শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৱেষ্ট ইণ্ডিজৰ বিপক্ষে শৃংখলা জয়ৰ পিছতো বাহিৰ ৪ খেলুৱৈ! স্থান নাই ভাৰতীয় দলত

অহা ১৫ অক্টোবৰত সীমিত অভাৰৰ দ্বিপাক্ষিক শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব ভাৰতীয় দল। পিছে এই দলত দেখা নাযাব ৱেষ্ট ইণ্ডিজৰ বিপক্ষে শৃংখলাত থকা ৪ জন খেলুৱৈ। এই খেলুৱৈকেইজন কোন, চাওক।

ৱেষ্ট ইণ্ডিজৰ বিপক্ষে শৃংখলা জয়ৰ পিছতো বাহিৰ ৪ খেলুৱৈ! স্থান নাই ভাৰতীয় দলত
ভাৰতীয় ক্ৰিকেট দলImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 14 Oct 2025 18:10 PM

ৱেষ্ট ইণ্ডিজৰ বিপক্ষে দুখন মেচৰ টেষ্ট শৃংখলাত ক্লীপ ছুইপেৰে শৃংখলা দখল কৰিলে ভাৰতীয় দলে দৰ্শনীয় প্ৰদৰ্শনেৰে আজি ভাৰতীয় দলে শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টত কেৰিবিয়ান দলক উইকেটত পৰাস্ত কৰে টেষ্টত অধিনায়ক পদ লাভৰ পিছত এয়া শুভমন গিলৰ প্ৰথমটো টেষ্ট শৃংখলা জয়ৰ সাফল্য সমান্তৰালকৈ ঘৰুৱা পৰিৱেশত বিগত বৰ্ষত নিউজিলেণ্ডৰ বিপক্ষে টেষ্ট শৃংখলা হেৰুওৱাৰ পিছত ৱেষ্ট ইণ্ডিজৰ বিপক্ষে এই শৃংখলা জয় ভাৰতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে

এই শৃংখলা জয়ৰ পিছত এতিয়া সীমিত অভাৰৰ শৃংখলাৰ বাবে ভাৰতীয় দল অষ্ট্ৰেলিয়ালৈ ৰাওনা অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতে তিনিখন এদিনীয়া আৰু পাঁচখন মেচৰ টি-২০ শৃংখলা খেলিব। অহা ১৫ অক্টোবৰত এই শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব ভাৰতীয় দল। পিছে এই দলত দেখা নাযাব ৱেষ্ট ইণ্ডিজৰ বিপক্ষে শৃংখলাত থকা জন খেলুৱৈ

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষিত টি২০ তথা এদিনীয়া দলত এই জন খেলুৱৈয়ে স্থান লাভ কৰা নাই এই খেলুৱৈকেইজন হৈছে শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হোৱা ৰবীন্দ্ৰ জাদেজা, ছাই সুদৰ্শন, এন জগদীশন আৰু দেৱদত্ত পাড়িক্কাল। অৱশ্যে ৱেষ্ট ইণ্ডিজৰ বিপক্ষে ঘোষিত দলত অন্তৰ্ভুক্ত লেও জগদীশন আৰু পাড়িক্কালে মূল একাদশত স্থান লাভ কৰা নাছিল

জাদেজা আৰু সুদৰ্শন

তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই ইতিমধ্যে টি-২০ ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে যদিও এদিনীয়া দলত তেওঁক নিৰ্বাচিত কৰা হোৱা নাই। ইফালে, আই পি এলত উন্নত প্রদর্শন আগবঢ়াই আহিলেও ছাই সুদৰ্শনে টি-২০ বা এদিনীয়া কোনো এটা দলতে স্থান দখল কৰিবলৈ সক্ষম হোৱা নাই৷ ইফালে এই ভ্ৰমণত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ওপৰত সকলোৰে দৃষ্টি থাকিব।

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষিত ভাৰতীয় দল

এদিনীয়া দলঃ শুভমন গিল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, অক্ষৰ পেটেল, কে এল ৰাহুল, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰানা, মহম্মদ চিৰাজ, অৰ্শদীপ সিং, প্ৰসিধ কৃষ্ণ, ধ্ৰুৱ জুৰেল, যশস্বী জয়ছোৱাল।

টি-২০ দলঃ সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, শুভমন গিল, তিলক বাৰ্মা, নীতিশ কুমাৰ ৰেড্ডী, শিৱম ডুবে, অক্ষৰ পেটেল, জিতেশ শৰ্মা, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং, কুলদীপ যাদৱ, হৰ্ষিত ৰানা, সঞ্জু চেমচন, ৰিংকু সিং, ৱাশ্বিংটন সুন্দৰ।

ভাৰত-অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলাৰ সূচী

১৯ অক্টোবৰঃ প্ৰথম এদিনীয়া, পাৰ্থ

২৩ অক্টোবৰঃ দ্বিতীয় এদিনীয়া, এডিলেইড

২৫ অক্টোবৰঃ তৃতীয় এদিনীয়া, ছিডনী।

টি-২০ শৃংখলাৰ সূচী

২৯ অক্টোবৰঃ প্ৰথম টি২০, কেনবেৰা

৩১ অক্টোবৰঃ দ্বিতীয় টি২০, মেলবৰ্ণ

২ নৱেম্বৰঃ তৃতীয় টি২০, হোবাৰ্ট

৬ নৱেম্বৰঃ চতুৰ্থ টি২০, গোল্ড কোষ্ট

৮ নৱেম্বৰঃ পঞ্চম টি২০, ব্রিজবেন