শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এটা মাত্ৰ শতক আৰু আনন্দিত সমগ্ৰ অষ্ট্ৰেলিয়া! কিদৰে হেইডেনৰ লজ্জা ৰক্ষা কৰিলে প্ৰতিপক্ষৰ ৰুটে?

এই শতকটোৱে স্বাভাৱিকতেই ব্ৰিজবেন টেষ্টত জো ৰুট আৰু ইংলেণ্ড শিবিৰলৈ কঢ়িয়াই আনিছে সকাহ। পিছে তেওঁৰ এই শতকে অষ্ট্ৰেলিয়াৰ কিংবদন্তি তাৰকা মেথিউ হেইডনৰ চিন্তা দূৰ কৰিছে। কিয়নো ৰুটৰ এই শতকীয় ইনিংছটোৰ সুবাদতে আজি ৰক্ষা পৰিছে কিংবদন্তি তাৰকাগৰাকীৰ লজ্জা।

এটা মাত্ৰ শতক আৰু আনন্দিত সমগ্ৰ অষ্ট্ৰেলিয়া! কিদৰে হেইডেনৰ লজ্জা ৰক্ষা কৰিলে প্ৰতিপক্ষৰ ৰুটে?
কিদৰে হেইডেনৰ লজ্জা ৰক্ষা কৰিলে ৰুটে?Image Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 04 Dec 2025 22:56 PM

সাম্প্ৰতিক সময়ত ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ টেষ্ট খেলুৱৈ জ’ ৰুট। ধাৰাবাহিকতা ৰক্ষাৰে ইংৰাজ তাৰকাগৰাকীয়ে সমগ্ৰ ক্ৰিকেট বিশ্বৰ প্ৰশংসা বুটলিছে। বিগত সময়ছোৱাত ৰুটৰ বেটৰ পৰা দেখিবলৈ পোৱা গৈছে ইটোৰ পিছত সিটোকৈ শতক। এইদৰে নিজ টেষ্ট কেৰিয়াৰত ৰুটে সংগ্ৰহ কৰিছিল মুঠ ৩৯টা শতক। পিছে অষ্ট্ৰেলিয়ান ভূমিত শতক অৰ্জনত ইমানদিনে ব্যৰ্থতাৰ মুখ দেখি আহিছিল তেওঁ। অৱশেষত এই ব্যৰ্থতাৰ অৱসান ঘটাই আজি নিজ টেষ্ট কেৰিয়াৰত ৪০তম শতক সম্পূৰ্ণ কৰে তাৰকাগৰাকীয়ে।

আজিৰ পৰা আৰম্ভ হৈছে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত হোৱা ঐতিহাসিক এছেজৰ দ্বিতীয়খন টেষ্ট। ব্রিজবেনত আৰম্ভ হোৱা এই টেষ্টখনৰ প্রথম দিনাই আজি ৰুটে শতক অর্জন কৰে৷ বেটিং ক্ৰমৰ চতুৰ্থ স্থানত বেটিং কৰিবলৈ অহা ৰুটে দিনটোৰ অন্তিম ছেচনত শতক সম্পূৰ্ণ কৰি অষ্ট্ৰেলিয়াত যিকোনো ফৰ্মেটতে প্ৰথমটো শতক অৰ্জন কৰে।

এই শতকটোৱে স্বাভাৱিকতেই ব্ৰিজবেন টেষ্টত জো ৰুট আৰু ইংলেণ্ড শিবিৰলৈ কঢ়িয়াই আনিছে সকাহ। পিছে তেওঁৰ এই শতকে অষ্ট্ৰেলিয়াৰ কিংবদন্তি তাৰকা মেথিউ হেইডনৰ চিন্তা দূৰ কৰিছে। কিয়নো ৰুটৰ এই শতকীয় ইনিংছটোৰ সুবাদতে আজি ৰক্ষা পৰিছে কিংবদন্তি তাৰকাগৰাকীৰ লজ্জা। সেয়ে অষ্ট্ৰেলিয়াৰ বাবেও ৰুটৰ এই শতক হৈ পৰিছে আনন্দদায়ক।

