শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

“এয়া উন্নয়ন আৰু বিশ্বাসৰ জয়”, পঞ্চায়ত নিৰ্বাচনৰ ফলাফলকলৈ কি ক’লে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ?

পঞ্চায়ত নিৰ্বাচনৰ ফলাফলকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই । তেওঁ শেহতীয়া পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ বাবে ৰাজ্যৰ প্ৰতিজন ভোটাৰক কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে এই বৃহৎ জয়ক “উন্নয়ন আৰু বিশ্বাস” বুলি অভিহিত কৰে দিলীপ শইকীয়াই ।

“এয়া উন্নয়ন আৰু বিশ্বাসৰ জয়”, পঞ্চায়ত নিৰ্বাচনৰ ফলাফলকলৈ কি ক’লে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ?
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াImage Credit source: X Handle
manas-borah
Manas Borah | Published: 12 May 2025 22:26 PM

ভোটগণনা চলি থকা অসমৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত বিশাল অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে বিজেপি নেতৃত্বধীন মিত্ৰজোঁটে । যদিও সম্পূৰ্ণ ফলাফল এতিয়াও প্ৰকাশ পোৱা নাই তথাপিও বিভিন্ন সংবাদ মাধ্যমৰ বাতৰিত দাবী কৰা হৈছে যে, প্ৰায় ৭০ শতাংশতকৈ অধিক আসন লাভ কৰিবলৈ বিজেপিৰ লগতে তেওঁলোকৰ মিত্ৰদলসমূহে । ইফালে, এই পঞ্চায়ত নিৰ্বাচনৰ ফলাফলকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই । তেওঁ শেহতীয়া পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ বাবে ৰাজ্যৰ প্ৰতিজন ভোটাৰক কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে এই বৃহৎ জয়ক “উন্নয়ন আৰু বিশ্বাস” বুলি অভিহিত কৰে দিলীপ শইকীয়াই ।

সংবাদ মাধ্যমক সম্বোধন কৰি দিলীপ শইকীয়াই কয় যে, এই ফলাফলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব আৰু তেওঁৰ চৰকাৰৰ অধীনত লাভ কৰা উন্নয়নমূলক অগ্ৰগতিৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস প্ৰতিফলিত হৈছে। এই ফলাফল কেৱল ৰাজনৈতিক জয় নহয়, ই জনসাধাৰণৰ চিন্তা আৰু উন্নত অসমৰ বাবে আমাৰ দৃষ্টিভংগীক তেওঁলোকে সমৰ্থন কৰাৰ ইংগিত দিয়ে বুলি উল্লেখ কৰে দিলীপ শইকীয়াই ।

একে সময়তে বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটৰ অংশীদাৰসকলৰ সকলো বিজয়ী প্ৰাৰ্থীক অভিনন্দন জ্ঞাপন কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে । ইয়াৰ লগতে প্ৰতিজন বিজয়ী প্ৰাৰ্থীক সততা, নম্ৰতাৰে, দায়িত্বশীলতাৰে সেৱা আগবঢ়াবলৈ আহ্বান জনাই দিলীপ শইকীয়াই। ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে তৃণমূল পৰ্যায়ৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি পঞ্চায়তীৰাজ ব্যৱস্থাক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

একে সময়তে দিলীপ শইকীয়াই দাবী কৰে যে, পঞ্চায়তৰ এই ফলাফলে বিজেপিৰ মিত্ৰজোঁটক গাঁও পৰ্যায়ত বাধাহীনভাৱে কাম কৰাৰ সুযোগ প্ৰদান কৰিছে । কংগ্ৰেছৰ বিৰুদ্ধে বিভাজনকাৰী আৰু তুষ্টিকৰণৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে, কংগ্ৰেছৰ বিভাজনকাৰী আৰু তুষ্টিকৰণৰ ৰাজনীতিতকৈ অসমৰ জনসাধাৰণে নিৰ্ণায়কভাৱে উন্নয়ন বাছি লৈছে বুলি দাবী কৰে দিলীপ শইকীয়াই ।