শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

প্ৰথমে খেলপথাৰৰ সংকট, তাৰ পিছতে জীৱনৰ ধুমুহা! এছিয়া কাপৰ মেচৰ মাজতে পিতৃক হেৰুৱালে যুৱ ক্ৰিকেটাৰে

আফগান ইনিংছৰ অন্তিমটো অভাৰত নবীয়ে পাঁচটাকৈ ছয় কোবায়। শ্ৰীলংকাৰ হৈ এই অন্তিম অভাৰটোত বলিং কৰিছিল এগৰাকী যুৱ খেলুৱৈয়ে। কিন্তু ইয়াৰ পিছতে খেলপথাৰৰ বাহিৰলৈ আহি তেওঁ আন এক অনাকাংক্ষিত খবৰ লাভ কৰে। এই খবৰে তেওঁক খেলপথাৰত সন্মুখীন হোৱা পৰিস্থিতিতকৈও অধিক ধুমুহা নমাই আনে জীৱনলৈ।

প্ৰথমে খেলপথাৰৰ সংকট, তাৰ পিছতে জীৱনৰ ধুমুহা! এছিয়া কাপৰ মেচৰ মাজতে পিতৃক হেৰুৱালে যুৱ ক্ৰিকেটাৰে
খেলৰ মাজতে পিতৃক হেৰুৱালে শ্ৰীলংকান ক্ৰিকেটাৰেImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 19 Sep 2025 13:45 PM

চলিত এছিয়া কাপ ২০২৫ৰ গ্ৰুপ পৰ্যায়ৰ মেচ প্ৰায় সামৰণিৰ দিশে এতিয়াও গ্ৰুপৰ দুখন মেচ বাকী আছে যদিও ছুপাৰ পৰ্যায় ইতিমধ্যেই স্পষ্ট হৈ পৰিছে প্ৰতিযোগিতাত কালি গ্ৰুপ পৰ্যায়ৰ এখন মেচত মুখামুখি হৈছিল শ্ৰীলংকা আৰু আফগানিস্তান এই মেচখনত শ্ৰীলংকাই সহজেই আফগানিস্তানক উইকেটত পৰাস্ত কৰি ছুপাৰ পৰ্যায়ত প্ৰৱেশ কৰে লক্ষণীয়ভাৱে আফগানিস্তাৰ অভিজ্ঞ তাৰকা মহম্মদ নবীয়ে মেচখনৰ প্ৰথম ইনিংছৰ অন্তিমটো অভাৰত চমক সৃষ্টি কৰে

আফগান ইনিংছৰ অন্তিমটো অভাৰত নবীয়ে পাঁচটাকৈ ছয় কোবায় এইদৰে তেওঁ আফগানিস্তানক এক প্ৰত্যাহ্বানমূলক স্ক থিয় কৰোৱাত সহায় কৰে শ্ৰীলংকাৰ হৈ এই অন্তিম অভাৰটোত বলিং কৰিছিল এগৰাকী যুৱ খেলুৱৈয়ে নবীৰ মাৰমুখী বেটিঙত দিশহাৰা হৈ পৰা এই খেলুৱৈগৰাকীয়ে স্বাভাৱিকতেই হেৰুৱায় মনোবল

কিন্তু ইয়াৰ পিছতে খেলপথাৰৰ বাহিৰলৈ আহি তেওঁ আন এক অনাকাংক্ষিত খবৰ লাভ কৰে এই খবৰে তেওঁক খেলপথাৰত সন্মুখীন হোৱা পৰিস্থিতিতকৈও অধিক ধুমুহা নমাই আনে জীৱনলৈ খেলপথাৰৰ পৰা বাহিৰলৈ ওলায়ে এই খেলুৱৈগৰাকীয়ে লাভ কৰে পিতৃৰ মৃত্যুৰ খবৰ ইয়াৰ পিছতে তেওঁক তাৎক্ষণিকভাৱে স্বগৃহলৈ উভতাই পঠোৱা হৈছে

এনে দুৰ্বিষহ অৱস্থাৰ সন্মুখীন হোৱা খেলুৱৈগৰাকী হৈছে শ্ৰীলংকাৰ যুৱ অলৰাউণ্ডাৰ দুনিথ ৱেল্লালাগে এই যুৱ খেলুৱৈগৰাকীয়ে মেচখনৰ অন্তিমটো অভাৰত ৫টা ছয়সহ মুঠ ৩২ ৰান খৰচ কৰে ইয়াৰ পিছতে খেলপথাৰৰ বাহিৰলৈ ওলাই এনে খবৰ লাভ কৰে ৱেল্লালাগে সতীৰ্থ খেলুৱৈ তথা শ্ৰীলংকাৰ টীম মেনেজমেণ্টে খেলুৱৈগৰাকীক এই দুখৰ সময়ত সংগ দিয়ে

মেচৰ পিছতে দলে ৱেল্লালাগেক নিজ গৃহলৈ উভতাই পঠায় খেলুৱৈগৰাকীৰ পিতৃ সুৰংগ ৱেল্লালাগেৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি হাৰ্ট এটেকৰ ফলত তেওঁৰ মৃত্যু হয় অৱশ্যে শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডে এই ঘটনা সন্দৰ্ভত কোনো আপডেট প্ৰকাশ কৰা নাই।

সামাজিক মাধ্যমত ইতিমধ্যে খেলুৱৈগৰাকীৰ এই দুখৰ ক্ষণৰ ভিডিঅভাইৰেল হৈছে এই ভিডিঅ’টোত শ্ৰীলংকাৰ প্ৰশিক্ষক সনথ জয়সূৰিয়া আৰু মেনেজাৰে ৱেল্লালাগেক মেচৰ পিছত পিতৃৰ মৃত্যুৰ বিষয়ে অৱগত কৰা দেখা গৈছে। ইফালে আফগানিস্তান তাৰকা মহম্মদ নবীয়েও মেচৰ পিছত এই ঘটনাৰ বিষয়ে জানিব পাৰি ৱেল্লালাগেৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে