শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

লৰ্ডছত অধিনায়ক গিলৰ বাবেই পৰাস্ত হ’ল ভাৰত! কোনে উত্থাপন কৰিলে এই অভিযোগ?

লৰ্ডত টেষ্টত পৰাজয়ৰ পিছত এক সংবাদ মেলত ভাৰতীয় অধিনায়ক শুভমন গিল আৱেগিক হৈ পৰাৰ দৃশ্য সম্প্ৰতি যথেষ্ট চৰ্চিত হৈ পৰিছে। পিছে এতিয়া শুভমন গিলকে লৰ্ডছ টেষ্টত ভাৰতীয় দলৰ পৰাজয়ৰ কাৰণ হিচাপে বাখ্যা কৰিছে এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে।

লৰ্ডছত অধিনায়ক গিলৰ বাবেই পৰাস্ত হ’ল ভাৰত! কোনে উত্থাপন কৰিলে এই অভিযোগ?
লৰ্ডছত ভাৰতৰ পৰাজয়ৰ কাৰণ গিল!Image Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 17 Jul 2025 12:37 PM

ইংলেণ্ডৰ বিৰুদ্ধে বিগত লৰ্ডছ টেষ্টত যুঁজ দিও অন্তিম সময়ত পৰাজয়ৰ সন্মুখীন হয় ভাৰতীয় দল অন্তিম উইকেটৰ ৰূপত চিৰাজ দুৰ্ভাগ্যজনকভাৱে আউট হোৱা আৰু তাৰ পিছত ক্ৰীজত বহু সময়লৈ তেওঁ বহি ৰোৱাৰ দৃশ্য আৰু উইকেটৰ আনটো মূৰত এক যুঁজাৰু ইনিংছ খেলি অপৰাজিত হৈ ৰোৱা জেদাজাৰ বিষণ্ণ বদনে প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ হৃদয়ত তোলপাৰ লগায় এই দৃশ্য স্বাভাৱিকতেই প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীৰ মনত চিৰ প্ৰবাহিত হৈ

ইফালে মেচখনৰ পিছত এক সংবাদ মেলত ভাৰতীয় অধিনায়ক শুভমন গিল আৱেগিক হৈ পৰাৰ দৃশ্যও সম্প্ৰতি যথেষ্ট চৰ্চিত হৈ পৰিছেপিছে এতিয়া শুভমন গিলকে লৰ্ডছ টেষ্টত ভাৰতীয় দলৰ পৰাজয়ৰ কাৰণ হিচাপে বাখ্যা কৰিছে এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে এই আজৱ অভিযোগ তুলিছে ইংলেণ্ডৰ প্ৰাক্তন অল ৰাউণ্ডাৰ মঈন আলীয়ে

অৱশ্যে প্ৰাক্তন তাৰকাগৰাকীয়ে নিজ দাবীৰ সমৰ্থনত কিছু মন্তব্যও কৰিছে লৰ্ডছ টেষ্টত খেলপথাৰৰ মাজত দুয়োটা দলৰ খেলুৱৈসকল কেইবাবাৰো বাক বিতণ্ডাত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছিল পিছ পৰি ৰোৱা নাছিল অধিনায়ক গিলোবিশেষকৈ মেচৰ তৃতীয় দিনাৰ খেল সামৰণি পৰাৰ আগে আগে ইংলেণ্ডৰ অপেনাৰ জেক ক্ৰলিৰ সৈতে গিলৰ বাকবিতণ্ডাই যথেষ্ট চৰ্চা লাভ কৰিছিল

শুভমন গিলৰ এই আগ্ৰাসী মনোভাৱক বহুলোকে ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ সৈতেও তুলনা কৰা দেখা গৈছিল এসময়ত খেলপথাৰত কোহলীৰ আগ্ৰাসী শৈলী প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীৰে পৰিচিত এতিয়া গিলেও কোহলীৰ এই শৈলী গ্ৰহণ কৰা বুলি চৰ্চা চলিছিলপিছে এই অনুসৰণেই এতিয়া ভাৰতৰ পৰাজয়ৰ কাৰণ হৈ পৰা বুলি দাবী কৰিছে মঈন আলীয়ে

প্ৰাক্তন খেলুৱৈগৰাকীৰ মতে, খেলপথাৰত গিলৰ এই আক্ৰমণাত্মক আচৰণত বিৰাট কোহলীৰ ছাঁ দেখা গৈছে যদিও লৰ্ডছ টেষ্টৰ সময়ত গিলৰ এই আচৰণে ইংলেণ্ডক অধিক আগ্ৰাসী কৰি তুলিছিল ইতিপূৰ্বে ভাৰতৰে প্ৰাক্তন খেলুৱৈ সঞ্জয় মঞ্জৰেকাৰ আৰু মহম্মদ কাইফেও লৰ্ডছত গিলৰ এই পন্থাই, বিশেষকৈ জেক ক্ৰ’লি আৰু বেন ডাকেটৰ সৈতে তেওঁৰ মৌখিক বিবাদৰ ফল বিপৰীত হ’ব পাৰে বুলি শংকা প্ৰকাশ কৰিছিল।

এতিয়া মঈন আলীয়েও এনে এক মন্তব্যকে কৰিছে মঈন আলীয়ে এই সন্দৰ্ভত কয় যে গিলে হয়তো কোহলীক অনুসৰণ কৰি মেচখনত অধিক প্ৰতিযোগিতামূলক হ’বলৈ চেষ্টা কৰিছে এইক্ষেত্ৰত গিলৰ মনোভাৱ ঠিকেই আছিল যদিও সেই শৈলীয়ে মেচখনত ইংলেণ্ডৰ শ্ৰেষ্ঠত্ব উলিয়াই আনিলে বুলি মঈন আলীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

অৰ্থাৎ ভাৰতীয় অধিনায়ক শুভমন গিলৰ এই আক্ৰমণাত্মক মনোভাৱেই ইংলেণ্ডক মেচখনলৈ উভতাই অনা বুলি মঈন আলীয়ে এককথাত ইঙ্গিত প্ৰদান কৰিছেউল্লেখ্য যে লৰ্ডছ টেষ্টত ভাৰতে ১৯৩ ৰানৰ সহজ লক্ষ্য লাভ কৰিছিল যদিও বেটাৰৰ দুৰ্বল প্ৰদৰ্শন আৰু ইংলেণ্ডৰ বলাৰৰ সন্মিলিত আক্ৰমণত ১৭০ ৰানত থমকি ৰয় এইদৰে জয়ৰ কাষ চাপিও ২২ ৰানত পৰাজয়ৰ সন্মুখীন হয় ভাৰতীয় দল

ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজাই এক যুঁজাৰু মনোভাৱ প্ৰতিফলিত কৰি ১৮১টা বলত ৬১ ৰানৰ এক উচ্চপ্ৰচশংসিত অপৰাজিত ইনিংছ খেলে লৰ্ডছত জয়েৰে ইংলেণ্ডে ব্যৱধানত শৃংখলাত অগ্ৰগতি লাভ কৰে এতিয়া এই শৃংখলাৰ চতুৰ্থখন মেচ অহা ২৩ জুলাইৰ পৰা ল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত