শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গৌৰৱৰ ক্ষণ! BCCIৰ কাৰ্যবাহী সচিব পদত অসম সন্তান দেৱজিৎ শইকীয়া

দেৱজিৎ শইকীয়াক BCCIৰ কাৰ্যবাহী সচিব হিচাপে নিযুক্তি দিলে অধ্যক্ষ ৰ'জাৰ বিন্নীয়ে । এতিয়াৰে পৰা জয় শ্বাহৰ স্থানত দেৱজিৎ শইকীয়াই চম্ভালিব BCCIৰ দায়িত্ব। ভাৰতীয় ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাটোৰ শীৰ্ষ পদবীত অধিষ্ঠিত প্ৰথমগৰাকী অসমীয়া দেৱজিৎ শইকীয়া।

গৌৰৱৰ ক্ষণ! BCCIৰ কাৰ্যবাহী সচিব পদত অসম সন্তান দেৱজিৎ শইকীয়া
BCCIৰ কাৰ্যবাহী সচিবৰ দায়িত্বত দেৱজিৎ শইকীয়া
trishna-kalita
Trishna Kalita | Updated On: 08 Dec 2024 10:22 AM

এয়া অসমবাসীৰ বাবে এক গৌৰৱময় মুহূৰ্ত। BCCIৰ কাৰ্যবাহী সচিবৰ দায়িত্বত অসম সন্তান ।  দেৱজিৎ শইকীয়াক BCCIৰ কাৰ্যবাহী সচিব হিচাপে নিযুক্তি দিলে অধ্যক্ষ ৰ’জাৰ বিন্নীয়ে । এতিয়াৰে পৰা জয় শ্বাহৰ স্থানত দেৱজিৎ শইকীয়াই চম্ভালিব BCCIৰ দায়িত্ব। ভাৰতীয় ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাটোৰ শীৰ্ষ পদবীত অধিষ্ঠিত প্ৰথমগৰাকী অসমীয়া দেৱজিৎ শইকীয়া।

বৰ্তমানলৈকে BCCIৰ যুটীয়া সচিবৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল শইকীয়াই। এদিন পূৰ্বে ICCৰ ব’ৰ্ড ডাইৰেক্টৰৰূপে দায়িত্ব গ্ৰহণ কৰিছে শইকীয়াই। BCCIৰ সচিব জয় শ্বাহৰ স্থলাভিষিক্ত হিচাপে দায়িত্ব লাভ দেৱজিৎ শইকীয়াৰ। অহাবৰ্ষৰ ছেপ্টেম্বৰলৈকে BCCIৰ সচিব পদত থাকিব শইকীয়া। ছেপ্টেম্বৰৰ পিছত পূৰ্ণকালীন সচিব নিযুক্ত হ’ব।

অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক আছিল শইকীয়া। দেৱজিৎ শইকীয়া আছিল এজন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাৰ লগতে বৰ্তমান অসম চৰকাৰৰ মহাধিবক্তা হিচাপেও দায়িত্ব পালন কৰি আছে তেওঁ। দেৱজিৎ শইকীয়াৰ এই খবৰে অসম ক্ৰিকেট সন্থাত কঢ়িয়াই আনিছে  আনন্দৰ বতৰা । অসম সন্তানৰ এই সফলতাত সকলোৱে জনাইছে শুভেচ্ছা।

চলিত সপ্তাহত ডুবাইত অনুষ্ঠিত আইচিচি বৈঠকত উপস্থিত আছিল দেৱজিৎ শইকীয়া, যিয়ে ইংগিত দিছিল যে তেওঁ পৰৱৰ্তী সময়ত সচিবৰ দায়িত্বত থাকিব পাৰে। সেই বৈঠকতে ICCৰ ব’ৰ্ড ডাইৰেক্টৰৰূপে দায়িত্ব গ্ৰহণ কৰিছে শইকীয়াই।  তেওঁ অহা বছৰৰ ছেপ্টেম্বৰ লৈকে এই ভূমিকাত থাকিব বুলি আশা কৰা হৈছে। তাৰ পিছত খালী পদটোত স্থায়ীভাৱে নিযুুক্তি দিয়া হ’ব। দেৱজিৎ শইকীয়াক BCCIৰ কাৰ্যকৰী সচিব হিচাপে নিযুক্তি দিয়া হৈছে। আইচিচিৰ অধ্যক্ষৰ ভূমিকা পালনৰ বাবে জয় শ্বাহে সচিব পদ ত্যাগ কৰাৰ পিছত দেৱজিৎ শইকীয়াক এই পদৰ দায়িত্ব দিয়া হৈছে । শ্বাহে ১ ডিচেম্বৰত আন্তৰ্জাতিক ক্ৰিকেট সংস্থাত শীৰ্ষ পদবীৰ দায়িত্ব গ্ৰহণ কৰিছিল।

পিটিআইৰ এক প্ৰতিবেদন অনুসৰি, বিচিচিআইৰ নিয়মৰ অধীনত স্থায়ী সচিব নিযুক্তি নোহোৱালৈকে ব’ৰ্ডৰ সভাপতি ৰ’জাৰ বিন্নীয়ে তেওঁৰ সাংবিধানিক ক্ষমতা ব্যৱহাৰ কৰি শইকীয়াক অন্তৱৰ্তীকালীন সময়ৰ বাবে অৰ্থাৎ স্থায়ী নিযুুক্তি নোহোৱালৈ  কাৰ্যকৰী সচিব হিচাপে নিযুক্তি দিয়ে।

বিন্নীয়ে বিচিচিআইৰ সংবিধানৰ দফা 7(1) (d) কথা উল্লেখ কৰি শইকীয়াক সচিবৰ দায়িত্ব প্ৰদান কৰে। উল্লেখ্য যে, দেৱজিৎ শইকীয়া এজন প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ হোৱাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন জ্যেষ্ঠ অধিবক্তা।

বিন্নীয়ে শইকীয়ালৈ লিখিছে- “BCCI ৰ নিয়ম অনুসৰি নিৰ্ধাৰিত প্ৰক্ৰিয়াৰ দ্বাৰা পদটো পূৰণ নোহোৱালৈকে মই আপোনাক সচিবৰ কাম-কাজৰ দায়িত্ব অৰ্পণ কৰিছোঁ। মই নিশ্চিত যে আপুনি আপোনাৰ সৰ্বশ্ৰেষ্ঠ সামৰ্থ্য আৰু আত্মবিশ্বাসেৰে নিজৰ কৰ্তব্য পালন কৰিব।”