শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিতৰ্কৰ পিছত পুনৰ ভাৰত-পাক মেচ! এই দিনটোত পুনৰ নামিব বেট-বলৰ যুঁজত…

যোৱা ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা ভাৰত-পাক মেচখনৰ সময়ত সামাজিক মাধ্যমত বয়কট এছিয়া কাপ ট্ৰেণ্ডিঙত থকা পৰিলক্ষিত হৈছিল। কিন্তু এতিয়া পুনৰ এবাৰ ভাৰত বনাম পাকিস্থান মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা গা কৰি উঠিছে।

বিতৰ্কৰ পিছত পুনৰ ভাৰত-পাক মেচ! এই দিনটোত পুনৰ নামিব বেট-বলৰ যুঁজত…
এছিয়া কাপত পুনৰ ভাৰত-পাক মেচImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 16 Sep 2025 13:36 PM

বহু বিতৰ্কৰ অন্তত যোৱা দেওবাৰে অনুষ্ঠিত হয় ভাৰত আৰু পাকিস্তানৰ মেচ। এছিয়া কাপ ২০২৫ৰ এই মেচখনক কেন্দ্ৰ কৰি পূৰ্বৰে পৰা পৰিলক্ষিত হৈছিল যথেষ্ট বাদ-বিবাদ তথা বিতৰ্ক। মেচৰ সময়ত তথা পিছতো খেলুৱৈৰ কৰমৰ্দনক কেন্দ্ৰ কৰি আন এক বিতৰ্কৰ সূত্ৰপাত হয়। এই মেচখনৰ টছৰ সময়ত ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱে পাক অধিনায়ক ছলমান আলী আঘাৰ সৈতে কৰমৰ্দনৰ পৰা বিৰত থাকে। লগতে মেচৰ সমাপ্তিৰ পিছতো পাকিস্তানী খেলুৱৈৰ সৈতে কৰমৰ্দন নকৰে ভাৰতীয় খেলুৱৈসকলে।

ইয়াৰ পিছতে দেখা গৈছে ব্যাপক বিতৰ্ক। লক্ষণীয়ভাৱে পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণ আৰু তাৰ পিছত সৃষ্টি হোৱা যুদ্ধৰ পৰিস্থিতিক কেন্দ্ৰ কৰি এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব নালাগে বুলি আহ্বান জনাইছিল অধিকাংশ লোকে। কিন্তু চৰকাৰৰ অনুমোদন লাভ কৰাৰ পিছত এছিয়া কাপত পাকিস্তানৰ বিপক্ষে খেলাটো নিশ্চিত হৈ পৰে।

যোৱা ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা গ্ৰুপ পৰ্যায়ৰ মেচখনত ভাৰতে সহজে ৭ উইকেটত জয়লাভ কৰিছিল। এই জয়েৰে ভাৰতীয় দলে ছুপাৰ-৪ত নিজৰ স্থান প্ৰায় নিশ্চিত কৰে। উল্লেখ্য যে এই মেচখনৰ সময়ত সামাজিক মাধ্যমত বয়কট এছিয়া কাপ ট্ৰেণ্ডিঙত থকা পৰিলক্ষিত হৈছিল। কিন্তু এতিয়া পুনৰ এবাৰ ভাৰত বনাম পাকিস্থান মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা গা কৰি উঠিছে।

অৱশ্যে এই মেচৰ নিশ্চিতি ১৭ ছেপ্টেম্বৰ, অৰ্থাৎ বৃহস্পতিবাৰেহে পোৱা যাব। বৃহস্পতিবাৰে পাকিস্তানে গ্ৰুপ পৰ্যায়ত নিজৰ অন্তিমখন মেচ খেলিব। ইয়াৰ পিছত পইণ্ট তালিকাৰ স্থান সূত্ৰে ভাৰত-পাক মেচ হ’ব নে নহয়, সেয়া নিশ্চিত হৈ পৰিব। পাকিস্তানে গ্ৰুপ পৰ্যায়ৰ অন্তিমখন মেচ খেলিব ইউ এ ইৰ বিপক্ষে। যদিহে পাকিস্তানে এই মেচত জয়লাভ কৰে তেতিয়া ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰে।

এনে পৰিস্থিতিত ২১ ছেপ্টেম্বৰত ছুপাৰ-৪ পৰ্যায়ত ভাৰত আৰু পাকিস্তানৰ মাজত আন এক ৰোমাঞ্চকৰ মেচ দেখা পোৱা যাব। এই ছুপাৰ-৪ মেচখন গ্ৰুপ-এৰ পৰা যোগ্যতা অৰ্জন কৰা শীৰ্ষ দুটা দলৰ মাজত অনুষ্ঠিত হ’ব। ইতিমধ্যে ভাৰতে এই মেচখনত স্থান নিশ্চিত কৰিছে। এতিয়া মেচৰ আনটো দল আফগানিস্তান হ’ব নে পাকিস্তান হ’ব, সেয়া কাইলৈহে জানিন পৰা যাব।

কেৱল ছুপাৰ-৪ পৰ্যায়তেই নহয়, দুয়োটা দলৰ মাজত ফাইনেল মেচ অনুষ্ঠিত হোৱাৰো সম্ভাৱনা আছে। প্ৰতিযোগিতাৰ ছুপাৰ-৪ পৰ্যায়ত প্ৰতিটো দলে ৩ খনকৈ মেচ খেলিব আৰু শীৰ্ষৰ দুটা দল ফাইনেলত অৱতীৰ্ণ হ’ব। এনে পৰিস্থিতিত যদি ভাৰত আৰু পাকিস্তানৰ দল শীৰ্ষ দুটা স্থানত থাকে, তেতিয়া খিতাপ যুঁজতো মুখামুখি হ’ব পাৰে।