শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নিমন্ত্ৰণ ৰক্ষাৰে গৈছিল বন্ধুৰ ঘৰলৈ, পিছে খোৱা নহ’ল আহাৰ! পাকিস্তানৰ বৰ্বৰতাই প্ৰাণ কাঢ়িলে তিনি ক্ৰিকেটাৰৰ

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি নিশাৰ এই আহাৰত দলৰ আন কেইবাজনো খেলুৱৈয়ে যোগদান কৰাৰ কথা আছিল যদিও ভাগৰুৱা অনুভৱ কৰাৰ বাবে তেওঁলোক বন্ধুজনৰ ঘৰত উপস্থিত হোৱা নাছিল। অন্যথা এই আক্ৰমণৰ ফলত নিহত ক্ৰিকেটাৰৰ সংখ্যা বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছিল।

নিমন্ত্ৰণ ৰক্ষাৰে গৈছিল বন্ধুৰ ঘৰলৈ, পিছে খোৱা নহ’ল আহাৰ! পাকিস্তানৰ বৰ্বৰতাই প্ৰাণ কাঢ়িলে তিনি ক্ৰিকেটাৰৰ
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 19 Oct 2025 16:46 PM

শুকুৰবাৰে নিশা পাকিস্তানৰ ভয়াৱহ বিমান আক্ৰমণে জোকাৰি তোলে আফগানিস্তান। এই আক্ৰমণত তিনি আফগান ক্ৰিকেটাৰসহ ৮ জন ব্যক্তি নিহত হয়। পাক্তিকা প্ৰদেশত পাকিস্তানে চলোৱা এই আক্ৰমণত আফগানিস্তানৰ জনসাধাৰণ ক্ষুব্ধ হৈ পৰিছে। আক্ৰমণৰ পিছতে আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে পাকিস্তানৰ সৈতে খেলিবলগা ত্ৰিদেশীয় শৃংখলাত অংশ লোৱাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লয়। দেশখনৰ তাৰকা ক্ৰিকেটাৰসকলেও এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি আফগান ক্ৰিকেট ব’ৰ্ডৰ সিদ্ধান্তক আদৰণি জনায়।

সম্প্ৰতি পোহৰলৈ আহিছে আফগান ক্ৰিকেটাৰ কেইজনৰ মৃত্যুৰ সময়ৰ এক শোকাৱহ খবৰ। জানিব পৰা মতে, এই তিনিগৰাকী ক্ৰিকেটাৰ এগৰাকী বন্ধুৰ নিমন্ত্ৰণ অনুসাৰে নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল। কিন্তু আহাৰ গ্ৰহণৰ পূৰ্বেই পাকিস্তানে চলোৱা আক্ৰমণত প্ৰাণ হেৰুৱায় কাৰিব আঘা, হাৰুণ, ছিবগাতুল্লাহ নামৰ ক্ৰিকেটাৰকেইজনে।

কিদৰে মৃত্যু হ’ল তিনি ক্ৰিকেটাৰৰ?

পাক্তিকা প্ৰদেশত পাকিস্তানে চলোৱা বিমান আক্ৰমণত প্ৰাণ হেৰুৱায় আফগান ক্লাব ক্ৰিকেটৰ অংশ এই খেলুৱৈ তিনিজনে। মেচ সমাপ্ত হোৱাৰ পিছত তেওঁলোক এগৰাকী বন্ধুৰ নিমন্ত্ৰণমৰ্মে বন্ধুজনৰ ঘৰত নিশাৰ আহাৰ খাবলৈ গৈছিল। কিন্তু আহাৰ খোৱাৰ পূৰ্বেই খেলুৱৈকেইজনৰ মৃত্যু হয়। লক্ষণীয়ভাৱে এই ঘটনাত সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে আন কেইজনমান খেলুৱৈৰ।

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি নিশাৰ এই আহাৰত দলৰ আন কেইবাজনো খেলুৱৈয়ে যোগদান কৰাৰ কথা আছিল যদিও ভাগৰুৱা অনুভৱ কৰাৰ বাবে তেওঁলোক বন্ধুজনৰ ঘৰত উপস্থিত হোৱা নাছিল। অন্যথা এই আক্ৰমণৰ ফলত নিহত ক্ৰিকেটাৰৰ সংখ্যা বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছিল।

আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে জানিবলৈ দিয়া মতে, এই আক্ৰমণত উৰগুন জিলাৰ কাৰী আঘা, হাৰুণ, ছিবগাতুল্লাহকে ধৰি পাঁচজন লোকৰ প্ৰাণহানি হোৱাৰ লগতে আন ৭জন লোক আহত হয়। এইসকল খেলুৱৈয়ে ইতিপূৰ্বে পক্তিকা প্ৰদেশৰ ৰাজধানী শৰণাত এক প্ৰীতি ক্ৰিকেট মেচত অংশগ্ৰহণ কৰিছিল।

নিহত ক্ৰিকেটাৰসকলৰ নামত আয়োজন কৰা হ’ব প্ৰতিযোগিতা

ইফালে আফগানিস্তান ক্ৰিকেট ব’ৰ্ডৰ এগৰাকী বিষয়াই আক্ৰমণত নিহত এই ক্ৰিকেটাৰসকলৰ নামত এক ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ’ব পাৰে বুলি ইঙ্গিত দিছে। খেলুৱৈকেইজনৰ স্মৃতি ৰক্ষাৰ লগতে তেওঁলোকৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ ক্ষেত্ৰত এনে পদক্ষেপ প্ৰশংসনীয় হ’ব বুলি মত প্ৰকাশ কৰিছে অনুৰাগীসকলে।