শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Ambubachi Mela 2025: অম্বুবাচী মানে কি? জানক অম্বুবাচীৰ সময়ত কি কৰিব আৰু কি নকৰিব

অম্বুবাচী হিন্দুধৰ্মৰ এক বছেৰেকীয়া উৎসৱ। জনবিশ্বাস মতে আহাৰ মাহত মৃগ শিৰা নক্ষত্ৰৰ তিনি পদ শেষ হ’লে চতুৰ্থ পাদৰপৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয়। আজি জানো আহক এই সময়চোৱাত কি কি কৰিব আৰু কি কি নকৰিব...

Ambubachi Mela 2025: অম্বুবাচী মানে কি? জানক অম্বুবাচীৰ সময়ত কি কৰিব আৰু কি নকৰিব
অম্বুবাচীৰ সময়ত কি কৰিব আৰু কি নকৰিবImage Credit source: PTI
barasha-misra
Barasha Misra | Updated On: 03 Jun 2025 12:35 PM

অম্বুবাচী মেলালৈ মাজত মাত্ৰ কেইটামান দিন বাকী । এইবাৰ ২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যা ধামত মহা অম্বুবাচী মেলা। নীলাচলৰ বুকুত চলিব অম্বুবাচী মেলাৰ ব্যাপক আয়োজন। মা কামাখ্যাত অম্বুবাচী যোগৰ সময়ত হোৱা মেলাক অম্বুবাচী মেলা বুলি কোৱা হয়। এই সময়চোৱাত শক্তিপীঠত দেশ-বিদেশৰ সাধু-সন্তই আহি চৌদিশে কৰিব মা-কামাখ্যাৰ জয়ধ্বনি। এইবাৰ ২২ জুনৰ দুপৰীয়া ২.৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি। আনহাতে ২৬ জুনৰ পুৱতি নিশা ৩ বজাত অম্বুবাচীৰ নিবৃত্তি।

অম্বুবাচী কি?

অম্বুবাচী হিন্দুধৰ্মৰ এক বছেৰেকীয়া উৎসৱ। জনবিশ্বাস মতে আহাৰ মাহত মৃগ শিৰা নক্ষত্ৰৰ তিনি পদ শেষ হ’লে চতুৰ্থ পাদৰপৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয়। এই সময়ত সেয়ে হিন্দুসকলে অম্বুবাচী পালন কৰে। বিশ্বাস অনুসৰি অম্বুবাচীৰ জৰিয়তে পৃথিৱীৰ উৰ্বৰতা বৃদ্ধি কৰে আৰু ইয়াক উৎপাদনক্ষম কৰি তোলে। এই সময়ছোৱাত বিধৱা, ব্ৰহ্মচাৰী আৰু ব্ৰাহ্মিণ সকলেও ৰন্ধা-বঢ়া বন্ধ ৰাখে। চতুৰ্থ দিনা অৰ্থাত্ অম্বুবাচী সমাপ্ত হোৱাৰ দিনা ঘৰৰ সকলো বাচন-বৰ্তন, কাপোৰ আদি ধুই পেলোৱা হয় আৰু সেইবোৰত শান্তি পানী চটিওৱা হয়, এই সকলো শুদ্ধিৰ কাম কৰাৰ পাছত আৰু প্ৰয়োজনীয় ৰীতি নীতি সমূহ সম্পূৰ্ণ কৰি কামাখ্যা দেৱীক প্ৰাৰ্থনা কৰা হয়। এই সকলোবোৰৰ পাছত মঠ-মন্দিৰত প্ৰৱেশ কৰাটো শুভ বুলি জ্ঞান কৰা হয়।

অম্বুবাচীৰ নিয়ম

অম্বুবাচীৰ প্ৰথম তিনিদিন চুৱা, চতুৰ্থদিনা শুদ্ধি বুলি কোৱা হয় ৷ অম্বুবাচী সমগ্ৰ উত্তৰ-পূব ভাৰততে পালন কৰা হয়৷ অম্বুবাচীৰ সময়ছোৱাত হাল বোৱা, কোনো ধৰণৰ মাংগলিক কাৰ্য সম্পন্ন কৰা নহয় ৷ এই সময়ছোৱাত মঠ-মন্দিৰৰ দুৱাৰসমূহ বন্ধ থাকে ৷ ঘৰুৱা নীতি নিয়মৰ ক্ষেত্ৰত, মাটিত কোনোধৰণৰ আচাৰ বা টেঙাজাতীয় সামগ্ৰী, লগতে লোহাৰ সামগ্ৰী ৰখা নহয়।

অম্বুবাচীৰ সময়ত কি কি কৰিব?

  • অম্বুবাচীৰ সময়ত ভক্তসকলে ধ্যান কৰি মনোকামনা পূৰ্ণ কৰিব পাৰে।
  • অম্বুবাচীৰ সময়ত দেৱী মন্দিৰৰ বাহিৰৰ পৰা দৰ্শন কৰিব লাগে।
  • কামাখ্যালৈ গৈ সাধু-সন্যাসীসকলক ফল-মূল দান দিব পাৰে।
  • অম্বুবাচীৰ সময়ত দুখীয়া লোকসকলক সহায় কৰক।
  • এই সময়চোৱাত এৱা গাখীৰ খালে সৰ্প ভয় নাথাকে।
  • অম্বুবাচীৰ সময়ত গাখীৰ আৰু আম খালে বছৰটোৰ সকলো বাধা আঁতৰি যায়।

অম্বুবাচীৰ সময়ত কি কি কৰিব?

  • অম্বুবাচীৰ চাৰিদিনত আমিষ খাদ্য খাব নালাগে।
  • অম্বুবাচীৰ সময়ছোৱাত হাল বোৱা, কোনো ধৰণৰ মাংগলিক কাৰ্য সম্পন্ন নকৰিব ৷
  • অম্বুবাচীৰ সময়ত মন্দিৰৰ দুৱাৰ বন্ধ ৰাখক আৰু দেৱীৰ মূৰ্তিৰ মুখ দৰ্শন নকৰিব।
  • এই সময়ত ঘৰৰ দেৱীৰ প্ৰতিমাক ৰঙা কাপোৰেৰে ঢাকি ৰাখক।
  • অম্বুবাচীত বৃক্ষৰোপণ আৰু খনন কাৰ্যও কৰিব নালাগে।
  • এই সময়চোৱাত ঘৰ-মাটি ক্ৰয়-বিক্ৰয় নকৰিব।