শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এয়া লাজৰ বিষয়…বিৰাট-ৰোহিত অষ্ট্ৰেলিয়াত উপস্থিত হোৱাৰ পূৰ্বে কি ক’লে অধিনায়কে…

IND vs AUS: ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ৩খন এদিনীয়া মেচৰ শৃংখলা। এয়া বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ বাবে শেষৰখন শৃংখলা হ'ব পাৰে। যাৰ বাবে ক্ৰিকেট অনুৰাগীৰ নজৰ এই মেচত আছে।

এয়া লাজৰ বিষয়…বিৰাট-ৰোহিত অষ্ট্ৰেলিয়াত উপস্থিত হোৱাৰ পূৰ্বে কি ক’লে অধিনায়কে…
পেট কামিন্স-ৰোহিত শৰ্মাImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 15 Oct 2025 18:21 PM

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত খেলিব বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই। শৃংখলাৰ পূৰ্বে অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ অধিনায়ক পেট কামিন্সে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। এই দুই তাৰকা খেলুৱৈক চেল্যুট জনাই তেওঁ কয় যে, এটা বিশেষ কাৰণত তেওঁ দুখিত। পেট কামিন্সে কয়, দেওবাৰে পাৰ্থত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলা অতি বিশেষ, কাৰণ অষ্ট্ৰেলিয়াৰ অনুৰাগীৰ বাবে বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ আভাস পোৱা এয়াই শেষ সুযোগ।

তেওঁ কয় যে, বিৰাট কোহলি আৰু ৰোহিত শৰ্মা বিগত ১৫ বছৰ ধৰি ভাৰতীয় ক্ৰিকেট দলৰ অংশ হৈ আহিছে। সম্ভৱতঃ অষ্ট্ৰেলিয়াৰ অনুৰাগীৰ বাবে এয়াই শেষ সুযোগ য’ত তেওঁলোকে দুয়োকে অষ্ট্ৰেলিয়াৰ মাটিত খেলা দেখিবলৈ পাব।

পেট কামিন্সে নেখেলে

তেওঁ আৰু কয় যে, এই ছিৰিজত খেলিব নোৱাৰে বুলি তেওঁ হতাশ হৈছে। ভাৰতৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ শৃংখলা খেলিব নোৱাৰা এক লাজৰ বিষয় বুলি কয় তেওঁ। লগতে কয় যে, মই ভাবো এই খেলত বহু ভিৰ দেখা যাব। ইতিমধ্যে অষ্ট্ৰেলিয়াৰ অনুৰাগীৰ মাজত মাজত ইয়াক লৈ উত্তেজনা দেখা গৈছে। পেট কামিন্সে আৰু কয়, গতিকে যেতিয়া আপুনি কোনো মেচ মিছ কৰে তেতিয়া ই হতাশাজনক হ’ব পাৰে। কিন্তু এই ধৰণৰ ছিৰিজ মিছ কৰা অতি কঠিন। কামিন্সেৰ অনুপস্থিতি অষ্ট্ৰেলিয়াৰ বাবে ডাঙৰ আঘাত হ’ব পাৰে। কিয়নো ভাৰতীয় খেলুৱৈসকল এইবাৰ ফৰ্মত আছে।

উল্লেখ্য যে,  পেট কামিন্সৰ অনুপস্থিতিত মিচেল মাৰ্ছে এদিনীয়া দলটোৰ নেতৃত্ব দিব। এই সময়চোৱাক কামিন্সে দলটোক বিশেষ পৰামৰ্শ আগবঢ়াইছে। তেওঁ যুৱ খেলুৱৈসকলক গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়ে।

 

অন্য খবৰ পঢ়কঃ বাক্সাত ১৬৩ ধাৰা জাৰি প্ৰশাসনৰঃ কৰিব নোৱাৰে প্ৰতিবাদ, দিব নোৱাৰে শ্লোগান…বিভিন্ন দিশত নিষেধাজ্ঞা…