হেইডেনৰ ভৱিষ্যদ্বাণী আৰু প্ৰত্যাহ্বান

ইতিমধ্যে টেষ্ট ক্ৰিকেটত ৩৯ শতক আৰু ১৩ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰা জো ৰুটে ব্রিজবেন টেষ্টৰ পূৰ্বে অষ্ট্ৰেলিয়াত কেতিয়াও শতক অৰ্জন কৰা নাছিল। ২০১৩ চনৰ পৰা অষ্ট্ৰেলিয়া ভ্ৰমণ কৰি অহা ৰুটে ইয়াত পূৰ্বৰ ১৫খন টেষ্ট মেচত ৯টা অৰ্ধশতক অৰ্জন কৰিছিল যদিও কেতিয়াও এই অৰ্ধশতকীয় ইনিংছ শতকলৈ ৰূপান্তৰিত কৰা নাছিল।

এনে দীঘলীয়া ব্যৰ্থতাৰ বাবেই প্ৰায়ে এক বিশেষ প্ৰশ্ন উত্থাপন হৈছিল, কেতিয়াবা অষ্ট্ৰেলিয়াত শতক অৰ্জন কৰিব পাৰিবনে সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ এই অন্যতম শ্ৰেষ্ঠ তাৰকাগৰাকীয়ে? অৱশ্যে এইক্ষেত্ৰত দৃঢ় বিশ্বাস আছিল অষ্ট্ৰেলিয়াৰ প্ৰাক্তন তাৰকা হেইডেন। অত্যন্ত বিশ্বাসেৰে হেইডেনে ঘোষণাও কৰিছিল, এইবাৰ ৰুটে শতক অৰ্জন কৰিব।

কেৱল সেয়াই নহয়, এই ঘোষণাই হেইডেনৰ লজ্জাও শংকাত পেলাইছিল। এই শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বেই হেইডেনে ভৱিষ্যদ্বাণী কৰিছিল যে এইবাৰ অষ্ট্ৰেলিয়াত জো ৰুটে নিশ্চিতভাৱে শতক অৰ্জন কৰিব। লগতে তেওঁ ঘোষণা কৰে যে যদি সেয়া সম্ভৱ হৈ নুঠে, তেতিয়া তেওঁ দেহৰ কাপোৰ খুলি মেলবৰ্ণ ক্ৰিকেট খেলপথাৰত দৌৰিব।

হেইডেনৰ সন্মান ৰক্ষা কৰিলে ৰুটে

হেইডেনৰ এই ঘোষণাই এইবাৰ ৰুটৰ ওপৰত অধিক দৃষ্টি নিবদ্ধ কৰিছিল ক্ৰিকেটপ্ৰেমীৰ। অৱশ্যে ৰুটে আজি দ্বিতীয় টেষ্টৰ প্ৰথম দিনাই শতক অৰ্জন কৰি মেথিউ হেইডেনক এই পৰিস্থিতিৰ পৰা ৰক্ষা কৰে। স্বাভাৱিকতেই ৰুটৰ এই শতকে হেইডেনক আজি সকলোতকৈ সুখী কৰি তোলে। ৰুটে শতক সম্পূৰ্ণ কৰাৰ লগে লগে হেইডেনে এটা ভিডিঅ’ পোষ্ট কৰি ইংৰাজ তাৰকাগৰাকীক অভিনন্দন জনায়।

সুখী হেডেনৰ কন্যাও

মেথিউ হেইডেনৰ কন্যা গ্ৰেচ হেডেনেও ৰুটৰ শতকৰ বাবে কৰি আছিল অপেক্ষা। পিতৃৰ লজ্জা ৰক্ষাৰ কামনাৰে গ্ৰেচে ৰুটক শতকৰ বাবে জনাইছিল আহ্বান। সেয়েহে ৰুটে শতক অৰ্জন কৰাৰ লগে লগে ছ’চিয়েল মিডিয়া যোগে গ্ৰেচ হেডেনেও এক বিশেষ পোষ্ট কৰে। তেওঁৰ এই পোষ্টে এতিয়া যথেষ্ট চৰ্চা লাভ কৰিছে।