বিল্বেশ্বৰ দেৱালয়ত কিয় দুৰ্গা পূজাত দেৱীৰ মৃণ্ময় মূৰ্তিৰ পূজা নহয়? জানক দেৱালয়ৰ ৰহস্য আৰু ইতিহাস
Billeswar Devalaya: অসমৰ পৌৰাণিক মন্দিৰ-দেৱালয়সমূহৰ ভিতৰত অন্যতম বিল্বেশ্বৰ দেৱালয়। এই দেৱালয়ৰ আঁৰত আছে বহু ৰহস্য আৰু ইতিহাস। আজি সবিশেষ জানো আহক...

পঞ্চাঙৰ তথ্য অনুসৰি শাৰদীয় নৱৰাত্ৰি এই বছৰৰ ২২ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হৈছে। এইবাৰ দশেৰা ২ অক্টোবৰত উদযাপন কৰা হ’ব। শাৰদীয় নৱৰাত্ৰি হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ উৎসৱ, যিটো দেৱী দুৰ্গাক উৎসৰ্গিত কৰা হয়। এই নৱৰাত্ৰিত ৯ দিনে দেৱীৰ ৯ টা বিভিন্ন ৰূপৰ পূজা কৰা হয়। দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত নৱৰাত্ৰিৰ পৰা আৰম্ভ কৰি দুৰ্গা পূজা আনন্দ মনেৰে পালন কৰা হয়। ইতিমধ্যে সাজু হৈ উঠিছে মা দুৰ্গাৰ মৃন্ময় মূৰ্তি। কিন্তু ৰাজ্যৰ এনেকুৱা কিছুমান দেৱী মন্দিৰ বা দেৱালয় আছে য’ত দুৰ্গা পূজাত কোনোধৰণৰ দেৱীৰ মৃন্ময় মূৰ্তিৰ পূজা নকৰে। আজি তেনে এক মন্দিৰৰ বিষয়ে জানো আহক…
নলবাৰীৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয় হৈছে তেনে এক প্ৰাচীন মন্দিৰ। নলবাৰী চহৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ পশ্চিমৰ বেলশৰত শ্ৰী শ্ৰী বিল্বেশ্বৰ দেৱালয় অৱস্থিত। এই দেৱালয়ৰ মাটিৰ পৰিমাণ ৫,২৮০ বিঘা ১৪ লেচা।
মন্দিৰৰ ৰহস্য
মন্দিৰটো প্ৰতিষ্ঠাৰ আঁৰত কিছু জনশ্ৰুতি শুনা যায়। অতি প্ৰাচীন কালত ৰূপ নাৰায়ণ নামৰ এজন ব্ৰাহ্মণৰ ঘৰত এজনে কপিলী গাই আছিল। ব্ৰাহ্মণে ঘৰত গাইজনীৰ পৰা গাখীৰ নাপায়। কিন্তু ওচৰৰে টিলা এটাত থকা বিৰিণা এজোপাৰ ওচৰত তাইৰ ওহাৰৰ পৰা আপোনা-আপুনি গাখীৰ ওলাবলৈ ধৰে। ব্ৰাহ্মণে এদিন ওচৰ-চুবুৰীয়াৰ সৈতে সেই মাটিখিনি খান্দি চালে আৰু মাটিৰ তলত এক শিৱলিংগ আৱিষ্কাৰ কৰিলে। কোৰেৰে খান্দোতে হেনো লিংগটোৰ এফাল এৰাই গৈছিল। এতিয়াও তেনে অৱস্থাতে লিংগটো দেখা যায়। লৌহিত্য বংশৰ নাগাক্ষ বা নাগশংকৰ ৰজাই সেই কথা গম পাই হাতী লগাই শিৱলিংগটো উলিয়াব খুজিলে। কিন্তু বিফল হোৱাত তেওঁ তাতে এখন দেৱালয় সাজি দিলে। শিৱ বিৰিণাৰ তলত উদ্ধাৰ হোৱা বাবে কোৱা হয় বিৰিণাৰ ঈশ্বৰ- বিন্নেশ্বৰ, ক্ৰমে অপভ্ৰংশ হৈ বিল্বেশ্বৰ আৰু বেলশৰ হয়। নাগাক্ষ ৰজাই সজোৱা জামুগুৰিৰ ওচৰৰ নাগশংকৰ মন্দিৰৰ নিৰ্মাণ কৌশলৰ লগত এই দেৱালয়ৰ সাদৃশ্য আছে। আনহাতে কিছু পণ্ডিতে দ্বিতীয় শতিকাৰ নাগাংক ৰজাইহে বিল্বেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল বুলি মত প্ৰকাশ কৰিছে। পালবংশীয় ৰজা ধৰ্মপালে (১০০০-১০১৫) এই দেৱালয়ৰ যথেষ্ট উন্নতি সাধন কৰিছিল। দেৱালয়ৰ চৌহদৰ দেৱান পুখুৰীটো কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ চিলাৰায় দেৱানে খন্দোৱা। আনহাতে আহোম ৰজাসকলেও দেৱালয়খনক সমৃদ্ধিশালী হিচাপে গঢ়ি তুলিছিল।
মৃন্ময় মূৰ্তিৰ কিয় পূজা নকৰে?
হিন্দু ধৰ্মৰ শৈৱ, শাক্ত, বৈষ্ণৱ আদি আটাইবোৰ শাখাৰ প্ৰভাৱ পৰাৰ ফলস্বৰূপে বিল্বেশ্বৰ দেৱালয়ত বিভিন্ন ধৰণৰ উৎসৱ তথা পূজাৰ প্ৰাদুৰ্ভাৱ লক্ষ্য কৰা যায়। এই দেৱালয়ত হাঁহ, পাৰ, ম’হ, ছাগলী, কোমোৰা আদি বলি বিধানৰ প্ৰথা অতি প্ৰাচীন। দুৰ্গা পূজাৰ মহানৱমীৰ দিনা ম’হ বলি দিয়া হয়। বিল্বেশ্বৰ দেৱালয়ত প্ৰতিমাৰ পৰিৱৰ্তে নৱপত্ৰিকাত পূজা কৰা হয়। বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজা হয় যদিও ইয়াৰ পূজাৰ দেৱী মৃণ্ময় মূৰ্তি নহয়। এডাল কলগছৰ কাণ্ড অংশক সুশোভিত বস্ত্ৰ, আ-অলংকাৰেৰে সজাই দেৱী মূৰ্তিৰূপে পূজা-অৰ্চনা কৰা হয়। এই ধৰণৰ পূজাৰ ধাৰা দেৱালয়খনৰ এক বিশেষ পৰম্পৰা, যাৰ মাধ্যমেৰে দেৱীৰ আধ্যাত্মিক ৰূপক পূজা কৰা হয়। এই দেৱালয়ত দুৰ্গা পূজাত বলি-বিধানৰো পৰম্পৰা আছে। বলি বিধান কাৰ্যৰ সৈতে জড়িত ব্যক্তিসকল প্ৰতিপদৰ পৰাই ব্ৰত পালন কৰে।