বিচিচিআইয়ে ল’লে আকস্মিক সিদ্ধান্তঃ আগন্তুক শৃংখলাৰ সূচীত হ’ল পৰিৱৰ্তন…
অহা ২০ জুনৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ টেষ্ট শৃংখলা আৰম্ভ হ’ব। আগন্তুক এই শৃংখলাটোক কেন্দ্ৰ কৰি অনুৰাগীৰ অপেক্ষাৰ মাজতে বিচিচিআইয়ে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বিচিচিআইয়ে ভাৰতীয় দলৰ আগন্তুক ২খন টেষ্ট মেচৰ স্থান সলনি কৰিছে।

ইংলেণ্ডৰ বিপক্ষে আগন্তুক টেষ্ট শৃংখলাৰ বাবে বৰ্তমান অনুশীলনৰত ভাৰতীয় ক্ৰিকেট দল। অহা ২০ জুনৰ পৰা এই টেষ্ট শৃংখলা অনুষ্ঠিত হ’ব। আগন্তুক এই শৃংখলাটোক কেন্দ্ৰ কৰি অনুৰাগীৰ অপেক্ষাৰ মাজতে বিচিচিআইয়ে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বিচিচিআইয়ে ভাৰতীয় দলৰ আগন্তুক ২খন টেষ্ট মেচৰ স্থান সলনি কৰিছে। একে সময়তে ভাৰতীয় মহিলা ক্ৰিকেট দলে খেলিবলগা এদিনীয়া শৃংখলাৰ তিনিখন মেচৰ স্থানো সলনি কৰা হৈছে।
নতুন সূচী ঘোষণা কৰি বিচিচিআইয়ে জানিবলৈ দিয়া মতে ২০২৫ চনৰ ২ অক্টোবৰৰ পৰা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ এতিয়া কলকাতাৰ পৰিৱৰ্তে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। একে সময়তে ১৪ নৱেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আৰম্ভ হোৱা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ এতিয়া দিল্লীৰ পৰিৱৰ্তে কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব।
ইফালে ভাৰত আৰু অষ্ট্ৰেলিয়া মহিলা দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাৰ মেচ তিনিখন চেন্নাইত অনুষ্ঠিত নহ’ব বুলিও বিচিচিআইয়ে সিদ্ধান্ত লৈছে। এই শৃংখলাৰ দুখন মেচ এতিয়া নিউ চণ্ডীগড়ৰ নিউ পিচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব, আনহাতে অন্তিমখন এদিনীয়া মেচ দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। চেপ’ক ষ্টেডিয়াম নিৰ্মাণৰত অৱস্থাত থকাৰ বাবে এই শৃংখলাৰ স্থান সলনি কৰা হৈছে।
চাওক ভাৰতীয় ক্ৰিকেট দলৰ আগন্তুক আপডেট সূচী-
অহা ২ অক্টোবৰৰ পৰা আহমেদাবাদত অনুষ্ঠিত হ’ব ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ।
১০ অক্টোবৰৰ পৰা নতুন দিল্লীত অনুষ্ঠিত হ’ব দ্বিতীয়খন টেষ্ট মেচ।
১৪ নৱেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট কলকাতাত অনুষ্ঠিত হ’ব।
২২ নৱেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব দ্বিতীয়খন টেষ্ট।
৩০ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰাঁচীত অনুষ্ঠিত হ’ব প্ৰথমখন এদিনীয়া।
অহা ৩ ডিচেম্বৰত ৰায়পুৰত অনুষ্ঠিত হ’ব দ্বিতীয়খন এদিনীয়া।
৬ ডিচেম্বৰত ভাইজাগত অনুষ্ঠিত হ’ব তৃতীয়খন এদিনীয়া।
৯ ডিচেম্বৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচ কটকত অনুষ্ঠিত হ’ব।
১১ ডিচেম্বৰত নিউ চণ্ডীগড়ত অনুষ্ঠিত হ’ব দ্বিতীয়খন টি-২০।
১৪ ডিচেম্বৰত ধৰ্মশালাত অনুষ্ঠিত হ’ব তৃতীয় টি-২০।
১৭ ডিচেম্বৰত লক্ষ্ণৌত অনুষ্ঠিত হ’ব চতুৰ্থ টি-২০।
১৯ ডিচেম্বৰত আহমেদাবাদত অনুষ্ঠিত হ’ব পঞ্চমখন টি-২০ মেচ।