টেষ্ট ক্ৰিকেটত কিমান আছিল বিৰাট কোহলীৰ দৰমহা?

12 MAY 2025

TV9 ASSAM

টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে বিৰাট কোহলীয়ে। বহু জল্পনা-কল্পনাৰ অন্তত তেওঁ আজি ১৪ বছৰীয়া টেষ্ট কেৰিয়াৰৰ অৱসান ঘটায়।

কোহলীৰ অৱসৰ

২০১১ চনত কিংষ্টনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্টত অভিষেক ঘটায় কোহলীয়ে। আনহাতে ছিডনীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁ খেলে অন্তিমখন টেষ্ট।

টেষ্ট অভিষেক

এতিয়া অনুৰাগীৰ মনত এক বিশেষ প্ৰশ্নৰো উত্থাপন হ’ব পাৰে যে টেষ্ট ক্ৰিকেট খেলি বিৰাট কোহলীয়ে কিমান দৰমহা লাভ কৰিছিল?

টেষ্টত দৰমহা

ভাৰতীয় খেলুৱৈসকলৰ মাচুল ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে বিচিচিআইয়ে নিৰ্ধাৰণ কৰে। বিৰাটেও টেষ্টত সেই অনুসৰি দৰমহা পাইছিল।

ভিন্ন মেচ মাচুল

ভাৰতৰ হৈ প্ৰতিখন টেষ্ট মেচ খেলাৰ বাবে বিৰাট কোহলীয়ে লাভ কৰে ১৫ লাখ টকা। ইয়াত মাহিলী দৰমহাৰ কোনো ব্যৱস্থা নাছিল।

মেচ মাচুল

বিৰাট কোহলীয়ে ১৪ বছৰীয়া টেষ্ট কেৰিয়াৰত মুঠ ১২৩খন টেষ্ট খেলি ২১০ ইনিংছত ৯২৩০ ৰান সংগ্ৰহ কৰে।

১২৩ খন টেষ্ট

টেষ্ট ক্ৰিকেটত বিৰাট কোহলীয়ে ৩০টা শতক আৰু ৩১টা অৰ্ধশতক অৰ্জন কৰিছে, তেওঁৰ বেটিং গড় আছিল ৪৬.৮৫।

শতক-অৰ্ধশতক

পঢ়িবলৈ ক্লিক কৰক 

গৰমৰ দিনত ঘামৰ দুৰ্গন্ধ নাইকীয়া কৰাৰ উপায়