শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পৰা অপাৰেচন সেন্দূৰলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ

পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পৰা অপাৰেচন সেন্দূৰলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ

monjit-dutta
Monjit Dutta | Published: 11 May 2025 23:43 PM

আজি দিল্লীত এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ লগতে তিনিওটা সেনাবাহিনীৰ মুৰব্বী আৰু চীফ অৱ ডিফেন্স ষ্টাফে এই বৈঠকত অংশগ্ৰহণ কৰে। ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ পিছত এইখন হৈছে প্ৰথমখন বৃহৎ বৈঠক।

শনিবাৰে সন্ধিয়া ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হয়। যুদ্ধবিৰতিৰ পিছত আজি দিল্লীত এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ লগতে তিনিওটা সেনাবাহিনীৰ মুৰব্বী আৰু চীফ অৱ ডিফেন্স ষ্টাফে এই বৈঠকত অংশগ্ৰহণ কৰে। ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ পিছত এইখন হৈছে প্ৰথমখন বৃহৎ বৈঠক। আজি অনুষ্ঠিত হোৱা এই বৈঠকৰ পিছতে ভাৰতীয় বায়ুসেনাই অপাৰেচন সেন্দুৰ এতিয়াও অব্যাহত আছে বুলি স্পষ্ট কৰি দিছে।

এক বিবৃতি যোগে বায়ুসেনাই এইমুহূৰ্তত লাভ কৰা দায়িত্ব সম্পন্ন কৰা হৈছে যদিও ভৱিষ্যতৰ বাবেও বহু লক্ষ্য নিৰ্ধাৰণ কৰিছে। আনহাতে শেহতীয়া অভিযানসমূহৰ সম্পূৰ্ণ বিৱৰণ অতি সোনকালে শ্বেয়াৰ কৰা হ’ব বুলিও বায়ুসেনাই কয়। জানো আহক দিনটোৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ খবৰ….