শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আজি ভোগেশ্বৰ বৰুৱাৰ জন্মদিন, ৰাজ্যবাসীয়ে পালন কৰিছে অভিৰুচি ক্ৰীড়া দিৱস…

আজি অভিৰুচি ক্ৰীড়া দিৱস। অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱস।

আজি ভোগেশ্বৰ বৰুৱাৰ জন্মদিন, ৰাজ্যবাসীয়ে পালন কৰিছে অভিৰুচি ক্ৰীড়া দিৱস…
অভিৰুচি ক্ৰীড়া দিৱসImage Credit source: ChatGPT
manas-borah
Manas Borah | Updated On: 03 Sep 2025 08:13 AM

আজি ৩ ছেপ্টেম্বৰ। এই দিনটোতে অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্ম। ভোগেশ্বৰ বৰুৱা বুলি ক’লেই আমাৰ সকলোৰে আজিৰ দিনটোলৈ মনত পৰে। আচলতে আজি অভিৰুচি ক্ৰীড়া দিৱস। অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱস।

অভিৰুচি ক্ৰীড়া দিৱসৰ এই বিশেষ দিনটোত প্ৰতিগৰাকী ক্ৰীড়াপ্ৰেমী অসমীয়াই অৰ্জুন বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাক শ্ৰদ্ধাৰে স্মৰণ কৰে। ক্ৰীড়াবিদগৰাকীৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ৩ ছেপ্টেম্বৰ দিনটোত অসমবাসীয়ে তেওঁৰ জন্ম দিৱসটি ‘অভিৰুচি ক্ৰীড়া দিৱস’ হিচাপে পালন কৰি আহিছে।

১৯৮৪ চনত প্ৰথমবাৰৰ বাবে ৰাজ্যত পালন কৰা হৈছিল অভিৰুচি ক্ৰীড়া দিৱস। তেতিয়াৰ পৰা আজিৰ দিনটোলৈকে প্ৰতি বছৰে পালন কৰি অহা হৈছে এই ক্ৰীড়া দিৱসটি। অভিৰুচি ক্ৰীড়া দিৱসৰ অংশ হিচাপে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৌৰ, সাংস্কৃতিক অনুষ্ঠান আদি আয়োজন কৰা হয়। ইয়াৰ লগতে ক্ৰীড়া ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱা খেলুৱৈসকলক উৎসাহিত কৰাৰ বাবে বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়।

আজিৰ দিনটো ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাৰাথান দৌৰৰ লগতে বিভিন্ন কাৰ্যসূচীৰে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হৈছে। একে সময়ে চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানসমূহতো দেখা গৈছে ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ উপলক্ষে অভিৰুচি ক্ৰীড়া দিৱসৰ ব্যাপক আয়োজন। উল্লেখ্য যে, ১৯৪০ চনৰ ৩ ছেপ্টেম্বৰ তাৰিখে শিৱসাগৰত জন্ম ভোগেশ্বৰ বৰুৱাৰ।