কিশোৰ চাঞ্চল্য বৈভৱলৈ প্ৰতিভাৰ ৰাষ্ট্ৰীয় স্বীকৃতি, ৰাষ্ট্ৰপতিৰ হাতৰ পৰা গ্ৰহণ কৰিলে সৰ্বোচ্চ সন্মান
দেশৰ ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা বিজয় হাজাৰে ট্ৰফীত আজি নিজৰ লীগ মেচত নামিছে বৈভৱৰ দল বিহাৰ। প্ৰতিযোগিতাত নিজৰ প্ৰথমখন মেচত বিহাৰক এক শক্তিশালী আৰম্ভণই দিছিল বৈভৱে। কিন্তু দ্বিতীয়খন মেচত আজি বৈভৱে প্ৰতিনিধিত্ব কৰিব পৰা দলক। কিয়নো সন্মান গ্ৰহণৰ বাবে আজি দিল্লীত উপস্থিত আছে বৈভৱ।
দেশৰ কিশোৰ ক্ৰিকেট চাঞ্চল্য বৈভৱ সূৰ্যবংশী এতিয়া সমগ্ৰ ক্ৰিকেট বিশ্বত এতিয়া এক চৰ্চিত নাম। নিজৰ অসামান্য প্ৰতিভাৰে ক্ৰীজত নিত্য নতুন কৃতিত্ব অৰ্জনেৰে বৈভৱে ইতিমধ্যেই ক্ৰিকেট জগতত খলকনি তুলিছে। বিস্ফোৰক বেটিং শৈলীৰে মাত্ৰ ১৪ বছৰ বয়সতে বৈভৱে গঢ়িছে অসংখ্য অভিলেখ। খেলপথাৰত এনে উল্লেখনীয় সফলতাৰ সুবাদত এতিয়া ভাৰত চৰকাৰৰ স্বীকৃতি লাভ কৰিছে বৈভৱ সূৰ্যবংশীয়ে। দেশৰ সৰ্বোচ্চ শিশু বঁটা ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ’-ৰে সন্মানিত হৈছে এই কিশোৰ তাৰকাগৰাকী।
ৰাষ্ট্ৰপতিৰ হাতৰ পৰা সন্মান গ্ৰহণ
দেশৰ ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা বিজয় হাজাৰে ট্ৰফীত আজি নিজৰ লীগ মেচত নামিছে বৈভৱৰ দল বিহাৰ। প্ৰতিযোগিতাত নিজৰ প্ৰথমখন মেচত বিহাৰক এক শক্তিশালী আৰম্ভণই দিছিল বৈভৱে। কিন্তু দ্বিতীয়খন মেচত আজি বৈভৱে প্ৰতিনিধিত্ব কৰিব পৰা দলক। কিয়নো সন্মান গ্ৰহণৰ বাবে আজি দিল্লীত উপস্থিত আছে বৈভৱ।
কিশোৰ তাৰকাগৰাকীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতৰ পৰা এই সন্মান গ্ৰহণ কৰে। প্ৰতি বছৰৰ দৰে এইবাৰো দেশৰ বিভিন্ন প্ৰান্তৰ কিশোৰ-কিশোৰী তথা শিশুক ভিন্ন ক্ষেত্ৰত দেখুওৱা কৃতিত্বৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে।
বিহাৰৰ সমস্তীপুৰৰ সন্তান বৈভৱক ক্ৰিকেট জগতত অসাধাৰণ প্ৰদৰ্শনৰ বাবে এই বঁটাৰে সন্মানিত কৰা হয়। আই পি এলৰ ইতিহাসত আটাইতকৈ কম বয়সীয়া খেলুৱৈ আৰু দ্ৰুততম শতক অৰ্জনকাৰী ভাৰতীয় খেলুৱৈ হিচাপে বৈভৱক এই বঁটা প্ৰদান কৰা হয়। কমলা ৰঙৰ ব্লেজাৰ আৰু বগা কুৰ্তা-পাইজামা পৰিধান কৰি বৈভৱে ৰাষ্ট্ৰপতি মুৰ্মুৰ পৰা বঁটা গ্ৰহণ কৰে।
বৈভৱৰ ভাতৃৰ গৌৰৱ প্ৰকাশ
বৈভৱৰ এই স্বীকৃতিয়ে তেওঁৰ পৰিয়ালকো গৌৰৱান্বিত কৰি তুলিছে। তেওঁৰ ভাতৃয়ে নিঃসংকোচে এই সুখকৰ মুহূৰ্ত সকলোৰে সৈতে শ্বেয়াৰ কৰিছে। বৈভৱৰ জ্যেষ্ঠ ভাতৃ উজ্জ্বল সূৰ্যবংশীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত বৈভৱৰ বঁটা গ্ৰহণৰ ফটো পোষ্ট কৰি লিখিছে, “এয়া আমাৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। আজি আমাৰ দেশৰ ৰাষ্ট্ৰপতিয়ে বৈভৱক শিশু বঁটাৰে সন্মানিত কৰে। আমাৰ ৰাষ্ট্ৰপতিয়েও বৈভৱক প্ৰশংসা কৰে।”