TV9 ASSAM
ভাৰত-পাক সংঘৰ্ষৰ বাবে যোৱা ৯ মে’ত বিচিচিআইয়ে এসপ্তাহৰ বাবে স্থগিত ৰাখিছিল আই পি এল ২০২৫।
কিন্তু দুয়ো দেশে যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছত বিচিচিআইয়ে এতিয়া প্ৰতিযোগিতাখন পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে আৰু নতুন সূচী প্ৰকাশ কৰিছে।
সোমবাৰে ঘোষিত সূচী অনুসৰি আই পি এল ২০২৫ৰ বাকী থকা অংশ ১৭ মে’ৰ পৰা আৰম্ভ হ’ব আৰু ৩ জুনত ফাইনেল অনুষ্ঠিত হ’ব। ৬খন চহৰত হ’ব মেচসমূহ।
যোৱা ৮ মে’ত পঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছৰ মেচখন সীমান্তত হোৱা সংঘৰ্ষৰ বাবে আধাতে বন্ধ কৰিবলগীয়া হৈছিল।
এই মেচখন বন্ধ ৰখা সময়লৈকে পঞ্জাৱে ১০.১ অভাৰত মাত্ৰ ১টা উইকেট হেৰুৱাই ১২২ ৰান সংগ্ৰহ কৰিছিল আৰু শক্তিশালী স্থিতিত আছিল।
অৱশ্যে এতিয়া এই মেচখন সম্পূৰ্ণ নতুনকৈ অনুষ্ঠিত হ’ব। অহা ২৪ মে’ত জয়পুৰত দুয়োটা দলে প্ৰতিদ্বন্দিতা আগবঢ়াব।
পঢ়িবলৈ ক্লিক কৰক
টেষ্ট ক্ৰিকেটত কিমান আছিল কোহলীৰ দৰমহা?