কথাৰে নহয়, প্ৰদৰ্শনেৰে নিৰ্বাচকলৈ উচিত উত্তৰ ছামিৰঃ ফিটনেছৰ ক্ষেত্ৰত দেখা গ’ল এনে দৃশ্য
বিচিচিআইয়ে ছামিৰ দুৰ্বল ফিটনেছৰ দোহাই দি তেওঁক দলত স্থান দিয়া নাই বুলি উল্লেখ কৰিছে। কিন্তু বিচিচিআইৰ এই মতক মানিব বিচৰা নাই ছামিয়ে। মুকলিকৈয়ে তেওঁ বিচিচিআইৰ যুক্তি অস্বীকাৰ কৰিছে। এতিয়া ছামিয়ে নিজৰ প্ৰদৰ্শনেৰেও বিচিচিআই তথা নিৰ্বাচকৰ প্ৰতি যথোচিত উত্তৰ দিছে।

সীমিত অভাৰৰ শৃংখলাৰ বাবে ইতিমধ্যে অষ্ট্ৰেলিয়াত উপস্থিত হৈছে ভাৰতীয় ক্ৰিকেট দল। কাইলৈৰ পৰা দুয়োটা দলৰ মাজত আৰম্ভ হ’ব এদিনীয়া শৃংখলা। এই শৃংখলাৰ জৰিয়তে দীৰ্ঘদিনৰ মূৰকত ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটিছে দুই তাৰকা ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ। অৱশ্যে পুনৰবাৰ স্থান লাভৰ ক্ষেত্ৰত উপেক্ষিত হৈ ৰয় তাৰকা পেচাৰ মহম্মদ ছামি। শেহতীয়া সময়ছোৱাত অভিজ্ঞ পেচাৰগৰাকী ধাৰাবাহিকভাৱে সংবাদ শিৰোনামত আছে। এতিয়া ছামি পুনৰ এবাৰ চৰ্চাৰ শিৰোনাম হৈ পৰিছে।
ৰোহিত আৰু কোহলীৰ দৰে ছামিও বিগত সাত মাহ ধৰি ভাৰতীয় দলৰ পৰা বাহিৰত আছে। বিচিচিআইয়ে ছামিৰ দুৰ্বল ফিটনেছৰ দোহাই দি তেওঁক দলত স্থান দিয়া নাই বুলি উল্লেখ কৰিছে। কিন্তু বিচিচিআইৰ এই মতক মানিব বিচৰা নাই ছামিয়ে। মুকলিকৈয়ে তেওঁ বিচিচিআইৰ যুক্তি অস্বীকাৰ কৰিছে।
এতিয়া ছামিয়ে নিজৰ প্ৰদৰ্শনেৰেও বিচিচিআই তথা নিৰ্বাচকৰ প্ৰতি যথোচিত উত্তৰ দিছে। চলিত ২০২৫-২৬ বৰ্ষৰ ৰঞ্জী ট্ৰফীৰ প্ৰথম ৰাউণ্ডত বংগৰ সদস্য ছামিয়ে নিজৰ চমকপ্ৰদ বলিঙেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ইয়াৰ জৰিয়তে ছামিয়ে নিজৰ ফিটনেছো পুনৰ এবাৰ প্ৰমাণ কৰিছে।
মহম্মদ ছামিৰ হাতলৈ ৭টা উইকেট
উত্তৰাখণ্ডৰ বিৰুদ্ধে ৰঞ্জী মেচত মহম্মদ ছামিয়ে স্বভাৱসিদ্ধ প্ৰদৰ্শনেৰে দুয়োটা ইনিংছত মুঠ ৭টা উইকেট দখল কৰে। প্ৰথম ইনিংছত ১৪.৫ অভাৰ বলিং কৰি ছামিয়ে ৩৭ ৰানত ৩টা উইকেট দখল কৰে। ইয়াৰ পিছতে দ্বিতীয় ইনিংছতো মহম্মদ ছামিয়ে বিপক্ষৰ বেটাৰৰ সমুখত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে।
দ্বিতীয় ইনিংছত তেওঁ ২৪.৪ অভাৰ বলিং কৰি ৩৮ ৰানৰ বিনিময়ত ৪টা উইকেট দখল কৰে। মেচখনত এইদৰে প্ৰায় ৪০ অভাৰ বলিং কৰি ছামিয়ে নিজৰ ফিটনেছৰো প্ৰমাণ দিয়ে। এতিয়া আগন্তুক মেচসমূহত যদি ছামিয়ে নিজৰ ফিটনেছ আৰু ফৰ্ম বজাই ৰাখিব পাৰে, তেতিয়া ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটিবনে সেয়া হ’ব লক্ষণীয়।
ফিটনেছ বিতৰ্ক
লক্ষণীয়ভাৱে শেহতীয়াকৈ অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে দল ঘোষণা কৰাৰ পিছত নিৰ্বাচক অজিত আগাৰকাৰে ছামিৰ ফিটনেছ সন্দৰ্ভত তেওঁৰ হাতত কোনো তথ্য নাই বুলি উল্লেখ কৰিছিল। কিন্তু ছামিয়ে এনে মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। চাৰিদিনীয়া ক্ৰিকেট খেলিব পাৰিলে ৫০ অভাৰৰ ক্ৰিকেটো খেলিব পাৰিম বুলি স্পষ্টকৈ উল্লেখ কৰিছিল ছামিয়ে।