শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অৱসৰৰ ঘোষণা এইগৰাকী বিশ্বকাপ জয়ী তাৰকাৰঃ এসময়ত ভাৰতৰ বাবে হৈ পৰিছিল দুখৰ কাৰণ

ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব’ৰ্ডে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া আগন্তুক পাঁচখন মেচৰ টি-২০ শৃংখলাৰ বাবে ১৬ জনীয়া দল ঘোষণা কৰিছে। ঘোষিত এই দলটোত স্থান লাভ কৰিছে আন্দ্ৰে ৰাছেলে। ৰাছেলৰ প্ৰত্যাৱৰ্তনে স্বাভাৱিকতেই অনুৰাগীসকলক উৎসাহিত কৰিছে। কিন্তু সমান্তৰালকৈ তেওঁৰ এক ঘোষণাই অনুৰাগীসকলক উদ্বিগ্ন কৰিছে।

অৱসৰৰ ঘোষণা এইগৰাকী বিশ্বকাপ জয়ী তাৰকাৰঃ এসময়ত ভাৰতৰ বাবে হৈ পৰিছিল দুখৰ কাৰণ
একালত ভাৰতীয় দলৰ আশা ভংগ কৰা খেলুৱৈৰ অৱসৰImage Credit source: Ryan Pierse/Getty Images
monjit-dutta
Monjit Dutta | Published: 17 Jul 2025 11:39 AM

টি২০ ক্ৰিকেটত ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দল সদায়েই নিজৰ বিস্ফোৰক শৈলীৰ বাবে প্ৰতিপক্ষৰ সমুখত ভয়াৱহ হৈ উঠিব পাৰে, এয়া প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীৰ বাবেই এক চিনাকি দৃশ্য দলৰ এই বিস্ফোৰক শৈলীত এক বিশেষ মাত্ৰা প্ৰদান কৰি আহিছে আন্দ্ৰে ৰাছেলে এইগৰাকী বিস্ফোৰক কেৰিবিয়ান অলৰাউণ্ডাৰে যিকোনো মুহূৰ্ততে অকলেই মেচৰ গতি সলনি কৰিব পৰাৰ সক্ষমতা ৰাখে নিজৰ অসামান্য আক্ৰমণাত্মক বেটিং শৈলীৰ বাবে ক্ৰিকেট বিশ্বতৰাছেল পাৱাৰহিচাপে এক সুকীয়া খ্যাতি অৰ্জন কৰিছে

সাধাৰণতে বিশ্বজুৰি অনুষ্ঠিত হোৱা টি২০ লীগসমূহত কেৰিবিয়ান খেলুৱৈসকলৰ এক বিশেষ সমাদৰ থাকে আক্ৰমণাত্মক বেটিং শৈলীৰ সমান্তৰালকৈ বলিং দক্ষতাৰ বাবে বিশ্বজুৰি সমাদৃত ৰাছেলোপিছে এইগৰাকী তাৰকাক আৰু কিছুদিনৰ পিছৰ পৰা দেখিবলৈ পোৱা নাযাব ৱেষ্ট ইণ্ডিজৰ জাতীয় পোছাকত ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ৰ্ডে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত বলগীয়া আগন্তুক পাঁচখন মেচৰ টি-২০ শৃংখলাৰ বাবে ১৬ জনীয়া দল ঘোষণা কৰিছে

ঘোষিত এই দলটোত স্থান লাভ কৰিছে আন্দ্ৰে ৰাছেলে ৰাছেলৰ প্ৰত্যাৱৰ্তনে স্বাভাৱিকতেই অনুৰাগীসকলক উৎসাহিত কৰিছে কিন্তু সমান্তৰালকৈ তেওঁৰ এক ঘোষণাই অনুৰাগীসকলক উদ্বিগ্ন কৰিছেঅষ্ট্ৰেলিয়াৰ বিপক্ষে আগন্তুক এই শৃংখলা ৱেষ্ট ইণ্ডিজে ঘৰুৱা খেলপথাৰত খেলিব। কিন্তু আগন্তুক এই শৃংখলাৰ সময়তে আন্দ্ৰে ৰাছেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’ব।

ৰাছেলে ঘৰুৱা খেলপথাৰ জামাইকাৰ ছাবিনা পাৰ্কত অনুষ্ঠিত হ’বলগীয়া প্ৰথম দুখন মেচৰ অন্ততে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’ব ঘোষণা কৰিছে। ৰাছেলে এইপৰ্যন্ত ৮৪ খন টি-২০ মেচ খেলিছে। টি২০ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত তেওঁ ১০৭৮ ৰান সংগ্ৰহ কৰাৰ লগতে ৬১টা উইকেট দখল কৰিছে। উল্লেখ্য যে ২০১৯ চনৰ পৰা তেওঁ কেৱল টি২০ ফৰ্মেটতহে দেশক প্ৰতিনিধিত্ব কৰি আহিছিল এতিয়া এই ফৰ্মেটকো বিদায় দিয়াৰ পিছত আৰু কেৰিবিয়ান জাৰ্চিত পুনৰ দেখা নাযাব তাৰকাগৰাকীক

 

 

View this post on Instagram

 

A post shared by WINDIES Cricket (@windiescricket)

লক্ষণীয়ভাৱে আগন্তুক বৰ্ষত ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী টি-২০ বিশ্বকাপ এই বিশ্বকাপত ৰাছেলে কেৰিবিয়ান দলৰ শক্তি বৃদ্ধি কৰিব বুলি আশা কৰা হৈছিল যদিও বিশ্বকাপলৈ মাজত আৰু সাত মাহ থকা অৱস্থাত অনুৰাগীৰ এই আশাৰ ওৰ পেলাইছে ৰাছেলেৰাছেলৰ অৱসৰৰ সিদ্ধান্ত স্বাভাৱিকতেই ৱেষ্ট ইণ্ডিজৰ বাবে এক বৃহৎ বিপৰ্যয় হিচাপে প্ৰমাণিত হ’ব।

কিয়নো ইতিপূৰ্বে দলৰ আন এগৰাকী তাৰকা নিকোলাছ পুৰাণেও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালেও অৱশ্যে ফ্ৰেঞ্চাইজি ক্ৰিকেটত দেখা যাব কেৰিবিয়ান তাৰকাগৰাকীক উল্লেখ্য যে ৱেষ্ট ইণ্ডিজৰ হৈ আন্দ্ৰে ৰাছেলে দুবাৰকৈ টি-২০ বিশ্বকাপ জয় কৰিছে ২০১২ আৰু ২০১৬ চনৰ টি-২০ বিশ্বকাপ জয়ী ৱেষ্ট ইণ্ডিজ দলৰ অংশ আছিল ৰাছেল

২০১৬ চনৰ টি২০ বিশ্বকাপৰ ছেমিফাইনেলত ৱেষ্ট ইণ্ডিজ ভাৰতৰ মুখামুখি হৈছিল এই মেচখনত অন্তিম সময়লৈ নিজৰ বিস্ফোৰক বেটিঙেৰে ভাৰতৰ মুখৰ পৰা জয় কাঢ়ি নিছিল ৰাছেলে মেচখনত ৰাছেলে আক্ৰমণাত্মক বেটিঙেৰে মাত্ৰ ২০টা বলতে ৪৩ ৰান সংগ্ৰহ কৰিছিল ৰাছেলৰ এই বেটিঙৰ বাবেই ছেমিত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ হৈছিল ভাৰতীয় দল