শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আকৌ ক্ৰিকেট মেচৰ মাজতে খেল পথাৰত ওলাল সাপ, এই অৱশ্যে বৰ্ষাপাৰাত নহয় এই ঘটনা

খেল পথাৰত চলি আছিল শ্ৰীলংকা আৰু বাংলাদেশৰ প্ৰথম এদিনীয়া মেচ। দ্বিতীয় ইনিংছত বাংলাদেশে বেটিং কৰি থকাৰ সময়তে খেল পথাৰত ওলাল এটা সাপ। সাপ দেখি ভয়ত বিতত হৈ পৰে খেলুৱৈসকল।

আকৌ ক্ৰিকেট মেচৰ মাজতে খেল পথাৰত ওলাল সাপ, এই অৱশ্যে বৰ্ষাপাৰাত নহয় এই ঘটনা
খেল পথাৰত সাপImage Credit source: X handle
raj-saikia
Raj Saikia | Published: 03 Jul 2025 13:15 PM

ক্ৰিকেট মেচৰ সময়ত খেলপথাৰত সাপ ওলোৱা ঘটনা আপুনি নিশ্চয় শুনিছে। ২০২২ চনত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত এখন টি-২০ মেচৰ সময়ত খেল পথাৰত উদ্ধাৰ হৈছে এটা সাপ। এইবাৰ পুনৰ তেনে এক ঘটনা পোহৰলৈ আহিছে।

২ জুলাইৰ পৰা আৰম্ভ হৈছে শ্ৰীলংকা আৰু বাংলাদেশৰ মাজত তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলা। কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত আয়োজক দলটোৱে এক দৰ্শনীয় জয় লাভ কৰে। এই জয়েৰে শ্ৰীলংকাই এদিনীয়া শৃংখলাত ১-০ ৰ অগ্ৰগতি লাভ কৰিছে। কিন্তু খেলখনৰ সময়ত এক অদ্ভুত ঘটনা সংঘটিত হয়, যিয়ে খেলপথাৰত উপস্থিত থকা সকলোকে স্তম্ভিত কৰি তুলিলে।

বাংলাদেশৰ ইনিংছৰ সময়ত তৃতীয় অভাৰত খেলপথাৰত প্ৰৱেশ কৰে এটা সাপ। ইয়াৰ ফলত খেলুৱৈৰ মাজত হাহাকাৰ লাগে। সাপ ওলোৱাৰ পৰিপ্ৰেক্ষিতত মেচখন কিছু সময়ৰ বাবে বন্ধ কৰিবলগীয়া হৈছিল। সাপটো খেল পথাৰৰ পৰা উলিয়াই নিয়াৰ পিছত পুনৰ মেচ আৰম্ভ হয়। ছচিয়েল মিডিয়াত ক্ৰিকেট অনুৰাগীয়ে ইয়াক ‘ডাৰ্বি নগিন’ বুলি অভিহিত কৰিছে।

খেল পথাৰত ওলাল সাপ

প্ৰথমখন এদিনীয়া মেচত অধিনায়ক চৰিথ আছালংকাৰ দৰ্শনীয় শতক (১০৬ ৰান)ৰ পিছতো প্ৰথমে বেটিং কৰা শ্ৰীলংকাৰ দলটোৱে ৪৯.২ অভাৰত মাত্ৰ ২৪৪ ৰানহে কৰিবলৈ সক্ষম হৈছিল। এই লক্ষ্য অনুসৰণ কৰি বেটিং কৰিবলৈ অহা বাংলাদেশ দলৰ ইনিংছৰ সময়ত এক অদ্ভুত কাণ্ড সংঘটিত হয়, যাৰ ফলত কিছু সময়ৰ বাবে খেলখন স্থগিত ৰাখিবলগীয়া হয়। তৃতীয় অভাৰৰ তৃতীয় বলৰ সময়ত খেলপথাৰত দেখা যায় এটা সাপ।

এই সময়ছোৱাত অছিথা ফাৰ্নাণ্ডোৱে বলিং কৰি আছিল। সাপটো দেখি সকলো খেলুৱৈয়ে ভয় খাইছিল। যাৰ বাবে মেচখন কিছু সময়ৰ বাবে বন্ধ কৰিবলগীয়া হৈছিল। ইয়াৰ পিছত নিৰাপত্তাৰক্ষীয়ে কেনেবাকৈ সাপটোক খেলপথাৰৰ পৰা আঁতৰাই নিয়ে। এই সাপটোক ছচিয়েল মিডিয়াত ‘ডাৰ্বি নাগিন’ নামেৰে নামকৰণ কৰা হৈছে। যোৱা বছৰৰ আৰম্ভণিতেও একেখন খেল পথাৰত একেধৰণৰ কাণ্ড সংঘটিত হৈছিল।

শ্ৰীলংকা প্ৰিমিয়াৰ লীগৰ সময়তো খেলপথাৰত প্ৰৱেশ কৰিছিল সাপ

যোৱা বছৰ আৰ প্ৰেমাদাছা ষ্টেডিয়ামত শ্ৰীলংকা প্ৰিমিয়াৰ লীগৰ খেলৰ সময়ত খেলপথাৰত প্ৰৱেশ কৰিছিল সাপ। ইয়াৰ ফলত কিছু সময়ৰ বাবে খেল বন্ধ কৰিব লগা হৈছিল। মেচৰ সময়ত খেলপথাৰত সাপৰ প্ৰৱেশ কলম্বোত এক পৰম্পৰাত পৰিণত হৈছে।

গালে টেষ্ট মেচত সংঘটিত হয় এক অদ্ভুত ঘটনা

গালেত শ্ৰীলংকা আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্ট মেচৰ সময়ত দুটা সাপ আৰু এটা বান্দৰ লৈ মেচ চাবলৈ আহিছিল এজন সাপ নচুওৱা লোক। বাঁহী বজাই সাপক নিয়ন্ত্ৰণ কৰি তেওঁ শ্ৰীলংকা আৰু বাংলাদেশৰ মেচখন চাই আছিল। লোকজনে আলাসতে সাপ এটা হাতত লৈ আছিল। এই ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

প্ৰথমখন এদিনীয়া খেলৰ অৱস্থা কি আছিল?

২৪৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি সমগ্ৰ বাংলাদেশ দলটোৱে ৩৫.৫ অভাৰত মাত্ৰ ১৬৭ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে। বাংলাদেশৰ হৈ তাঞ্জীদ হাছান (৬২) আৰু জাকিৰ আলীয়ে (৫১) অৰ্ধশতকৰ ইনিংছ খেলিলেও দলটোক জয়ী কৰিব নোৱাৰিলে। শ্ৰীলংকাই বাংলাদেশক ৭৭ ৰানত পৰাস্ত কৰি ১-০ ৰ অগ্ৰগতি লাভ কৰে।