কপিল দেৱ বা জাহিৰ নহয়, এইগৰাকী কিংবদন্তিক গুৰু হিচাপে মানে অংশুল কম্বোজে
আজিৰ পৰা আৰম্ভ হোৱা মানচেষ্টাৰ টেষ্টত ভাৰতীয় দলৰ হৈ অভিষেক ঘটিছে যুৱ পেচাৰ অংশুল কম্বোজৰ। আজি টেষ্ট কেপ লাভ কৰাৰ লগে লগে অংশুল ভাৰতৰ ৩১৮ সংখ্যক টেষ্ট খেলুৱৈ হিচাপে পৰিগণিত হয় অংশুল। পিছে বলিঙৰ ক্ষেত্ৰত এই যুৱ পেচাৰগৰাকীয়ে কোনগৰাকী খেলুৱৈক গুৰু হিচাপে জ্ঞান কৰে জানেনে?

ইংলেণ্ডৰ বিপক্ষে আজিৰ পৰা আৰম্ভ হোৱা মানচেষ্টাৰ টেষ্টত ভাৰতীয় দলৰ হৈ অভিষেক ঘটিছে যুৱ পেচাৰ অংশুল কম্বোজৰ। আঘাতপ্ৰাপ্ত পেচাৰ আকাশ দীপৰ স্থানত কম্বোজক দলৰ মূল একাদশত অন্তৰ্ভুক্ত কৰা হৈছে। আজি কম্বোজক টেষ্ট কেপ প্ৰদান কৰে ভাৰতৰ প্ৰাক্তন উইকেটকীপাৰ-বেটছমেন দীপ দাসগুপ্তাই। ইয়াৰ লগে লগে অংশুল ভাৰতৰ ৩১৮ সংখ্যক টেষ্ট খেলুৱৈ হিচাপে পৰিগণিত হয় অংশুল। এতিয়া স্বাভাৱিকতেই এই মেচখনত তেওঁৰ ওপৰত দৃষ্টি নিৱদ্ধ হ’ব ক্ৰিকেটপ্ৰেমীৰ।
পিছে টেষ্টৰ দৰে এক কঠিন ফৰ্মেটত কিয় হঠাতে ভাৰতীয় দলে অংশুল কম্বোজৰ দৰে এগৰাকী যুৱ পেচাৰৰ ওপৰত আস্থা প্ৰকাশ কৰিলে? ইংলেণ্ডৰ বিপক্ষে এই শৃংখলাত পিছ পৰি থকাৰ পিছতো কি বিশেষ গুণৰ বাবে কম্বোজৰ ওপৰত এইদৰে গুৰুত্ব দিয়া হ’ল? এই প্ৰশ্ন হয়তো বহু লোকৰ মনত উদয় হ’ব পাৰে। জানো আহক এই বিষয়ে।
আজি জাতীয় দলৰ হৈ অভিষেক ঘটোৱাৰ সুযোগ লাভ কৰা অংশুল কম্বোজৰ হাৰিয়ানাৰ কৰ্ণালত ২০০০ চনৰ ৬ ডিচেম্বৰত জন্ম হৈছিল। নিজৰ সঠিক বলিং দক্ষতাৰে কম সময়ৰ ভিতৰতে কম্বোজে দেশৰ ঘৰুৱা ক্ৰিকেটত পৰিচয় লাভ কৰিবলৈ সক্ষম হয়। ২০২২ চনত তেওঁ ঘৰুৱা ক্ৰিকেটত অভিষেক ঘটায়। ঘৰুৱা ক্ৰিকেটৰ এদিনীয়া ফৰ্মেট বিজয় হাজাৰে ট্ৰফীত তেওঁ দৰ্শনীয় প্ৰদৰ্শনেৰে প্ৰথমে সকলো দৃষ্টি আকৰ্ষণ কৰে।
উক্ত প্ৰতিযোগিতাত ১০খন মেচত ১৭টা উইকেট দখল কৰিছিল কম্বোজে। এই প্ৰদৰ্শনৰ ভিত্তিত মুম্বাই ইণ্ডিয়ানছে কম্বোজক ২০২৪ চনৰ আই পি এল সুযোগ দিছিল যদিও ছিজনৰ সমাপ্তিৰ পিছতে মুকলি কৰি দিয়ে। ইফালে ৰঞ্জী ট্ৰফীৰ জৰিয়তে পুনৰ এবাৰ ক্ৰিকেট জগতত চৰ্চিত হৈ পৰে কম্বোজ। বিগত ছিজনৰ কেৰালাৰ বিৰুদ্ধে ৰঞ্জীৰ এখন মেচত এটা ইনিংছতে ১০টা উইকেট দখল কৰি চাঞ্চল্যৰ সৃষ্টি কৰে যুৱ পেচাৰগৰাকীয়ে।
উল্লেখ্য যে এইগৰাকী যুৱ পেচাৰে অষ্ট্ৰেলিয়াৰ কিংবদন্তি পেচাৰ গ্লেন মেকগ্ৰাথক গুৰু হিচাপে গ্ৰহণ কৰি আহিছে। মেকগ্ৰাথক সততে অনুসৰণ কৰাৰ বাবে তেওঁৰ বলিঙতো কিংবদন্তি পেচাৰগৰাকীৰ ছাঁ দেখিবলৈ পোৱা যায়। উইকেটৰ একেটা লেংথতে ধাৰাবাহিকভাৱে বলিং কৰিব পৰা দক্ষতাৰ বাবে সুপৰিচিত কম্বোজ। এনে প্ৰভাৱৰ বাবে ঘৰুৱা ক্ৰিকেটতো কম্বোজক মেকগ্ৰাথ বুলি কোৱা হয়।
৬ ফুট ২ ইঞ্চি উচ্চতাৰ কম্বোজে নিজৰ উচ্চতাৰ সঠিক ব্যৱহাৰ কৰি ছুইঙৰ লগতে অতিৰিক্ত বাউঞ্চেৰেও বেটাৰক শলঠেকত পেলোৱা পৰিলক্ষিত হয়। উল্লেখ্য যে ঘৰুৱা ক্ৰিকেটত এই পৰ্যন্ত ২৪খন মেচত ৭৯টা উইকেট দখল কৰিছে অংশুল কম্বোজে। ইতিপূৰ্বে ইংলেণ্ডত খেলাৰ অভিজ্ঞতাও আছে পেচাৰগৰাকীৰ। ইণ্ডিয়া এৰ শেহতীয়া ইংলেণ্ড ভ্ৰমণত কম্বোজে ইংলেণ্ড লায়ঞ্চৰ বিৰুদ্ধে প্ৰথম শ্ৰেণীৰ দুখন মেচ খেলি পাঁচটা উইকেট দখল কৰিছিল।