মুকলি হ’ল এছিয়া কাপৰ সূচীঃ UAEত এই দিনটোত পাকিস্তানৰ মুখামুখি হ’ব ভাৰত…
লক্ষণীয়ভাৱে এছিয়াৰ দুই প্ৰধান ক্ৰিকেট শক্তি ভাৰত আৰু পাকিস্তান এইবাৰ একেটা গ্ৰুপতে থাকিব। এনে পৰিস্থিতিত দুয়োটা দল গ্ৰুপ পৰ্যায়তে মুখামুখি হ’ব। এই বহু প্ৰতীক্ষিত মেচখন কেতিয়া হ’ব, চাওক এই বিষয়ে।

অৱশেষত বহু জল্পনা-কল্পনাৰ অন্তত ঘোষণা কৰা হ’ল এছিয়া কাপ ২০২৫ৰ সূচী। এছিয়ান ক্ৰিকেট কাউঞ্চিলৰ মুৰব্বী মহছিন নাকভিয়ে সন্ধিয়াৰ ভাগত প্ৰতিযোগিতাখন আয়োজনৰ সিদ্ধান্ত চূড়ান্ত কৰাৰ কিছু সময় পিছতে এছিয়া কাপ ২০২৫ৰ সূচী মুকলি কৰা হয়। প্ৰকাশিত সূচী অনুসৰি, অহা ৯ ছেপ্টেম্বৰৰ পৰা সংযুক্ত আৰৱ আমিৰশ্বাহীত অনুষ্ঠিত হ’ব এছিয়া কাপ। অৱশ্যে আয়োজনৰ স্থান ইউ এ ই হ’লেও আয়োজক হ’ব বিচিচিআই। এইবাৰ টি-২০ ফৰ্মেটত অনুষ্ঠিত কৰিবলগা এছিয়া কাপত মুঠ ৮টা দলে অংশ ল’ব।
লক্ষণীয়ভাৱে এছিয়াৰ দুই প্ৰধান ক্ৰিকেট শক্তি ভাৰত আৰু পাকিস্তান এইবাৰ একেটা গ্ৰুপতে থাকিব। ইতিমধ্যে এছিয়ান ক্ৰিকেট কাউঞ্চিলে প্ৰতিযোগিতাখনৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰিছে। এই প্ৰতিযোগিতাত অংশ ল’ব লগা মুঠ ৮খন দেশৰ ভিতৰত পাঁচখন হ’ব টেষ্ট খেলা দেশ। আনহাতে আন তিনিখন অংশগ্ৰহণকাৰী দেশ হ’ব সংযুক্ত আৰৱ আমিৰশ্বাহী, ওমান আৰু হংকং।
এই ৮টা দলক দুটা গ্ৰুপত ভাগ কৰা হ’ব। ইয়াৰে ভাৰত আৰু পাকিস্তানৰ সৈতে গ্ৰুপ এত থাকিব সংযুক্ত আৰৱ আমিৰশ্বাহী আৰু ওমান। আনহাতে আনটো গ্ৰুপত থাকিব শ্ৰীলংকা, বাংলাদেশ, আফগানিস্তান আৰু হংকং। ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগা এই প্ৰতিযোগিতাত ভাৰতীয় দলে ১০ ছেপ্টেম্বৰৰ পৰা অভিযান আৰম্ভ কৰিব।
প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচখন হ’ব আফগানিস্তান আৰু হংকঙৰ মাজত। পিছদিনা অৰ্থাৎ ১০ ছেপ্টেম্বৰত ভাৰতে সংযুক্ত আৰৱ আমিৰশ্বাহীৰ বিৰুদ্ধে নিজৰ প্ৰথমখন মেচ খেলিব। আনহাতে বহু প্ৰতীক্ষিত ভাৰত আৰু পাকিস্তানৰ মেচখনৰ বাবে ১৪ ছেপ্টেম্বৰ ধাৰ্য কৰা হৈছে। অৱশ্যে শেহতীয়া সংঘৰ্ষৰ পিছত দুয়োটা দলে এই মেচখনত পৰস্পৰৰ বিপক্ষে অৱতীৰ্ণ হ’বনে সেয়া লক্ষণীয় হ’ব।
গ্ৰুপ পৰ্যায়ত ভাৰতৰ অন্তিমখন মেচ হ’ব ওমানৰ বিৰুদ্ধে। এই মেচখন ১৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব। লক্ষণীয়ভাৱে গ্ৰুপ পৰ্যায়ৰ পৰা যদি ভাৰত আৰু পাকিস্তান প্ৰতিযোগিতাৰ ছুপাৰ ফ’ৰ পৰ্যায়লৈ আগবাঢ়ে, তেতিয়া এই পৰ্যায়তো দুয়োটা দল পুনৰ মুখামুখি হ’ব। ইয়াৰ পিছত ফাইনেলতো দুয়োটা দল পৰস্পৰৰ বিপক্ষে অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা থাকিব। ২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ফাইনেল মেচ।