শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আন্তঃৰাষ্ট্ৰীয় টি-২০ক বিদায় দিলে ষ্টাৰ্কেঃ আঁৰৰ কাৰণে আচৰিত কৰিব আপোনাক

২০১২ চনত টি-২০ আন্তঃৰাষ্ট্ৰীয়ত অভিষেক ঘটোৱাৰ পিছত সুদীৰ্ঘ ১৩ বছৰ এই ফৰ্মেটত অংশ লয় তাৰকাগৰাকীয়ে। অৱশ্যে দীঘলীয়া সময় হ’লেও ক্ৰিকেটৰ এই চমু ফৰ্মেটত ষ্টাৰ্কে খুব কমেইহে অষ্ট্ৰেলিয়ান জাৰ্চি পৰিধান কৰিছিল।

আন্তঃৰাষ্ট্ৰীয় টি-২০ক বিদায় দিলে ষ্টাৰ্কেঃ আঁৰৰ কাৰণে আচৰিত কৰিব আপোনাক
অৱসৰ ঘোষণা মিচেল ষ্টাৰ্কৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 02 Sep 2025 09:51 AM

আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে অষ্ট্ৰেলিয়া তাৰকা স্পীডষ্টাৰ মিচেল ষ্টাৰ্কে সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম এগৰাকী শ্ৰেষ্ঠ বলাৰ হিচাপে পৰিচিত অষ্ট্ৰেলিয়ান তাৰকাগৰাকীয়ে নিজা সামাজিক মাধ্যম একাউণ্ট যোগে অনুৰাগীৰ মাজত এই খবৰ ঘোষণা কৰে ইতিমধ্যে ক্ৰিকেট অষ্ট্ৰেলিয়ায়ো নিজা সামাজিক মাধ্যম হেণ্ডেল যোগে ষ্টাৰ্কৰ অৱসৰৰ বিষয়ে প্ৰকাশ কৰিছে নিউজিলেণ্ডৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ আগন্তুক টি-২০ শৃংখলাৰ বাবে দল ঘোষণা কৰাৰ সময়তে এই সিদ্ধান্ত লৈছে ষ্টাৰ্কে

নিজ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ষ্টাৰ্কে অষ্ট্ৰেলিয়াৰ হৈ ৬৫খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত অংশ লৈছিল ২০১২ চনত টি-২০ আন্তঃৰাষ্ট্ৰীয়ত অভিষেক ঘটোৱাৰ পিছত সুদীৰ্ঘ ১৩ বছৰ এই ফৰ্মেটত অংশ লয় তাৰকাগৰাকীয়ে অৱশ্যে দীঘলীয়া সময় লেও ক্ৰিকেটৰ এই চমু ফৰ্মেটত ষ্টাৰ্কে খুব কমেইহে অষ্ট্ৰেলিয়ান জাৰ্চি পৰিধান কৰিছিল

প্ৰধানতঃ ক্ৰিকেটৰ দীঘলীয়া ফৰ্মেটৰ প্ৰতি ষ্টাৰ্কে দেখুৱাইছিল অধিক আগ্ৰহ অৱশেষত আজি এই চমু ফৰ্মেটটোক বিদায় দিয়ে তাৰকা পেচাৰগৰাকীয়ে উল্লেখ্য যে ২০২৪ চনৰ জুন মাহত ভাৰতৰ বিৰুদ্ধে নিজ কেৰিয়াৰৰ অন্তিমখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল ষ্টাৰ্কে।

লক্ষণীয়ভাৱে আগন্তুক বৰ্ষত অনুষ্ঠিত টি২০ বিশ্বকাপ তাৰ পূৰ্বে ষ্টাৰ্কৰ অৱসৰৰ সিদ্ধান্তই ক্ৰিকেটপ্ৰেমীক কিছু আচৰিত নকৰাকৈও থকা নাই পিছে ষ্টাৰ্কে হঠাতে এইদৰে নিজৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ সামৰিবলৈ লোৱা সিদ্ধান্তৰ কাৰণ সন্দৰ্ভত এক বিশেষ খবৰো পোহৰলৈ আহিছে

অনুমান অনুসৰি, ষ্টাৰ্কে এতিয়া টেষ্ট আৰু এদিনীয়া ফৰ্মেটত অধিক গুৰুত্ব দিব বিচাৰিছে সেয়েহে তেওঁ টি-২০ আন্তঃৰাষ্ট্ৰীয়ৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। বৰ্তমান ৩৫ বছৰীয়া ষ্টাৰ্কে ২০২৭ চনত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপত অংশগ্ৰহণৰো পৰিকল্পনা কৰা বুলি চৰ্চিত হৈছে

উল্লেখ্য যে পাকিস্তানৰ বিৰুদ্ধে ২০১২ চনত টি২০ অভিষেক ঘটোৱা ষ্টাৰ্কে নিজ আন্তঃৰাষ্ট্ৰীয় টি-২০ কেৰিয়াৰত ৬৫খন মেচ খেলি ৭৯টা উইকেট দখল কৰিছিল। এই ফৰ্মেটত তেওঁ অষ্ট্ৰেলিয়াৰ দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী বলাৰ ২০২১ চনত টি-২০ বিশ্বকাপ জয়ী অষ্ট্ৰেলিয়ান দলৰো এগৰাকী প্ৰধান সদস্য আছিল