শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Virat kohli etirement : টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ বিৰাট কোহলীৰ, আধৰুৱা হৈ ৰ’ল সপোন…

Virat kohli retirement: টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে বিৰাট কোহলীয়ে। সোমবাৰে এই সন্দৰ্ভত সামাজিক মাধ্যমত এক বিশেষ পোষ্ট কৰে কোহলীয়ে।

Virat kohli etirement : টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ বিৰাট কোহলীৰ, আধৰুৱা হৈ ৰ’ল সপোন…
বিৰাট কোহলীৰ অৱসৰImage Credit source: PTI
barasha-sarma
Barasha Sarma | Updated On: 12 May 2025 12:42 PM

টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে বিৰাট কোহলীয়ে। সোমবাৰ (১২ মে’)য়ে কিং কোহলীয়ে সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ অৱসৰৰ বিষয়ে আনুষ্ঠানিক ঘোষণা কৰে। ১৪ বছৰ ধৰি টেষ্ট ক্ৰিকেট খেলি অহা কোহলীয়ে বিগত সপ্তাহত অৱসৰ গ্ৰহণ কৰাৰ ইংগিত দিছিল। কিন্তু আজি এই ইংগিত চূড়ান্ত কৰি তেওঁ অনুৰাগীসকলক নিজৰ অৱসৰৰ বিষয়ে জনায়। এই সন্দৰ্ভত বিৰাটে ইনষ্টাগ্ৰামত এক পোষ্ট শ্বেয়াৰ কৰিছে।

টেষ্ট ক্ৰিকেটত ১৪ বছৰ

ইনষ্টাগ্ৰামত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা অৱগত কৰি বিৰাট কোহলীয়ে লিখিছে যে, টেষ্ট ক্ৰিকেটত প্ৰথমবাৰৰ বাবে বেগী নীলা জাৰ্চি পিন্ধা আজি ১৪ বছৰ হ’ল। সঁচা ক’বলৈ হ’লে এই ফৰ্মেটটোৱে মোক ক’লৈ লৈ যাব মই কেতিয়াও কল্পনা কৰিব পৰা নাছিলো। ই মোক পৰীক্ষা কৰিছিল, গঢ় দিছিল আৰু গোটেই জীৱন লগত লৈ ফুৰিব পৰা পাঠ শিকাইছিল।

তেওঁ লগতে লিখে- বগা জাৰ্চি পিন্ধি খেলাটো এক অতি ব্যক্তিগত অভিজ্ঞতা। কোনোৱে দেখা নোপোৱা কঠোৰ পৰিশ্ৰম, দীঘলীয়া দিন, সৰু সৰু মুহূৰ্ত সদায় নিজৰ লগত থাকি যায়। মই যিমান টেষ্ট ফৰ্মেটক দিছো, তাতকৈ বেছি মোক এই ফৰ্মেটে দিছে।

এই ফৰ্মেটৰ পৰা আঁতৰি যোৱা সহজ নহয় — কিন্তু ই  মোক সকলোখিনি দিছো, আৰু ই মোক আশা কৰাতকৈ বহু বেছি ঘূৰাই দিছে৷ কোহলীয়ে আৰু কয়, মই এটা হাঁহি লৈ নিজৰ কেৰিয়াৰলৈ উভতি চাব বিচাৰো।

সপোন পূৰণ নহ’ল

বিৰাট কোহলীয়ে নিজৰ সপোন পূৰণ নকৰাকৈয়ে টেষ্ট ক্ৰিকেটৰ পৰা বিদায় ল’লে। বিৰাট কোহলীৰ সেই সপোন তেওঁৰ ১০০০০০ টেষ্ট ৰাণৰ সৈতে জড়িত। বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটত ১০,০০০ ৰান সম্পূৰ্ণ কৰিব বিচাৰিছিল।  যযিটো সম্পূৰ্ণ নকৰাকৈয়ে তেওঁ এই ফৰ্মেটৰ পৰা বিদায় লয়।

 

View this post on Instagram

 

 

A post shared by Virat Kohli (@virat.kohli)

 

টেষ্ট ক্ৰিকেট কেৰিয়াৰ

১৪ বছৰীয়া কেৰিয়াৰত বিৰাট কোহলীয়ে ১২৩খন টেষ্ট খেলিছিল, য’ত তেওঁ ২১০ ইনিংছত গড়ে ৪৬.৮৫ ৰান কৰি ৯২৩০ ৰান সংগ্ৰহ কৰিছিল। অৰ্থাৎ বিৰাট কোহলী ১০ হাজাৰ টেষ্ট ৰানৰ সপোনৰ পৰা ৭৭০ ৰান দূৰত থাকিল। বিৰাট কোহলীৰ টেষ্ট শতক আৰু অৰ্ধশতকৰ সংখ্যা প্ৰায় সমান । টেষ্টত তেওঁ ৩০টা শতক আৰু ৩১টা অৰ্ধশতক অৰ্জন কৰিছে।