শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিশ্বকাপজয়ী অধিনায়কৰ স্থান হ’ব কাৰাগাৰ! দুৰ্নীতিৰ অভিযোগত ভুগিব লাগিব শাস্তি

বিশ্বকাপ জয়েৰে দেশবাসীৰ চকুত নায়ক হৈ পৰা এগৰাকী প্ৰখ্যাত তাৰকা হৈ পৰিছে অপৰাধী। আনকি তেওঁ এতিয়া কাৰাৰুদ্ধ হ’বলগা পৰিস্থিতিৰো সৃষ্টি হৈছে। পিছে কোন এইগৰাকী বিশ্বকাপজয়ী অধিনায়ক। জানিবলৈ পঢ়ক এই লেখা।

বিশ্বকাপজয়ী অধিনায়কৰ স্থান হ’ব কাৰাগাৰ! দুৰ্নীতিৰ অভিযোগত ভুগিব লাগিব শাস্তি
কাৰাগাৰলৈ যাব বিশ্বকাপজয়ী অধিনায়কImage Credit source: Michael Dodge-ICC/ICC via Getty Images
monjit-dutta
Monjit Dutta | Updated On: 16 Dec 2025 14:00 PM

ক্ৰিকেট জনপ্ৰিয় দেশসমূহত ক্ৰিকেটাৰসকলৰ আছে বিশেষ জনপ্ৰিয়তা। তাতে বিশ্বকাপজয়ী অধিনায়ক হ’লে সেই ক্ৰিকেটাৰগৰাকী দেশবাসীৰ চকুত হৈ পৰে নায়ক। পিছে এতিয়া বিশ্বকাপ জয়েৰে দেশবাসীৰ চকুত নায়ক হৈ পৰা এগৰাকী প্ৰখ্যাত তাৰকা হৈ পৰিছে অপৰাধী। আনকি তেওঁ এতিয়া কাৰাৰুদ্ধ হ’বলগা পৰিস্থিতিৰো সৃষ্টি হৈছে। এই ক্ৰিকেটাৰগৰাকী আন কোনো নহয়, তেওঁ হৈছে ১৯৯৬ চনৰ ক্ৰিকেট বিশ্বকাপজয়ী শ্ৰীলংকান অধিনায়ক অৰ্জুনা ৰানাতুংগা। দুৰ্নীতিৰ অভিযোগত তেওঁ কাৰাগাৰৰ শাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে।

ৰানাতুংগাই শ্ৰীলংকা চৰকাৰত পেট্ৰলিয়াম উদ্যোগ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ৰ পৰাই তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আহিছিল। এই অভিযোগত অৰ্জুনা ৰানাতুংগাৰ উপৰিও তেওঁৰ জ্যেষ্ঠ ভাতৃ ডাম্মিকাকো দোষী সাব্যস্ত কৰা হৈছে। এনে কেলেংকাৰীৰ সময়ত ডাম্মিকা চিলন পেট্ৰলিয়াম কৰ্পৰেশ্যনৰ অধ্যক্ষ আছিল।

জ্যেষ্ঠ ভাতৃৰ পিছত এতিয়া ৰানাতুংগাৰ পাল

সোমবাৰে আৰক্ষীয়ে ৰানাতুংগাৰ জ্যেষ্ঠ ভাতৃ ডাম্মিকাক গ্ৰেপ্তাৰ কৰি দুৰ্নীতিৰ অভিযোগত কাৰাগাৰলৈ প্ৰেৰণ কৰে। অৱশ্যে পিছত তেওঁ জামিন লাভ কৰে। ডাম্মিকাৰ ওপৰত ভ্ৰমণ নিষেধাজ্ঞা জাৰি কৰা হৈছে। অৰ্থাৎ আদালতৰ নিৰ্দেশ অবিহনে তেওঁ নিজ চহৰ এৰিব নোৱাৰিব। এই গোচৰৰ পৰৱৰ্তী শুনানি ২০২৬ চনৰ ১৩ মাৰ্চত অনুষ্ঠিত হ’ব।

দুৰ্নীতি তদন্ত আয়োগে প্ৰকাশ কৰা অনুসৰি ২০১৭ চনত চৰকাৰী মালিকানাধীন চিলন পেট্ৰলিয়াম কৰ্প’ৰেশ্যনৰ খাৰুৱা তেল ক্ৰয়ৰ ক্ষেত্ৰত অবৈধ নিবিদা দিয়াৰ অপৰাধত ৬৩ বছৰীয়া ডাম্মিকাক গ্ৰেপ্তাৰ কৰা হৈছিল। তদন্ত আয়োগে উল্লেখ কৰা মতে ডাম্মিকাৰ অবৈধ প্ৰভাৱৰ ফলত চিলন পেট্ৰলিয়াম কৰ্প’ৰেশ্যনৰ ৮০ কোটি শ্ৰীলংকা টকাৰ লোকচান হয়।

এই গোচৰৰ তদন্ত চলাই থকা দুৰ্নীতি আয়োগে কলম্বোৰ আদালতত ডাম্মিকাৰ কনিষ্ঠ ভাতৃ অৰ্জুনা ৰানাতুংগা এই গোচৰৰ দ্বিতীয় অভিযুক্ত আৰু বৰ্তমান তেওঁ দেশৰ বাহিৰত আছে বুলি অৱগত কৰে। গতিকে দেশলৈ ঘূৰি অহাৰ লগে লগে গ্ৰেপ্তাৰ কৰা হ’ব বিশ্বকাপজয়ী অধিনায়ক অৰ্জুনা ৰানাতুংগাক।

দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত তীব্ৰতৰ

২০২৪ চনত শ্ৰীলংকাত অনুৰা কুমাৰ দিছানায়কে নেতৃত্বাধীন নতুন চৰকাৰ গঠন হৈছিল। দিছানায়কে চৰকাৰে দেশবাসীক দুৰ্নীতিৰ অন্ত পেলোৱাৰ প্ৰতিশ্ৰুতি দিছে। এতিয়া অৰ্জুন ৰানাতুংগা আৰু তেওঁৰ ভাতৃৰ বিৰুদ্ধে চলি থকা গোচৰ বৰ্তমান চৰকাৰৰ দুৰ্নীতি বিৰোধী অভিযানৰে ফল। লক্ষণীয়ভাৱে ইতিপূৰ্বে অৰ্জুনা ৰানাতুংগাৰ ভাতৃ প্ৰসন্নকো বীমা জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল।