৰ্চা চলিছিল ক্ৰিকেট অনুৰাগীৰ মাজত। অৱশ্যে এতিয়া দুয়োখন দেশৰ মাজত যুদ্ধবিৰতিৰ পাছত বিচিচিআইয়ে বাকী থকা মেচসমূহৰ বাবে নতুন সূচী ঘোষণা কৰিছে। নতুন সূচী অনুসৰি ১৭ মে’ৰ পৰা পুনৰ আৰম্ভ হ’ব প্ৰতিযোগিতা আৰু মুঠ ১৭খন খেল ৬টা স্থানত অনুষ্ঠিত হ’ব।
আনহাতে নতুন সূচী অনুসৰি, অহা ৩ জুনত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাৰ ফাইনেল মেচখন। পূৰ্বৰ সূচী অনুসৰি ফাইনেল মেচখন ২৫ মে’ত নিৰ্ধাৰণ কৰা হৈছিল যদিও এতিয়া নতুন সূচীত ফাইনেলৰ তাৰিখ সলনি কৰিবলগা হয়। এতিয়া ছিজনৰ বাকী থকা মেচসমূহ বাংগালুৰু, দিল্লী, লক্ষ্ণৌ, মুম্বাই, আহমেদাবাদ আৰু জয়পুৰ- মুঠ এই ৬টা স্থানত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে বিচিচিআইয়ে।
এই সময়ছোৱাত লীগৰ মেচসমূহ ১৭ মে’ৰ পৰা ২৫ মে’লৈ অনুষ্ঠিত হ’ব। ইয়াৰ উপৰিও ২৯ মে’ৰ পৰা প্লে অফৰ মেচ আৰম্ভ হ’ব আৰু ৩ জুনত চূড়ান্ত মেচ অনুষ্ঠিত হ’ব। কিন্তু প্লে অফৰ মেচৰ স্থান এতিয়াও বিচিচিআইয়ে নিৰ্ধাৰণ কৰা নাই। এই সন্দৰ্ভত ব’ৰ্ডে পিছত ঘোষণা কৰিব বুলি জানিবলৈ দিছে। আই পি এলৰ অফিচিয়েল চ’ছিয়েল মিডিয়া হেণ্ডেল যোগে কোৱা হৈছে, “বিচিচিআইয়ে টাটা আইপিএল ২০২৫ পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰি সুখী।”
🗓️ #TATAIPL 2025 action is all set to resume on 17th May 🙌
The remaining League-Stage matches will be played across 6⃣ venues 🏟️
The highly anticipated Final will take place on 3rd June 🏆
Details 🔽https://t.co/MEaJlP40Um pic.twitter.com/c1Fb1ZSGr2
— IndianPremierLeague (@IPL) May 12, 2025
নতুন সূচী অনুসৰি দুটা দেওবাৰে দুখনকৈ লীগ মেচ অনুষ্ঠিত হ’ব। আনহাতে প্লে’ অফৰ মেচসমূহৰ বাবে নিৰ্ধাৰণ কৰা দিনাংক অনুসৰি ২৯ মে’ত কোৱালিফায়াৰ ১, ৩০ মে’ত এলিমিনেটৰ, ১ জুনত কোৱালিফায়াৰ ২ আৰু অৱশেষত ৩ জুনত ফাইনেল অনুষ্ঠিত হ’ব। নতুন সূচী ঘোষণা কৰি বিচিচিআইয়ে ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সাহসক পুনৰবাৰ প্ৰণাম জনায় আৰু তেওঁলোকৰ প্ৰচেষ্টাই ক্ৰিকেটৰ নিৰাপদ প্ৰত্যাৱৰ্তন সম্ভৱ কৰি তুলিছে বুলি উল্লেখ কৰে।